বিস্ময়-মায়া-তৃষ্ণাতুৰ, মনত আছে নে দিনবোৰ !

বিস্ময়-মায়া-তৃষ্ণাতুৰ, মনত আছে নে দিনবোৰ !

দাদা এইবাৰ কিন্তু বিস্ময়ৰ এটা কপি মোৰ কাৰণে ৰাখি থ’ব, সেয়াই আছিল আলোচনীৰ সোণালী সময়। প্ৰিয় আলোচনীখনৰ বাবে পষেক, মাহ আঙুলিৰ মূৰত গণি গণি ৰৈ থকা, ডাকোৱালে আহি দি থৈ যোৱা আলোচনীখনৰ লেখাবোৰ পঢ়ি আনন্দ পোৱা, নাইবা বন্ধু-বান্ধৱৰ পৰা খুজি আনি কিতাপ পঢ়া সেই সময়বোৰ আছিল মায়াময়। সময় সলনি হ'ল। স্মৃতিৰ হ'ল বিস্ময়,মায়া আদি আলোচনী। মৃত্যু বিজয়ী হৈ আকৌ পাঠকৰ মাজলৈ উভতিব পাৰিবনে তাহানিৰ এই আলোচনীসমূহ? এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ বিশেষ প্ৰতিবেদন শিতানত ভাস্কৰ শৰ্মাৰ লেখা-

সেয়া আছিল হাতে হাতে মোবাইল ফোন নথকাৰ যুগ। বিস্ময়, তৃষ্ণাতুৰ, ৰহস্য, মায়া আদি ক্ষুদ্ৰ ক্ষুদ্ৰ আলোচনীৰ লিখা পঢ়ি পাৰ হৈছিল সময়বোৰ। নাছিল আজিৰ দৰে সহজলভ্য সামাজিক মাধ্যম। নাছিল প্ৰতিটো মুহূৰ্তৰ খবৰ দিব পৰা মাধ্যম।

ব্যস্ততাপূৰ্ণ জীৱনত আজৰি সময় বুলিবলৈ যিকণ সময় পাইছিল, সেই সময়কণ আলোচনী অথবা সৃষ্টিশীল কাম-কাজতে মানুহে সময় দিছিল। সেই সময়ত বহুলভাৱে সমাদৃত হৈ পৰিছিল বিস্ময়, তৃষ্ণাতুৰ, ৰহস্য, মায়া আদি ক্ষুদ্ৰ ক্ষুদ্ৰ আলোচনী।

এই আলোচনীসমূহ হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰা অথবা ওপৰৰ শ্ৰেণীৰ ল’ৰা-ছোৱালীসকলে পঢ়িছিল। কিন্তু মেট্ৰিক পাছ নকৰা ল’ৰা-ছোৱালীখিনিৰ বাবে আছিল সঁফুৰা, ৰংমন,মৌ, টিংকল এইধৰণৰ শিশু আলোচনী। এই শিশু আলোচনীসমূহে শিশুৰ বৌদ্ধিক আৰু শৈক্ষিক উত্তৰণৰ পথ মুকলি কৰাতো অগ্ৰণী ভূমিকা পালন কৰিছিল।

আলোচনীসমূহে পাঠকলৈ বুলি দিয়া মাহীদেউলৈ চিঠি লেখা, চিত্ৰাংকন কৰা, সাথঁৰ, কৌতুক, কুইজৰ উত্তৰ বিচৰা ইত্যাদি বিভিন্ন মনোগ্ৰাহী শিতানে শিশুৰ বৌদ্ধিক-শৈক্ষিক দুয়োটা দিশেই শক্তিশালী কৰি তুলিছিল। ইয়াৰ জৰিয়তে শিশুসকলে বিভিন্ন শিতানলৈ বুলি লেখা পঠিওৱা, কুইজ আদিৰ উত্তৰ লিখি ডাক-ঘৰযোগে প্ৰেৰণ কৰা এইধৰণৰ সৰু সৰু আনন্দই কোনোবাখিনিত খোৰাক জগাইছিল।

মুঠৰ ওপৰত সকলোৱে কিবা নহয় কিবা এখন কিতাপ পঢ়িছিল। কিতাপৰ মাজতে লৈছিল আনন্দ। গৰম বন্ধ, মেট্ৰিকৰ বন্ধ, নাইবা যিকোনো বন্ধৰ দিনত এই আলোচনীসমূহত উপলব্ধ গল্প, উপন্যাস, নাটক, কবিতা ইত্যাদি পঢ়ি সুকীয়া সুকীয়া আনন্দ লাভ কৰিছিল।

