চিৰাং জিলা আছাৰ অষ্টম দ্বি-বাৰ্ষিক অধিবেশন সম্পন্ন: নতুন জিলা সমিতি গঠন...

চিৰাং জিলা আছাৰ অষ্টম দ্বি-বাৰ্ষিক অধিবেশন সম্পন্ন: নতুন জিলা সমিতি গঠন...
চিৰাং জিলা আছাৰ অষ্টম দ্বি-বাৰ্ষিক অধিবেশন সম্পন্ন: নতুন জিলা সমিতি গঠন...

ডিজিটেল সংবাদ চিৰাং: আজি দিনজোৰা কাৰ্য্যসূচীৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাৰ চিৰাং জিলা সমিতিৰ অষ্টম দ্বি-বাৰ্ষিক অধিবেশন বেংতলৰ ছেৰফাংগুৰীত অনুষ্ঠিত হয় । ৰাতিপুৱা পতাকা উত্তোলন কৰে ফিলিমন টুডু, ছহিদ তৰ্পণ কৰে জৱাকিম বাকলাই ।

ফিলিমন টুডুৰ সভাপতিত্বত আৰু কেন্দ্ৰীয় সমিতি বিত্ত সম্পাদক বিমল মুৰ্মু আৰু সাংগঠনিক সম্পাদক অৰ্জ্জুন চৰেনৰ উপস্থিতিত প্ৰতিনিধি সভা অনুষ্ঠিত হয় । উক্ত প্ৰতিনিধি সভাত সৰ্বসন্মত ভাবে অনন্ত মুৰ্মুক সভাপতি আৰু ৰাইছেন টুডুক সাধাৰণ সম্পাদক হিচাপে লৈ ২৫ জনীয়া নতুন চিৰাং জিলা সমিতি গঠন কৰা হয় ।

দুপৰীয়া কেইবা সহস্ৰাধিক লোকৰ উপস্থিতিত মুকলি সভা অনুষ্ঠিত হয় । মুকলি সভাত মুখ্য অতিথি অতিথি ৰূপে উপস্থিত থাকি ষ্টিফান লাক্ৰাই তেখেতৰ ভাষণত অসমত বসবাস কৰা আদিবাসী সকলৰ জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ বিষয়টোক লৈ চৰকাৰে যি ৰাজনীতি কৰি আছে সেয়া বন্ধ কৰি জনজাতিকৰণ সমস্যাটো সোনকালে সমাধান কৰাৰ আহ্বান জনায় ।

তদুপৰি বছৰৰ পিছত বছৰ ধৰি বসবাস কৰা আদিবাসীসকলক চৰকাৰী ভূমিনীতি অনুযায়ী মাটি পট্টা প্ৰদান কৰাৰ লগতে আৰু সদ্য আদিবাসী শান্তিচুক্তিৰ আধাৰত ছেটেলাইট আদিবাসী উন্নয়ন পৰিষদ অতি সোনকালে গঠন কৰিবলৈ অসম চৰকাৰক অনুৰোধ জনায় । অধিবেশনৰ লগত সঙ্গতি ৰাখি সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in