নগাঁও গ্ৰন্থমেলাত ইলেক্ট্ৰ'নিক মিডিয়াৰ অনুষ্ঠানৰ প্ৰতি ৰাইজৰ ব্যাপক সঁহাৰি

নগাঁও ইলেক্ট্ৰ'নিক মিডিয়া এচ'ছিয়েশ্বনৰ উদ্যোগত অনুষ্ঠিত হোৱা এই অনুষ্ঠানটিয়ে গ্ৰন্থমেলাৰ বাকৰিত এক নান্দনিক পৰিবেশৰ সূচনা কৰে

author-image
Asomiya Pratidin
New Update
নগাঁও গ্ৰন্থমেলাত ইলেক্ট্ৰ'নিক মিডিয়াৰ অনুষ্ঠানৰ প্ৰতি ৰাইজৰ ব্যাপক সঁহাৰি

নগাঁও গ্ৰন্থমেলা

ডিজিটেল সংবাদ,নগাঁওঃ নগাঁও গ্ৰন্থমেলাত ইলেক্ট্ৰ'নিক মিডিয়াৰ অনুষ্ঠানৰ প্ৰতি ৰাইজৰ ব্যাপক সঁহাৰি। তৃতীয় দিনা লেখক-পাঠকৰ আড্ডাৰে মুখৰিত হ'ল নগাঁও গ্ৰন্থমেলাৰ বাকৰি । গ্ৰন্থমেলা উপলক্ষে শনিবাৰে নেহৰুবালিৰ হোমেন বৰগোহাঞি ক্ষেত্ৰত অনুষ্ঠিত হয় এক মত বিনিময়ৰ অনুষ্ঠান ।

Advertisment

নগাঁও ইলেক্ট্ৰ'নিক মিডিয়া এচ'ছিয়েশ্বনৰ উদ্যোগত অনুষ্ঠিত হোৱা এই অনুষ্ঠানটিয়ে গ্ৰন্থমেলাৰ বাকৰিত এক নান্দনিক পৰিবেশৰ সূচনা কৰে । সাংবাদিক জ্যোতিপ্ৰসাদ বৰাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা এই ভাব বিনিময়ৰ অনুষ্ঠানটি আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে সংবেদনশীল লেখিকা শৰ্মিষ্ঠা প্ৰীতমে ।

দ্বি শতাধিক গ্ৰন্থপ্ৰেমী উপস্থিত থকা এই জীপাল অনুষ্ঠানটিত কীৰ্তিকৃষ্টি বৰা,আতিকুৰ ৰহমান,পদুম বৰা,ড৹ কৰবী দেবী,ৰিমঝিম ৰীমা আদিয়ে গীত পৰিবেশন কৰাৰ বিপৰীতে গল্পকাৰ শিৱানন্দ কাকতি,দুলাল চন্দ্ৰ দাস,অধ্যাপক মোহিনী মোহন ডেকা,ড৹ মিলন নেওগ,দিলীপ কুমাৰ বৰা,সংগীতা বৰুৱা বৰা আদিয়ে তত্বগধুৰ বক্তব্য প্ৰদান কৰে ।

নগাঁও ইলেক্ট্ৰ'নিক মিডিয়াৰ এচ'ছিয়েশ্বনৰ সভাপতি বীৰেন বৰাৰ কৃতজ্ঞতাসূচক বক্তব্যৰে সামৰণি পৰা এই অনুষ্ঠানটিত শিক্ষক আনন্দ কুমাৰ নাথে লিমাৰিক কবিতা আৰু নাট্যকাৰ সপোনটি বৰদলৈয়ে নাটকৰ সংলাপো পৰিবেশন কৰি অনুষ্ঠানটিক এক অনন্য মাত্ৰা প্ৰদান কৰে । এই অনুষ্ঠানৰ পিছতে অনুষ্ঠিত হয় মুকলি কুইজ প্ৰতিযোগিতা ৷ সমাজহিতৈসী মহেশ্বৰ শৰ্মা বৰঠাকুৰৰ সোঁৱৰনত অনুষ্ঠিত সদৌ অসম ভিত্তিত অনুষ্ঠিত মুকলি কুইজ প্ৰতিযোগিতা খনি পৰিচালনা কৰে নগাঁও কুইজ ফ’ৰামৰ চন্দ্ৰজিৎ দাসে ৷

আৰু পঢ়কঃ দৰং জিলা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক অধিবেশনৰ লাইখুটা স্থাপন...

assam book fair