আলোচনী পঢ়ি আলোচনা হৈছিল। ইজন বন্ধুই সিজন বন্ধুৰ পৰা কিতাপ ধাৰ কৰি আনি পঢ়াৰ যি মাদকতা সেয়াও লাভ কৰিছিল।

আড্ডাসমূহো আছিল গঠনমূলক। সেই আড্ডাসমূহত ওলাইছিল কোনে কোনখন আলোচনী পঢ়ি আছে। কোনটো সংখ্যা কাৰ ওচৰত আছে। তাৰোপৰি কোনখন উপন্যাসৰ কোনটো চৰিত্ৰ প্ৰিয়, কোনটো গল্পই কাৰ মানত কিদৰে ৰেখাপাত কৰিলে ইত্যাদি।

তাৰমাজতে কিছুমান কবিতা, গল্প নাইবা উপন্যাসৰ চৰিত্ৰত নিজৰ প্ৰিয়তম অথবা প্ৰিয়তমাৰ ছবিও অংকন কৰিছিল। জন্মদিন নাইবা বিবাহ আদিত উপহাৰ হিচাপে আলোচনী এখন, উপন্যাস এখন উপহাৰ দিয়াটোও আছিল অন্যতম প্ৰথা।

কিতাপৰ বকলাৰ পিছফালে আলফুল মৰমেৰে লিখি দিয়া সেই কথাখিনিত আছিল নিভাঁজ মৰম। প্ৰিয়জনক প্ৰিয় আলোচনীখন দিওতে কপি উঠা হাত দুখনেও কৈ গৈছিল বহু নকোৱা কথা। অনুভৱৰ দলিচাত সিঁচি দিছিল ভালপোৱাৰ উমান।

সোণালী দিনৰ সোণালী সময় আছিল সেয়া। এতিয়া অৱশ্যে সেই দিন নাই। সময়ৰ সোঁতত হেৰাই গ’ল বহু আলোচনী। সময়ে গ্ৰাস কৰিলে বহু ভাল লগা সময়ক।

এটা সময়ত এইসমূহ ক্ষুদ্ৰ ক্ষুদ্ৰ আলোচনীয়ে বিশাল বজাৰ দখল কৰিছিল। হাহাকাৰ লাগিছিল এটা কপিৰ বাবে। পূজা সংখ্যা, বিহু সংখ্যাৰ বাবে লাগিছিল হেতা-ওপৰা। প্ৰিয় কবি নাইবা প্ৰিয় লেখকজনৰ লেখাটো চলিত সংখ্যাতে নপঢ়িলে আধৰুৱা হৈ যাব যেন অনুভৱে শিহৰিত কৰিছিল পাঠকসকলক।

এতিয়া আৰু সেই ছবিখন নাই। তিনিআলিৰ দাদাজনক নকয় যে অমুক আলোচনীখন মোৰ বাবে ৰাখি থ’ব, পাঠকে নিবিচাৰে এখন আলোচনী। অৰ্থনীতিৰ ভাষাত উপভেক্তা নাই মানে চাহিদাও নাই।

আজিকালি দুই-এখন আলোচনী প্ৰকাশ হৈ আছে যদিও সিয়ো মৃতপ্ৰায় অৱস্থাত। ইতিমধ্যে মায়া আলোচনীৰ দৰে জনপ্ৰিয় কেইবাখনো আলোচনীয়ে মেলানি মাগিলে পাঠকৰ মাজৰ পৰা।

দিনে দিনে হেৰাই গৈছে আলোচনী পঢ়াৰ অভ্যাস। বন্ধুৰ পৰাও খুজি আনি নপঢ়ে আলোচনী। অৱশ্যে ইয়াৰ সৈতে বহু কাৰণ জৰিয়ত হৈ আছে। প্ৰথম কথা সস্তীয়া ইন্টাৰনেটৰ দ্ৰুত ব্যৱহাৰ।

কম দামতে লাভ কৰা ম’বাইল ডাটাই বহুতকে কিতাপৰ যি সুবাস নাইবা কিতাপ পঢ়াৰ যি আনন্দ তাৰ পৰা আঁতৰাই আনিছে। তাৰোপৰি গুটখা, পাণমছলা, মাদকদ্ৰব্য আদিৰ অবাধ প্ৰচলনে কিতাপ কিনি আনি পঢ়াৰ অভ্যাস গঢ় দিয়াত ব্যাঘাত জন্মাইছে।

