চমুৱা গাঁৱৰ প্ৰাক্তন শিক্ষক,সমাজকৰ্মী ডিম্বেশ্বৰ বৰ্মনৰ বিয়োগ

নগাঁও জিলাৰ বেবেজীয়াৰ নিকটৱৰ্তী চমুৱাগাঁৱৰ প্ৰাক্তন শিক্ষক,পাঠেক,আদৰ্শ কৃষক ডিম্বেশ্বৰ বৰ্মন(৮৯)ৰ মঙলবাৰে পুৱা প্ৰায় দহ বজাত নিজা বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে ।
সমাজকৰ্মী ডিম্বেশ্বৰ বৰ্মনৰ বিয়োগ
সমাজকৰ্মী ডিম্বেশ্বৰ বৰ্মনৰ বিয়োগ

ডিজিটেল সংবাদ , বেবেজীয়াঃ নগাঁও জিলাৰ বেবেজীয়াৰ নিকটৱৰ্তী চমুৱাগাঁৱৰ প্ৰাক্তন শিক্ষক,পাঠেক,আদৰ্শ কৃষক ডিম্বেশ্বৰ বৰ্মন (৮৯)ৰ মঙলবাৰে পুৱা প্ৰায় ১০ বজাত নিজা বাসগৃহত বাৰ্দ্ধক্যজনিত কাৰণত পৰলোকপ্ৰাপ্তি ঘটে । কুঁজীডাঁহৰ জয়ধন বৰা উচ্চ মাধ্যমিক বিদ্যালয়ত কিছুদিন বিনা বেতনে শিক্ষকতা কৰা প্ৰয়াত বৰ্মন অঞ্চলটোৰ নামঘৰ,স্কুল আদিকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল।

নিজকে কৃষি কাৰ্যত মনোনিবেশ কৰিবলৈকে শিক্ষকতাৰ বৃত্তি ত্যাগ কৰা সৰবৰহী ব্যক্তিগৰাকীয়ে পৰৱৰ্তী সময়ত নিজকে এগৰাকী সফল কৃষক হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল । মৃত্যুৰ সময়ত তেওঁ পত্নীৰ উপৰিও দুই পুত্ৰ, দুগৰাকী জীয়ৰী, নাতি-নাতিনী আদিক এৰি থৈ যায় । দুপৰীয়া চমুৱাগাঁৱৰ শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰে।

আৰু পঢ়কঃ মেঘালয়লৈ নাযাব! গুলীয়াগুলীত মৃত্যু ৬ জনৰ, বন্ধ কৰি দিয়া হৈছে ইন্টাৰনেট আৰু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in