/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/835f24e3-db52-49d9-a941-897280206c72/gamsa0.jpg)
ডিজিটেল সংবাদ, যোৰহাটঃ ঐতিহাসিক পৰম্পৰা তথা স্বকীয় বৈশিষ্ট্যৰ জৰিয়তে অসমৰ স্বাভিমান আৰু গৌৰৱৰ প্ৰতীক ৰূপে বিবেচিত হোৱা অসমৰ গামোচাই ভৌগোলিক সুচ্যাংক লাভ কৰিবলৈ সক্ষম হৈছে। ভাৰত চৰকাৰৰ ভৌগোলিক সুচ্যাংক পঞ্জীয়কে এই স্বীকৃতি প্ৰদান কৰিছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/b9232a8e-483d-457b-8738-c64b33bffeb9/gamsa1.jpg)
ইয়াৰ জৰিয়তে এতিয়াৰে পৰা অসমৰ গামোচা ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিজস্ব একক পৰিচয়েৰে উপলব্ধ হ'ব । অসমীয়াৰ হিয়াৰ আপোন গামোচাক নিজস্ব পৰিচয় দিবৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ে ২০১৭ চনতে লোৱা উদ্যোগৰ পাছত অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিবেশ পৰিষদ আৰু অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰ শিল্প সঞ্চালকালয়ৰ যুটীয়া সহযোগত এই লক্ষ্যত উপনীত হয়।
অসম কৃষি বিশ্ববিদ্যালয়ে এই পৰিকল্পনাত সুদীৰ্ঘ ৫ বছৰীয়া নিৰবচ্ছিন্ন পদ্ধতিগত ব্যৱস্থাৰে ভৌগোলিক সুচ্যাংক লাভৰ বাবে প্ৰয়োজনীয় গামোচাৰ ঐতিহাসিক ভিত্তি তথা ইতিহাস, গামোচাৰ বৈশিষ্ট্য আৰু সঠিক উপস্থাপন, কাৰিকৰী তথ্য আদি চৰ্তাৱলী পূৰণৰ জৰিয়তে অসমবাসীৰ বাবে বহুআকাংক্ষিত এই গৌৰৱ অৰ্জন কৰিবলৈ সক্ষম হয়।অসম কৃষি বিশ্ববিদ্যালয়ে দীৰ্ঘদিনীয়া পৰিকল্পনাৰে অসমৰ শিপিনী সকলৰ হাতত প্ৰাণ পাই উঠা গামোচাৰ স্থায়ী তথা বিশ্বজনীন স্বীকৃতিৰ বাবে প্ৰচেষ্টা চলাই আহিছিল।
এই স্বীকৃতিৰ পাছত বগা বা ক্ৰীম ৰঙীন আৰু ৰঙা সুতাৰ সংমিশ্ৰনেৰে বোৱা ৮ প্ৰকাৰৰ অসমীয়া গামোচা উকা বা সাধাৰণ গামোচা, ফুলাম গামোচা, বিহুৱান , তিয়নি বা পানী গামোচা,আনাকাটা গামোচা, টেলছ গামোচা,দৰা বৰণ বা জোৰ গামোচা আৰু গোসাঁই গামোচা নিজস্ব স্বকীয়তাৰে পৰিচিত হ'ব ।
উল্লেখ্য যে অসম কৃষি বিশ্ববিদ্যালয়ৰ কাৰিকৰী প্ৰচেষ্টা তথা বিশ্ববিদ্যালয়ৰ সম্পূৰ্ণ আৰ্থিক সহযোগিতাত অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিবেশ পৰিষদ আৰু অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰ শিল্প সঞ্চালকালয়ৰ যুটীয়া সহযোগত প্ৰস্তুত কৰা আবেদনত গামোচাৰ জোখ-মাখ, বৈশিষ্ট্যৰ সৈতে কাৰিকৰী তথ্যৰ সঠিক উপস্থাপনৰ কৰি বিশেষ বৈশিষ্ট থকা বুলি প্ৰমাণ কৰি ভৌগোলিক সুচ্যাংক লাভৰ যোগ্য বিবেচিত হয়।
এই স্বীকৃতিৰ পাছত অসমত শিপিনীয়ে বোৱা গামোচাহে প্ৰকৃত গামোচা হিচাপে বিবেচিত হ'ব । ফলত বহিৰাগত গামোচা আৰু গামোচাৰ ভেজালকৰণ আইনগতভাৱে নিষিদ্ধ কৰিব পৰা হ'ব ।
উল্লেখ্য যে এই স্বীকৃতিৰ জৰিয়তে অসম কৃষি বিশ্ববিদ্যালয়ে ৫ টা ভৌগোলিক সুচ্যাংক লাভৰ কৃতিত্বৰ অংশীদাৰ হয় । পূৰ্বতে জহা চাউল, কাজিনেমু, চকোৱা চাউল আৰু জুদিমাৰ ভৌগোলিক সুচ্যাংক লাভৰ ক্ষেত্ৰত অসম কৃষি বিশ্ববিদ্যালয়ে সফলতা লাভ কৰিছিল।এই স্বীকৃতিৰ জৰিয়তে গামোচাই অসমীয়াৰ স্বকীয়তা,গৌৰৱোজ্জল ঐতিহ্য পৰম্পৰা আৰু স্বাভিমানৰ ধাৰাক বিশ্ববাসীৰ সন্মুখলৈ নতুন ৰূপত আগুৱাই নিব ।
অসমীয়া শিপিনীৰ সৃষ্টিশীলতাৰ পৰশত প্ৰাণ পোৱা আদৰৰ গামোচাই এই স্বীকৃতি পোৱাত অংশীদাৰ হ'বলৈ পাই সমগ্ৰ অসমবাসীৰ সৈতে অসম কৃষি বিশ্ববিদ্যালয় পৰিয়ালেও আনন্দ আৰু গৌৰৱবোধ কৰিছে।
আৰু পঢ়কঃ লোকসভা নিৰ্বাচনৰ বাবে তৃতীয় বিকল্প মৰ্চা গঠনৰ তৎপৰতা,বৈঠকত লুৰীণজ্যোতি গগৈ...