শিৱসাগৰৰ চাৰিঙত বাঘৰ মুক্ত বিচৰণঃ গোহালিৰ পৰা লৈ গৈছে গৰু...

শিৱসাগৰৰ চাৰিঙত বাঘৰ মুক্ত বিচৰণঃ গোহালিৰ পৰা লৈ গৈছে গৰু

author-image
Asomiya Pratidin
New Update
শিৱসাগৰৰ চাৰিঙত বাঘৰ মুক্ত বিচৰণঃ গোহালিৰ পৰা লৈ গৈছে গৰু...

শিৱসাগৰৰ চাৰিঙত বাঘৰ মুক্ত বিচৰণঃ গোহালিৰ পৰা লৈ গৈছে গৰু প্ৰতিনিধিত্বমূলক ফটো

ডিজিটেল ডেস্কঃ শিৱসাগৰৰ চাৰিঙত বাঘৰ মুকলি বিচৰণে শংকিত কৰি তুলিছে অঞ্চলবাসীক। অসমীয়া প্ৰতিদিন ডিজিটেলৰ হাতত পৰা তথ্য অনুসৰি চাৰিঙত বাঘে মুক্ত বিচৰণ কৰিছে।

Advertisment

উল্লেখযোগ্য যে, বাঘে গোহালিৰ পৰা গৰুও চিকাৰ কৰি নিছে। বন বিভাগে এই পৰ্যন্ত বাঘ ধৰিবৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। প্ৰকাণ্ড এই বাঘ কেইটা পিঞ্জৰা পাতি ধৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে।

ইফালে এই ঘটনা সন্দৰ্ভত এটা ভিডিঅ'ও ভাইৰেল হৈ পৰিছে। তিনিটা পোৱালিসহ মুক্ত বিচৰণ কৰা এজনী বাঘৰ ভিডিঅ' ভাইৰেল হৈছে। এই ভিডিঅ' বহুতেই চাৰিঙৰ বুলি প্ৰচাৰ কৰিছে যদিও সেই ভিডিঅ' প্ৰকৃততে চাৰিঙৰ হয় নে নহয় সেয়া স্পষ্ট নহয়।

ভিডিঅ' অনুসৰিয়েই বহুতেই আতংকৰ সৃষ্টি কৰা এই বাঘক ঢেঁকীয়াপতীয়া বুলি সন্দেহ কৰিছে যদিও বন বিভাগৰ মতে এই বাঘজনী নাহৰফুটুকী বাঘহে। বাঘজনীৰ লগত আছে দুটা পোৱালিও।

এনে পৰিস্থিতিৰ বাবেই সেই স্থানলৈ পিঞ্জৰা নিও স্থাপন কৰাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হৈছে বন বিভাগ। কিয়নো যদিহে পিঞ্জৰাত পোৱালিকেইটা সোমাই মাক বাহিৰত থাকে তেনে পৰিস্থিতিত তাৎক্ষণিকভাৱেই বাঘজনী উগ্ৰ হৈ উঠিব।

আনহাতে পিঞ্জৰাত বাঘজনী আৱদ্ধ হ'লে পোৱালি কেইটা বিপদত পৰিব। এনে পৰিপ্ৰেক্ষিততে আৰক্ষীৰ সহযোগত বন সুৰক্ষা বাহিনীয়ে অঞ্চলটোত পোৱালিসহ মাইকী বাঘজনীৰ ওপৰত সতৰ্ক দৃষ্টি ৰাখিছে। আৰু মাকৰ সৈতে পোৱালি কেইটাক একেলগে আৱদ্ধ কৰাৰ পৰিকল্পনা কৰিছে।

ক্লিক কৰি পঢ়কঃ আদানি বন্দৰৰ বিৰোধিতাৰে হিংসাত্মক প্ৰতিবাদঃ ৩ হাজাৰ লোকৰ বিৰুদ্ধে গোচৰ ৰুজু...

শিৱসাগৰ