/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/4450383d-e845-46d8-832d-a13091a665d9/mehd.jpg)
scooty distribution biswanath chariali
ডিজিটেল সংবাদ, বিশ্বনাথ চাৰিআলি : একাগ্ৰতা, সাধনা, স্থিতপ্ৰজ্ঞতা আৰু দৃঢ় প্ৰতিজ্ঞাবদ্ধতাৰে শৈক্ষিক জীৱনত আগুৱাই যাবলৈ ৰাজ্যৰ শিক্ষাৰ্থী সমাজৰ প্ৰতি আহ্বান জনায় তথ্য আৰু জনসংযোগ, জলসম্পদ, সংসদীয় পৰিক্ৰমা ইত্যাদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই । প্ৰজ্ঞা ভাৰতী আঁচনিৰ অন্তৰ্ভুক্ত ড° বাণীকান্ত কাকতি মেধা পুৰস্কাৰ বিতৰণ উপলক্ষে বিশ্বনাথ জিলাত অনুষ্ঠিত কাৰ্যসূচীত দেওবাৰে মুখ্য অতিথি হিচাপে উপস্থিত থাকি জিলাখনৰ অভিভাৱক মন্ত্ৰী হাজৰীকা। অনুষ্ঠানত উপস্থিত থাকি তেওঁ কৃতী শিক্ষাৰ্থীসকলক স্কুটী প্ৰদানৰ লগতে শুভেচ্ছা আৰু অভিনন্দন জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/7fa35f31-1816-485d-86d6-876afb87260d/24e37d64_479d_4c71_b35b_1a393f9723ea.jpg)
ভাষণ প্ৰসংগত গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচাই, মাইক্ৰছফ্টৰ মুখ্য কাৰ্যবাহী বিষয়া সত্য নাডেল্লা, পেপছিৰ মুখ্য কাৰ্যবাহী বিষয়া ইন্দ্ৰা নুই আদিৰ উদাহৰণ দাঙি ধৰি মন্ত্ৰী হাজৰীকাই কয় যে এই আটাইকেইগৰাকী হ’ল ভাৰতৰ সন্তান । তেওঁলোকে ভাৰতৰ বিভিন্ন শিক্ষানুষ্ঠানত অধ্যয়ন কৰি সম্প্ৰতি আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ ছিলিকণ ভেলীস্থিত পৃথিৱী বিখ্যাত এই কোম্পানী সমূহৰ শীৰ্ষ পদত অধিষ্ঠিত হ'ব পাৰিছে । অনাগত দিনত অসমৰ মেধাৱী শিক্ষাৰ্থীসকলেও এওঁলোকৰ দৰেই বিশ্বৰ এনে নামজ্বলা কোম্পানী সমূহৰ শীৰ্ষ পদত আৰোহণ কৰি ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিব বুলি মন্ত্ৰী হাজৰীকাই আশা প্ৰকাশ কৰে ।
অসমৰ চৰকাৰী স্কুলৰ শিক্ষা-ব্যৱস্থাৰ সৈতে দেশৰ অন্য ৰাজ্যৰ চৰকাৰী স্কুলৰ শিক্ষাৰ গুণগত কোনো পাৰ্থক্য নাই বুলি দোহাৰি কয় হাজৰীকাই । লগতে কয় যে জীৱনত সফলতা লাভৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ লক্ষ্য বহুত ডাঙৰ হোৱাৰ উপৰি তেওঁলোক একাগ্ৰ, স্থিতপ্ৰজ্ঞ আৰু দৃঢ় প্ৰতিজ্ঞ হ'ব লাগিব ।
অসমৰ সন্তানে ছিলিকন ভেলীৰ নহ'লেও অন্ততঃ বেংগালুৰুৰ বৃহৎ কোম্পানীৰ শীৰ্ষ পদত দপদপাই থাকিব পাৰিব লাগিব । এনে এক বহল দৃষ্টিভংগীৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বহু বছৰ পূৰ্বে মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ মেধাৱী শিক্ষাৰ্থীক কম্পিউটাৰ প্ৰদানৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই পুনৰাই কয় যে স্কুটী প্ৰদান আঁচনিৰ আঁৰতো মুখ্যমন্ত্ৰী ড° শৰ্মাৰ এক বহল দৃষ্টিভংগী আছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/bc0fad5b-3026-423b-b9c4-dbcb7084a2f1/953c006d_0682_449b_abbd_a1021873787e.jpg)
