নগাঁৱত কলঙৰ বাঢ়নী পানীয়ে ভাঙিলে গড়কাপ্তানী পথ: বিস্তীৰ্ণ অঞ্চল জলমগ্ন

নগাঁৱত কলঙৰ বাঢ়নি পানীয়ে ভাঙিলে গড়কাপ্তানী পথ: বিস্তীৰ্ণ অঞ্চল জলমগ্ন

author-image
Asomiya Pratidin
New Update
নগাঁৱত কলঙৰ বাঢ়নী পানীয়ে ভাঙিলে গড়কাপ্তানী পথ: বিস্তীৰ্ণ অঞ্চল জলমগ্ন

ডিজিটেল সংবাদ,নগাঁও: ২ জুলাইত কলিয়াবৰৰ হাতীমূৰাৰ বান্ধ চিঙাৰ পাছত এতিয়া ব্ৰহ্মপুত্ৰৰ পানী কলঙৰ বুকুৱেদি হুৰাহুৰে বৈ অহা পৰিলক্ষিত হৈছে। নগাঁও চহৰৰ মাজমজিয়াৰে বৈ যোৱা কলঙৰ বুকু ইতিমধ্যে উফন্দি উঠিছে।

Advertisment

বুধবাৰে বিয়লি নগাঁও চহৰত কলং নৈৰ জলপৃষ্ঠ বিপদ সীমাৰ ৬৩ মিলি মিটাৰ ওপৰেৰে বৈ আছে। কলঙৰ বাঢ়নি পানীয়ে ইতিমধ্যে নগাঁও চহৰৰ পানীগাঁও আদৰ্শ গাঁও, শিৱ নগৰ, তেলীয়া গাঁও,ভূঞাপট্টি, ল' কলেজ ৰোড, চকীটোপ, ছোট হয়বৰগাঁও, আজাদ নগৰ, নাজিৰা জান,কুমাৰটোপ প্ৰমুখ্যে বিভিন্ন অঞ্চলৰ বিস্তীৰ্ণ এলেকা প্লাৱিত কৰিছে।

তাৰোপৰি শেহতীয়াকৈ চহৰখনৰ পাৰ্শ্বৱৰ্তী মাজৰাআটি আৰু লাওগাঁও সংযোগী পথটো ভাঙি নিয়ে কলঙৰ বাঢ়নী পানীয়ে। পথটো চিঙাৰ ফলত কেইবাখনো পথাৰ জলমগ্ন হৈ পৰিছে। বাঢ়নী পানীয়ে ক্ষতিগ্ৰস্ত কৰে ৫খনকৈ পথাৰৰ ধান খেতি আৰু পুখুৰীৰ মাছৰ।

বানৰ কবলত পৰা চহৰবাসীক আৰু পাৰ্শ্বৱৰ্তী অঞ্চলৰ ৰাইজক আশ্ৰয়ৰ বাবে ইতিমধ্যে হাতীপাৰা এল পি স্কুল ,শিয়ালমাৰী এল পি , নগাঁও পলিটেকনিক, চকীটুপ এম ই , দক্ষিণ হয়বৰগাঁও কলংপাৰ এল পি, মহেন্দ্ৰ দাস বিদ্যাপীঠ আৰু সূৰ্য কুমাৰ ভূঞা হাইস্কুলত প্ৰশাসনে আশ্ৰয় শিবিৰ স্থাপন কৰিছে।

Also Read: বিস্ময়-মায়া-তৃষ্ণাতুৰ, মনত আছে নে দিনবোৰ !

NAGAON FLOOD