সাংবাদিক বিকাশ শৰ্মাক উত্তৰ কমাৰবন্ধা গাঁও পঞ্চায়তৰ বিশেষ বঁটা প্ৰদান...

দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছে সংবাদিক শৰ্মা

author-image
Asomiya Pratidin
New Update
সাংবাদিক বিকাশ শৰ্মাক উত্তৰ কমাৰবন্ধা গাঁও পঞ্চায়তৰ বিশেষ বঁটা প্ৰদান...

সাংবাদিক বিকাশ শৰ্মাক উত্তৰ কমাৰবন্ধা গাঁও পঞ্চায়তৰ বিশেষ বঁটা প্ৰদান...

ডিজিটেল সংবাদ গোলাঘাটঃ গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক তথা শিশু সাহিত্যিক বিকাশ শৰ্মাক আজি উত্তৰ কমাৰবন্ধা গাওঁপঞ্চায়তে প্ৰদান কৰে এক বিশেষ বঁটা। পঞ্চায়তখনৰ প্ৰাক্তন সভাপতি ৰাজু তাঁতী আৰু সচিৱ অমূল্য শইকীয়াই আজি সাংবাদিক শৰ্মাৰ গোলাঘাটৰ নতুন আমোলাপট্টিৰ মুক্তাদুৱৰা পথত থকা বাসগৃহত উপস্থিতহৈ তেওঁক এই বিশেষ বঁটা প্ৰদান কৰে ৷

এই বটাঁ প্ৰদানৰ সময়ত গোলাঘাট জিলা সাহিত্য সভাৰ সম্পাদিকা বন্তি বৰা আৰু অসমীয়া প্ৰতিদিন কাকতৰ সাংবাদিক ৰিনা কটকীও উপস্থিত থাকে ৷ উল্লেখ্য যে, এই বঁটা বিগত ২৬ জানুৱাৰীতে প্ৰদান কৰাৰ কথা আছিল যদিও সাংবাদিকগৰাকীৰ শাৰীৰিক অসুষ্ঠতাৰ বাবে বঁটা গ্ৰহণ কৰিবলৈ যাব নোৱাৰিলে ৷

সেয়ে আজি সংবাদিক তথা শিশু সাহিত্যিকগৰাকীক তেখেতৰ বাসগৃহতে গৈ বঁটা প্ৰদান কৰা হয়। উল্লেখ্য যে, সাংবাদিক বিকাশ শৰ্মা এতিয়াও অসুস্থ হৈয়ে আছে। শাৰীৰিক অসুস্থতাকো নেওচি তেওঁ মনৰ দৃঢ়তাৰে সংবাদিকতাৰ দায়িত্ব সুকলমে সম্পন্ন কৰি আছে। তেওঁৰ এই কৰ্তব্যনিষ্ঠাক সকলোৱে প্ৰশংসা কৰাই নহয়, সাংবাদিক হিচাপে তেওঁৰ দায়বদ্ধতাকো প্ৰমাণ কৰিছে।

Also Read: গহপুৰত একেলগে তিনিটা ভেকছিন দিয়াৰ পিছতেই মৃত্যু আঢ়ৈ বছৰীয়া শিশুৰ...

কমাৰবন্ধা