দৰং জিলা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক অধিবেশনৰ লাইখুটা স্থাপন...

অনুষ্ঠানত উপস্থিত থাকে ছিপাঝাৰ সমষ্টিৰ বিধায়ক তথা আদৰনী সমিতিৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশী

author-image
Asomiya Pratidin
New Update
দৰং জিলা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক অধিবেশনৰ লাইখুটা স্থাপন...

আদৰনী সমিতিৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশী

ডিজিটেল সংবাদ,‌ মঙলদৈঃ দৰং জিলা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক অধিবেশনৰ লাইখুটা স্থাপন। দৰং জিলা সাহিত্য সভাৰ ৪৭ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশনৰ লাইখুটা শনিবাৰে সৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত স্থাপন কৰা হয় ৷ উদুলিমুদুলি পৰিবেশৰে অধিৱেশনৰ লাইখুটা স্থাপন কৰে বুঢ়ীনগৰ কনিষ্ঠ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ শিক্ষক জীতেন হাজৰিকাই ৷

Advertisment

আয়োজক সমিতিয়ে জনোৱা অনুসৰি ২০২৩ চনৰ ৭ আৰু ৮ জানুৱাৰীত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে হ'বলগীয়া অধিবেশনৰ লাইখুটা স্থাপন অনুষ্ঠানত উপস্থিত থাকে ছিপাঝাৰ সমষ্টিৰ বিধায়ক তথা আদৰনী সমিতিৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশী, দৰং জিলা সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সভাপতি বৰদা শইকীয়া, সম্পাদক গৌতমানন্দ্ৰ গোস্বামী, শাখা সমিতিৰ বিষয়ববীয়া নাৰায়ণ শৰ্মা, ভদ্ৰকান্ত কলিতা, দীপক ৰায় বৰুৱা, ভূপেন কলিতা, জোৎস্না হাজৰিকা আৰু সাহিত্যনুৰাগী ব্যক্তিসকল ।

আৰু পঢ়কঃ অসমক গৌৰৱান্বিত কৰিছে ৰিয়ান পৰাগে !

assam darrang mangaldai