নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ ৪০ সংখ্যক বাৰ্ষিক অধিবেশন সম্পন্ন...

নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ ৪০ সংখ্যক বাৰ্ষিক অধিবেশন সম্পন্ন
নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ ৪০ সংখ্যক বাৰ্ষিক অধিবেশন সম্পন্ন

ডিজিটেল সংবাদ বেবেজীয়া: নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ ৪০ সংখ্যক বাৰ্ষিক অধিবেশনখনি দেওবাৰে দিনযোৰা কাৰ্যসূচীৰে বেবেজীয়া সমীপৰ জাগীয়াল ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত অনুস্থিত হয় ৷ অনুষ্ঠানৰ আৰম্ভনিতে পুৱা ৮-৩০ বজাত সন্থাৰ পতাকা উত্তোলন কৰে নগাঁও জিলা হাইস্কুল শিক্ষক সন্থাৰ সভাপতি ৰঞ্জিত শইকীয়াই ৷

পুৱা ৯ বজাত ছহিদ তৰ্পন কৰে হাইস্কুল শিক্ষক সন্থাৰ ৰাজ্যিক সদস্য ফজলুৰ হক মৰলে ৷ অধিবেশন উপলক্ষে বৃক্ষ ৰোপণ কৰে জাগীয়াল ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পূৰ্ণকান্ত নাথ আৰু ৰাজ্যিক অধিবিদ্যা পৰিষদৰ সহ-সম্পাদক মিজানুৰ ৰহমানে।

অনুষ্ঠানত অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰয়াত অভয় বৰুৱা, উমেশ চন্দ্ৰ বৰা, নৰাম বৰা, দণ্ডমোহন শইকীয়া,পূৰ্ণ কান্ত নাথ, সঞ্জীৱ ঘোষ আৰু চন্দ্ৰকান্ত বৰদলৈৰ স্মৃতিচাৰণ কৰা হয় ৷ বিয়লি ১ বজাৰ পৰা প্ৰতিনিধি সভা অনুষ্ঠিত হয়।

নগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথে উদ্বোধন কৰা প্ৰতিনিধি সভাখনত সভাপতিত্বত কৰে জিলা সভাপতি ৰঞ্জিত শইকীয়াই । জিলা সম্পাদক যজ্ঞেশ্বৰ ৰাজখোৱাই আঁতধৰা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে হাইস্কুল শিক্ষক সন্থাৰ প্ৰাক্তন সভাপতি গোলাপ চন্দ্ৰ নাথ, নগাঁও বালক চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা দীপিকা লস্কৰ আৰু নগাঁও জিলা অধিবিদ্যা পৰিষদৰ কাৰ্যকৰী সভাপতি নিকুঞ্জ মোহন কলিতাই ৷

মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে সদৌ অসম কৰ্মচাৰী পৰিষদৰ উপ-সভাপতি শ্যামন্ত দাস আৰু নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি মিন্টু শৰ্মাই ৷ জাগীয়াল উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পূৰ্ণকান্ত নাথে শলাগৰ শৰাই আগবঢ়োৱা অধিবেশনৰ সন্ধিয়া ৪০ গছি বন্তি প্ৰজ্বালনৰে অনুষ্ঠানৰ সামৰণি পৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in