কোভিড সন্দৰ্ভত আগতীয়া প্ৰস্তুতি সম্পূৰ্ণ নগাঁও জিলা স্বাস্থ্য বিভাগৰ...

কোভিড সন্দৰ্ভত আগতীয়া প্ৰস্তুতি সম্পূৰ্ণ নগাঁও জিলা স্বাস্থ্য বিভাগৰ...

author-image
Asomiya Pratidin
New Update
কোভিড সন্দৰ্ভত আগতীয়া প্ৰস্তুতি সম্পূৰ্ণ নগাঁও জিলা স্বাস্থ্য বিভাগৰ...

কোভিড সন্দৰ্ভত আগতীয়া প্ৰস্তুতি সম্পূৰ্ণ নগাঁও জিলা স্বাস্থ্য বিভাগৰ...

ডিজিটেল সংবাদ নগাঁও: চুবুৰীয়া ৰাষ্ট্ৰ চীনৰ লগতে অন্যান্য দেশসমূহত কোভিডে পুনৰ ভয়াবহতাৰ সৃষ্টি কৰাৰ পাছতে তৎপৰ হৈ পৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ। নগাঁও জিলাত আগন্তুক সাম্ভাব্য কোভিড পৰিস্থিতিৰ লগত মোকাবিলা কৰিবপৰাকৈ যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে নগাঁও জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে ।

Advertisment

এই কথা জানিবলৈ দিয়ে নগাঁও জিলা উপায়ুক্তই। আজি নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ উপস্থিতিত এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়।

উক্ত সভাত কোভিড ৰোগীসকলক কেনেদৰে চিকিৎসা সেৱা প্ৰদান কৰা হ'ব, সেই সন্দৰ্ভত আগতীয়া প্ৰস্তুতি সম্পৰ্কে বিভিন্ন আলোচনা কৰা হয়। সভাত জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, নগাঁও জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডা: অৰূপজ্যোতি মহন্ত, অতিৰিক্ত উপায়ুক্ত প্ৰশান্ত কুমাৰ বৰুৱা (স্বাস্থ্য), বহু কেইজন জ্যেষ্ঠ চিকিৎসক, স্বাস্থ্য বিভাগৰ বিভিন্ন কৰ্মচাৰীসকলৰ লগতে জিলা প্ৰশাসনৰ বিষয়াসকল উপস্থিত থাকে।

সভাৰ অন্তত ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ চৌহদত থকা কোভিড ১৯ হস্পিতালৰ আন্তঃগাঁথনি আৰু পৰিস্থিতি বুজ লয় নগাঁও জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে। তেওঁ স্বাস্থ্য বিভাগৰ সকলো কৰ্মচাৰীক সজাগ লৈ থাকিবলৈ আহ্বান জনায়।

ক্লিক কৰি পঢ়কঃ ৫ মিনিটতে সমাপ্ত দেউৰী পৰিষদৰ শপতগ্ৰহণ ! দুৰ্নীতিত লিপ্তক পুনৰ ৰঙা দলিচা...

কোভিড নগাওঁ