/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/75d523ed-5cdc-4680-a49b-9b93a7a0c387/nagaoan_13.jpg)
ঐ ৰাম নগাঁৱৰ উপায়ুক্তৰ বিয়া হে...
ডিজিটেল সংবাদ নগাঁও: বিবাহ পাশত আবদ্ধ হ’ল নগাঁৱৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ ৷ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া নৰেন্দ্ৰ কুমাৰ শ্বাহৰ শুকুৰবাৰে বিবাহ সম্পন্ন হয় ৷ উপায়ুক্ত শ্বাহৰ কইনা চিকিৎসক ৷
কইনাৰ নাম প্ৰিয়ংকা সুপকাৰ ৷ নাগপুৰতে ৰেডিঅ’লজিষ্ট হিচাপে কৰ্মৰত প্ৰিয়ংকা ৷ জানিব পৰা মতে আই এ এছ নৰেন্দ্ৰ কুমাৰ শ্বাহ আৰু চিকিৎসক প্ৰিয়ংকা সুপকাৰৰ বিবাহ চিডনিত সম্পন্ন হয় ৷
মধ্যপ্ৰদেশৰ হুদলিৰ নিবাসী নগাঁৱৰ উপায়ুক্ত শ্বাহৰ বিবাহ অনুষ্ঠান দুদিনীয়াকৈ ধৰ্মীয় নীতি আনুসৰি অনুষ্ঠিত হৈছে ৷ নাগপুৰত বিবাহৰ মাঙ্গলিক অনুষ্ঠান সম্পন্ন হোৱাৰ পিছত উপায়ুক্ত শ্বাহ নকইনা লৈ ২৪ জানুৱাৰীত মধ্যপ্ৰদেশৰ পৰা নগাঁৱলৈ আহিব ৷
ফ্ৰেব্ৰুৱাৰীৰ পহিলা সপ্তাহত নগাঁৱৰ উপায়ুক্ত শ্বাহে নগাঁৱতে বিবাহৰ উপলক্ষে এক অভ্যৰ্থনা অনুষ্ঠান অনুষ্ঠিত কৰাৰ কথা ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/a4af1af2-56dd-4234-a65a-3af3e6ca48c7/78b795f8_6828_41fc_8acd_5392d604eb34.jpg)
ক্লিক কৰি পঢ়কঃ চিৰাং জিলা আছাৰ অষ্টম দ্বি-বাৰ্ষিক অধিবেশন সম্পন্ন: নতুন জিলা সমিতি গঠন...