ইয়াৰোপৰি ঘাই কাৰক হৈছে আজিকালি অধিকাংশ লোক ইণ্টাৰনেট, ম’বাইল, সামাজিক মাধ্যম আদিত ব্যস্ত। হাতৰ মুঠিতে, চকুৰ পলকতে পাব বিচৰাৰ মানসিকতাই গ্ৰাস কৰিছে একাংশক।

অপেক্ষাৰো যে আছে সুকীয়া মাদকতা সেই কথা কাহিনিবাই হেৰাই গৈছে। এতিয়া বহুতৰে হাতত সময়ৰ অভাৱ।

হেৰাই গৈছে ধৈৰ্য্য, সহ্য তাৰোপৰি ইজনৰ প্ৰতি সিজনৰ সহনশীলতাৰ ভাব। প্ৰতিটো মুহূৰ্ততে বিকল্পৰ সন্ধান। কোনো বস্তুত যদি বিচৰা বস্তুটো নাই, তেন্তে লগে লগে বিকল্প বস্তুৰ সন্ধানত নিমজ্জিত একাংশ।

এনেবোৰ বহু কাৰক আৰু কাৰণৰ বাবে মানুহ আৰু কিতাপৰ মাজত যি সংযোগ সেয়া বিচ্চিন্ন হোৱাৰ পথত দ্ৰুতবেগত গতি কৰি আছে। ১৯৬৯ চনত প্ৰকাশ পোৱা বিস্ময় আলোচনীখনে পাৰ কৰিছে সোণালী জয়ন্তী বৰ্ষ। ৫০ৰো অধিক বৰ্ষ অতিক্ৰম কৰা এই আলোচনীখন সম্প্ৰতি স্মৃতি হোৱাৰ দিশে গতি কৰিছে।

লাখৰো অধিক কপি বিক্ৰী হোৱা এই আলোচনীখন আজিকালি হাজাৰৰ ঘৰলৈ অৱনমিত হৈছে। আদৰ কমিছে  শ্ৰীময়ী, প্ৰিয়সখী, তৃষ্ণাতুৰ, ৰহস্য আদি বহু আলোচনীৰ। মায়া আলোচনীয়ে কিছু বছৰ আগেয়ে বন্ধ হৈ গ’ল। এটা সময়ত বহুলভাৱে চলিছিল এইখন আলোচনী।

তৃষ্ণাতুৰ নামৰ বিনোদনধৰ্মী আলোচনীখনৰো প্ৰকাশ বৰ্তমান স্থগিত ৰখা বুলি জানিব পৰা গৈছে। শিশু আলোচনী অকণিৰ অগ্ৰদূত, চান্দামামা আদি আলোচনী বহুদিন ধৰি প্ৰকাশ হোৱা নাই। তাৰমাজতে টিংকল, সঁফুৰা, মৌচাক আদি চলি আছে যদিও কোনোমতেহে।

গতিকে এনেবোৰ দিশলৈ লক্ষ্য কৰিলে দেখা যায় যে বহু আলোচনী এতিয়া মৃত্যুৰ গৰাহত। কিন্তু এটা বিশ্বাস ভালদিন আহিব। মানুহে কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিব ! হেৰাই যোৱা দিনবোৰ ঘূৰাই নাপালেও নতুন দিনে কঢ়িয়াই আনিব আশাৰ সম্ভাৰ।

সকলোৱেই যদি পণ লওঁ যে একোটাকৈ কপি অন্তত এজনকৈ হ'লেও পাঠকক দিব পাৰো তেন্তে এই আলোচনীসমূহ হেৰুৱাব লগীয়া নহয়। ইণ্টাৰন্টতকৈ যদি কিতাপৰ কেঁচা সুবাস লৈ পঢ়াৰ অভ্যাস কৰো তেন্তে মৃত্যুমুখী আলোচনীৰ বাবে হ'ব সঞ্জীৱনী। শেষত এটাই আশা- স্মৃতি নহয় চিৰ প্ৰৱাহমান হওঁক বিস্ময়, মায়া আদি আলোচনী।

বিস্ময়-মায়া-তৃষ্ণাতুৰ, মনত আছে নে দিনবোৰ !
দীৰ্ঘায়ু হওঁক !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in