নেহৰুবালিত ১৫ ডিচেম্বৰৰ পৰা নগাঁও গ্ৰন্থমেলা

নগাঁৱৰ নেহৰুবালিত ১৫ ৰ পৰা ২২ ডিচেম্বৰলৈ হোমেন বৰগোহাঞি ক্ষেত্ৰত অনুষ্ঠিত হ'ব নগাঁও গ্ৰন্থমেলা ২০২২ ।
নেহৰুবালিত ১৫ ডিচেম্বৰৰ পৰা নগাঁও গ্ৰন্থমেলা

ডিজিটেল সংবাদ,নগাঁও : নগাঁৱৰ নেহৰুবালিত ১৫ ৰ পৰা ২২ ডিচেম্বৰলৈ হোমেন বৰগোহাঞি ক্ষেত্ৰত অনুষ্ঠিত হ'ব নগাঁও গ্ৰন্থমেলা ২০২২ । ১৫ ডিচেম্বৰৰ দুপৰীয়া অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই আনুষ্ঠানিক ভাৱে গ্ৰন্থমেলা উদ্বোধন কৰিব । অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° মৃদুল হাজৰিকা আৰু বিশিষ্ট সাহিত্যক আনন্দ বৰমুদৈ অতিথি হিচাপে উপস্থিত থাকিব ।

গ্ৰন্থমেলাস্থলীত আয়োজিত এক সংবাদমেলত সাংস্কৃতিক গোষ্ঠী 'কল্লোল' আৰু জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত নগাঁও গ্ৰন্থমেলা ২০২২ৰ সভাপতি বিধায়ক ৰূপক শৰ্মাই কয় যে গ্ৰন্থমেলাত পূৰ্বৰ দৰেই স্থানীয় গ্ৰন্থ প্ৰকাশকৰ উপৰি অৰ্দ্ধ শতাধিক দেশৰ গ্ৰন্থ প্ৰকাশকে অংশ গ্ৰহণ কৰিব । গ্ৰন্থমেলাত প্ৰতিদিনে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব ।

কাৰ্যসূচী সমূহৰ ভিতৰত আছে ১৬ ডিচেম্বৰত পুৱা কবিমেল , সন্ধ্যা মুকলি কুইজ, সাংস্কৃতিক অনুষ্ঠান । ১৭ ডিচেম্বৰত লিখকৰ সৈতে ভাব বিনিময় অনুষ্ঠান , সদৌ অসম ভিত্তিত মুকলি কুইজ প্ৰতিযোগিতা । ১৮ ডিচেম্বৰত পুৱা শিশুৰ মাজত চিত্ৰাংকন , সাধু কোৱা , কবিতা আবৃত্তি আৰু অন্যান্য প্ৰতিযোগিতা । ১৯ ডিচেম্বৰত দুপৰীয়া আলোচনা চক্ৰ , সন্ধ্যা যোগাসনৰ অনুষ্ঠান ।

২০ ডিচেম্বৰৰ পুৱাবেলা আলোচনা চক্ৰ , বিয়লি কবিমেল , সন্ধ্যা সাংস্কৃতিক অনুষ্ঠান । ২১ ডিচেম্বৰৰ দুপৰীয়া গীত মাতৰ অনুষ্ঠান , সন্ধ্যা সাংস্কৃতিক অনুষ্ঠান । ২২ ডিচেম্বৰৰ অন্তিম দিনা দুপৰীয়া 'চলচিত্ৰ তত্ত্ব আৰু দৰ্শক ' শীৰ্ষক আলোচনা চক্ৰ আৰু সন্ধ্যা গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হ'ব । গ্ৰন্থমেলা আয়োজক সমিতিৰ সভাপতি ৰূপক শৰ্মা , সম্পাদক দ্বয় নৌচাদ আখতাৰ হাজৰিকা আৰু শিৱানন্দ কাকতিয়ে সকলোৰে উপস্থিতিৰে নগাওঁ গ্ৰন্থমেলা ২০২২ সফল কৰি তোলাৰ আহবান জনাইছে ।

আৰু পঢ়ক: একাগ্ৰতা, সাধনা, স্থিত প্ৰজ্ঞতাৰে সফলতাৰ শীৰ্ষত উপনীত হ'বলৈ শিক্ষাৰ্থীক আহ্বান মন্ত্ৰী পীযুষ হাজৰীকাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in