খাগৰিজান মহাবিদ্যালয়ত পৰিশীলন অনুষ্ঠান সম্পন্ন...

অনুষ্ঠানৰ আঁত ধৰে খাগৰিজান মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক মৈত্ৰেয়ী দত্তই

author-image
Asomiya Pratidin
New Update
খাগৰিজান মহাবিদ্যালয়ত পৰিশীলন অনুষ্ঠান সম্পন্ন...

খাগৰিজান মহাবিদ্যালয়ত পৰিশীলন অনুষ্ঠান সম্পন্ন

ডিজিটেল সংবাদ,বেবেজীয়াঃ নগাঁও জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান খাগৰিজান মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ উদ্যোগত আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা কোষৰ সহযোগত বুধবাৰেএক পৰিশীলন অনুষ্ঠান সম্পন্ন হয়। এই অনুষ্ঠানৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ আৰু পৰিকল্পনা সমন্বয়ক,ৰাষ্ট্ৰীয় সেৱা আঁচনি কোষৰ সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতি।

Advertisment

সমল ব্যক্তিৰ ভাষণত ৰাষ্ট্ৰীয় সেৱা আঁচনি কোষে কৰিব পৰা বিভিন্ন সেৱাৰ লগতে এখন মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি কোষে এইক্ষেত্ৰত কেনেদৰে সজাগ কাৰ্যপন্থা গ্ৰহণ কৰি আগুৱাই যাব পাৰে এই সম্পৰ্কে বক্তব্য প্ৰদান কৰে। এইক্ষেত্ৰত সমল ব্যক্তিয়ে মহাবিদ্যালয়ৰ মহিলা কোষেও স্বাস্থ্য আৰু সজাগতা দিশত কেনেদৰে পদক্ষেপ গ্ৰহণ কৰিব পাৰে, সেই সম্পৰ্কে চমু বক্তব্য আগবঢ়ায়।

অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ৰমেশ নাথে অংশগ্ৰহণ কৰি উদ্বোধনী ভাষণ আগবঢ়ায়। খাগৰিজান মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি কোষৰ আঁচনি বিষয়া মাইনুল হক আকন্দই ৰাষ্ট্ৰীয় সেৱা আঁচনি কোষৰ লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কে চমু বক্তব্য আগবঢ়োৱাৰ লগতে এইক্ষেত্ৰত মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি কোষে গ্ৰহণ কৰা পদক্ষেপ সম্পৰ্কে চমু বক্তব্য প্ৰদান কৰে।

অনুষ্ঠানত মহাবিদ্যালয়ৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ আঁত ধৰে খাগৰিজান মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক মৈত্ৰেয়ী দত্তই।

আৰু পঢ়কঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ জৰিয়তে গামোচাৰ ভৌগোলিক সুচ্যাংক লাভ...

nagaon assam