নগাঁৱত কৃষক প্ৰশিক্ষণ শিবিৰ...

শিবিৰত নগাঁৱৰ কেইবজনো স্বীকৃতিপ্ৰাপ্ত আদৰ্শ কৃষকে অংশগ্ৰহণ কৰে

author-image
Asomiya Pratidin
New Update
নগাঁৱত কৃষক প্ৰশিক্ষণ শিবিৰ...

নগাঁৱত কৃষক প্ৰশিক্ষণ শিবিৰ

ডিজিটেল সংবাদ , বেবেজীয়াঃ এক্সছেচ ডেপলপমেণ্ড ছাৰ্ভিছেছৰ উদ্যোগত আৰু মাষ্টাৰ কাৰ্ড ফাউণ্ডেশ্যনৰ সহযোগত মঙলবাৰে নগাঁও নতুন বজাৰস্থ বিদিশা হোটেলত এখন এদিনীয়া কৃষকৰ কৰ্মশালা অনুষ্ঠিত কৰে। উক্ত কৰ্মশালাত নগাঁও জিলাৰ ৭ টা ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইশ্যন চমুকৈ (এফ পি অ)ৰ ৫০ গৰাকী কৃষকক প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে গাইড বুক প্ৰদান কৰে।

Advertisment

প্ৰশিক্ষণত ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইশ্যনৰ অধিনস্থ কৃষক সকলে উৎপাদিত কৃষিজাত সামগ্ৰীৰ বিক্ৰীৰ সুবিধা, প্ৰকৃত মূল্য লাভৰ ব্যৱস্থা, আৰু কৃষি সামগ্ৰীৰ ব্যৱসায় বাবে ঋণৰ ব্যৱস্থা কেনেদৰে লাভ কৰিব পাৰিব তাৰ ওপৰত বিতংকৈ আলোচনা কৰে। প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষক হিচাপে ফাৰ্মাৰ প্ৰডিওচাৰ অৰ্গেনাইশ্যনৰ জেষ্ঠ্য প্ৰবন্ধক ড০ ৰিংকু দাস আৰু প্ৰবন্ধক প্ৰদীপ পাৰমাণিক উপস্থিত থাকে। শিবিৰত নগাঁৱৰ কেইবজনো স্বীকৃতিপ্ৰাপ্ত আদৰ্শ কৃষকে অংশ গ্ৰহণ কৰে।

আৰু পঢ়কঃ চমুৱা গাঁৱৰ প্ৰাক্তন শিক্ষক,সমাজকৰ্মী ডিম্বেশ্বৰ বৰ্মনৰ বিয়োগ

assam nagaon