ৰিয়ান পৰাগৰ শতকৰে ৰাজস্থানৰ বিপক্ষে অসমৰ জয়...

ৰাজস্থানে অসমৰ নিয়ন্ত্ৰিত বলিঙৰ আগত তিষ্ঠিব নোৱাৰি ৩৩.৩ অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই ১২৮ ৰানত থমকি পৰাজয়বৰণ কৰে

author-image
Asomiya Pratidin
New Update
ৰিয়ান পৰাগৰ শতকৰে ৰাজস্থানৰ বিপক্ষে অসমৰ জয়...

ৰিয়ান পৰাগ

ডিজিটেল ডেস্কঃ বি চি চি আইৰ তত্বাৱধানত সম্প্ৰতি দেশৰ ভিন্ন চহৰত চলি আছে ঘৰুৱা ক্ৰিকেট বিজয় হাজাৰে এদিনীয়া ক্ৰিকেট প্ৰতিযোগিতা। উক্ত প্ৰতিযোগিতাৰ শনিবাৰে এখন মেচত শক্তিশালী ৰাজস্থানৰ বিৰুদ্ধে জয়লাভ কৰিছে অসমে।

Advertisment

টছত জয়ী হৈ ৰাজস্থানে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। সেই অনুসৰি অসমে প্ৰথমে বেট ধৰি ৪৬.৫ অভাৰত ২৭১ ৰান কৰে। মেচত অসমৰ প্ৰতিভাৱান অলৰাউণ্ডাৰ তথা আই পি এলৰ ৰাজস্থান ৰয়েলছৰ ক্ৰিকেটাৰ ৰিয়ান পৰাগে ৮৪ টা বলত ১১৭ ৰানৰ শতকীয় ইনিংছেৰে দলৰ বিজয়ত মুখ্য ভূমিকা গ্ৰহণ কৰে।

আনহাতে ৰাজস্থানে অসমৰ নিয়ন্ত্ৰিত বলিঙৰ আগত তিষ্ঠিব নোৱাৰি ৩৩.৩ অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই ১২৮ ৰানত থমকি পৰাজয়বৰণ কৰে। মেচত অসমৰ মৃণ্ময়,অভিনৱে ৩টা আৰু ৰাজাকুদ্দিনে ২টা উইকেট দখল কৰে।

আৰু পঢ়কঃ নগাঁৱৰ দক্ষিণ পেটবঢ়াত ৰাস মহোৎসৱ উদযাপন...

assam criket asa riyan parag rajasthan