/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/12f7e830-35d9-42e3-a8d9-521da5a33011/kobita.jpg)
"কলঙৰ অমিতাভ ঢৌ" উন্মোচন
ডিজিটেল সংবাদ,বেবেজীয়াঃ বিশিষ্ট লেখক তথা প্ৰাক্তন উপায়ুক্ত চন্দ্ৰমোহন কাকতিৰ নৱতম গ্ৰন্থ "কলঙৰ অমিতাভ ঢৌ" দেওবাৰে নগাঁৱত উন্মোচন কৰে । নগাঁও মহাবিদ্যালয়ৰ সাহিত্যচাৰ্য যজ্ঞেশ্বৰ শৰ্মা সভাকক্ষত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ সভাত বৃহৎ কলেবৰৰ গ্ৰন্থখনিৰ প্ৰথম খণ্ড গৱেষক ড৹ নৰেন কলিতাই উন্মোচন কৰাৰ বিপৰীতে দ্বিতীয় খণ্ডটি উন্মোচন কৰে লেখক তথা প্ৰাক্তন মন্ত্ৰী গুণীন হাজৰিকাই ।
বুৰঞ্জীবিদ ড৹ সাগৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাখনত ৰামধেনু যুগৰ গল্পকাৰ ভদ্ৰেশ্বৰ ৰাজখোৱা, শিক্ষাবিদ মহেন্দ্ৰ আহোম, কবি ডাঃ প্ৰয়াগ শইকীয়া, প্ৰদীপ শইকীয়া, প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা আদিকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
ইপিনে সভাৰ আৰম্ভণিতে সাহিত্যচাৰ্য যজ্ঞেশ্বৰ শৰ্মাৰ স্মৃতি দিৱস উপলক্ষ্যে বৰেণ্য ব্যক্তি গৰাকীৰ আৱক্ষ মূৰ্ত্তিত মাল্যাৰ্পন কৰি শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে । অধ্যাপিকা ড৹ কৰৱী দেৱীৰ বৰগীতেৰে শুভাৰম্ভ হোৱা গ্ৰন্থ উন্মোচনী সভাখনত শতাধিক লোক উপস্থিত থাকে ।