/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/e3125e01-b0d3-47c0-9a2a-559035a7ac77/5.jpg)
ডিজিটেল সংবাদ, নগাঁও : নগাঁও কলেজ (অটন'মাচ) ত নিচাযুক্ত দ্ৰব্য ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা প্ৰদান কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মহাবিদ্যালয়খনৰ এন.এছ.এছ গোট আৰু আভ্যন্তৰীণ মান আশ্বাসন কোষৰ উদ্যোগত লগতে ভাৰত চৰকাৰৰ গৃহ বিভাগৰ অধীনস্থ নিচাযুক্ত দ্ৰব্য নিয়ন্ত্ৰণ পৰিষদ, গুৱাহাটী মাণ্ডলিক শাখাৰ সহযোগত "আন্তঃৰাষ্ট্ৰীয় ড্ৰাগ বৰ্জন আৰু সৰবৰাহ নিৱাৰণ" দিৱসৰ লগত সংগতি ৰাখি বক্তৃতানুষ্ঠান আয়োজন কৰা হয়।
অনুষ্ঠানত মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰে গুৱাহাটীস্থিত 'নিচাযুক্ত দ্ৰব্য নিয়ন্ত্ৰণ পৰিষদ’ ৰ উপপৰিদৰ্শক পংকজ কুমাৰ চৌহানে৷ নগাঁও কলেজৰ আভ্যন্তৰীণ মান আশ্বাসন কোষৰ সমন্বয়ক ড॰ ভুৱন চন্দ্ৰ চুতীয়াই আঁত ধৰা বক্তৃতানুষ্ঠানত পংকজ কুমাৰ চৌহানে এক তথ্য সমৃদ্ধ তথা মনোজ্ঞ বক্তৃতা প্ৰদান কৰে৷
তেখেতে নগাঁও জিলাৰ প্ৰেক্ষাপটত মাদক দ্ৰব্যৰ ভয়াৱহতাৰ কথা উল্লেখ কৰে৷ ভাৰত চৰকাৰৰ গৃহ বিভাগৰ তথ্যত প্ৰকাশিত অসমৰ ৪ খন জিলা ক্ৰমে- কৰিমগঞ্জ, কাছাৰ, কামৰূপ (গুৱাহাটী) ৰ লগতে নগাঁও জিলাও অতি স্পৰ্শকাতৰ বুলি চৌহানে বক্তব্যত উল্লেখ কৰে৷
তাৎপৰ্যপূৰ্ণভাৱে চৌহানে তেখেতৰ বক্তৃতাত নগাঁও জিলাত অন্যান্য মাদক দ্ৰব্যৰ পয়োভৰৰ লগতে বিভিন্ন ধৰণৰ জীৱনদায়িনী ঔষধ প্ৰচুৰ পৰিমাণে নিচাযুক্ত দ্ৰব্য হিচাপে ব্যৱহাৰ হোৱাৰ কথাও তথ্য সহকাৰে ব্যক্ত কৰে৷ নগাঁও কলেজ (অট’নমাচ)ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড॰ ৰঞ্জিৎ কুমাৰ মজিন্দাৰে অনুষ্ঠানত আদৰণী ভাষণ প্ৰদান কৰে৷ ড॰ মজিন্দাৰে নিচাযুক্ত দ্ৰব্যৰ ভয়াৱহতা, নিচাযুক্ত দ্ৰব্যই সমাজত সৃষ্টি কৰা বিভীষিকাৰ কথা অৱগত কৰে আৰু ছাত্ৰ-ছাত্ৰীসকলক এই সজাগতা বৃহত্তৰ সমাজলৈ আগবঢ়াই লৈ যাবলৈ আহ্বান জনায় ৷
এই দিৱসৰ লগত সংগতি ৰাখি নগাঁও কলেজ (অট’নমাচ) ৰ ইংৰাজী বিভাগৰ ছাত্ৰ-ছাত্ৰীৰ বাটৰ নাট পৰিৱেশনৰ যোগেদি ব্যাপক সজাগতা সৃষ্টিৰ প্ৰয়াস কৰাৰ লগতে পথচাৰীসকলৰ লগতে ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰচাৰ পত্ৰ বিতৰণ কৰে৷
এই অনুষ্ঠানতে মাণ্ডলিক কাৰ্যালয়ৰ অন্য এগৰাকী উপপৰিদৰ্শক ৰাহুল কুমাৰে উপস্থিত সকলোকে নিচাযুক্ত দ্ৰব্য ব্যৱহাৰৰ পৰা বিৰত থাকিবলৈ সজাগতা সৃষ্টিৰে শপত বাক্য পাঠ কৰোৱায়৷ আজিৰ এই সজাগতা কাৰ্যসূচীত মাণ্ডলিক কাৰ্যালয়ৰ পৰিদৰ্শক জামিন লাল তট্হাঙ, কলেজৰ উপাধ্যক্ষ ড॰ পুলিন চন্দ্ৰ বৰা, এন.এছ.এছ. সহকাৰী কাৰ্যসূচী বিষয়া ড॰ মানস জ্যোতি নিৰ্মলীয়াকে প্ৰমুখ্য কৰি অধ্যাপক-অধ্যাপিকা, অনা-শিক্ষক কৰ্মচাৰী আৰু দুই শতাধিক ছাত্ৰ-ছাত্ৰী আৰু এন.এছ.এছৰ সদস্যই অংশগ্ৰহণ কৰি নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে ব্যাপক সজাগতা সৃষ্টিৰে শপত গ্ৰহণ কৰে৷
Also Read: সাংবাদিক বিকাশ শৰ্মাক উত্তৰ কমাৰবন্ধা গাঁও পঞ্চায়তৰ বিশেষ বঁটা প্ৰদান...