মন্ত্ৰীগৰাকীয়ে লগতে স্কুটী চলাওতে ছাত্ৰ-ছাত্ৰী উভয়কে বাধ্যতামূলকভাৱে হেলমেট পিন্ধিবলৈও আহ্বান জনায় । উল্লেখযোগ্য যে ছাত্ৰ-ছাত্ৰীসকলৰ জ্ঞান অন্বেষণৰ যাত্ৰা সুগম কৰি তোলাৰ উদ্দেশ্যৰে ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা বিভাগে ৰূপায়ন কৰা ড০ বাণীকান্ত কাকতি মেধা বঁটাৰ অংশৰূপে আজি বিশ্বনাথ জিলাৰ মেধা সম্পন্ন ৭৭০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত স্কুটী বিতৰণ কৰা হয় ।
প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ২০২২ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত বিশ্বনাথ জিলাখনৰ অন্তৰ্গত উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰী আৰু ৭৫% বা ততোধিক নম্বৰ পাই উত্তীৰ্ণ হোৱা ছাত্ৰক এই স্কুটীসমূহ বিতৰণ কৰা হয় । বিশ্বনাথৰ কমলাকান্ত ক্ষেত্ৰত আজি দিনৰ ১১ বজাত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত স্কুটী বিতৰণৰ কাৰ্যসূচীত মুখ্য অতিথিৰূপে উপস্থিত থাকি স্কুটী বিতৰণ শুভাৰম্ভ কৰে বিশ্বনাথৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰীকাই ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/c7614ce5-62f2-49ee-b8e1-fba9645e2fb6/78b9b8e0_8feb_4bfb_b2d9_e746a77a360d.jpg)
ছাত্ৰ-ছাত্ৰীসকলৰ জ্ঞান অন্বেষণৰ যাত্ৰা সুগম কৰি তোলাৰ অবিৰত প্ৰয়াসত সমৰ্পিত জনপ্ৰিয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে ইতিমধ্যে উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰী আৰু ৭৫% বা ততোধিক নম্বৰ পাই উত্তীৰ্ণ হোৱা ছাত্ৰক প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত প্ৰদান কৰা স্কুটীসহ এই বঁটা অসমীয়া সাহিত্য আৰু সংস্কৃতিৰ একনিষ্ঠ সেৱক, গৱেষক, ভাষাবিদ তথা কলিকতাৰ প্ৰেচিডেন্সী কলেজৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা ড° বাণীকান্ত কাকতিৰ নামৰে নামকৰণ কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/b7475f09-20b0-4977-acd9-42d063532d08/1ce0d5e0_48c4_4bf6_b855_ce9ecc0a4071.jpg)
উল্লেখ্য যে, বিশ্বনাথ জিলাত এইবেলি মুঠ ৭৭০ গৰাকী ছাত্ৰ ছাত্ৰীয়ে ড° বাণীকান্ত কাকতি বঁটা প্ৰাপ্ত কৰিবলৈ সক্ষম হৈছে। ইয়াৰে ১৫১ জন ছাত্ৰ আৰু ছাত্ৰী ৬১৯ গৰাকী। অভিভাৱক মন্ত্ৰী পীযুষ হাজৰীকাই বন্তি প্ৰজ্বলন কৰা এই অনুষ্ঠানত বিশ্বনাথৰ উপাযুক্ত মুণিন্দ্ৰ নাথ ঙাটেই আদৰণি ভাষণ প্ৰদান কৰে।
অনুষ্ঠানটিত ছাত্ৰ-ছাত্ৰীসকলক উদেশ্যি ভাষণ প্ৰদান কৰে তেজপুৰৰ সাংসদ পল্লৱলোচন দাস, চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা আৰু গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰাই। আজিৰ অনুষ্ঠানটোত বিশ্বনাথ জিলাৰ অতিৰিক্ত উপায়ুক্তসকল, জিলাখনৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক আৰু জিলাখনৰ শিক্ষা বিভাগৰ অন্যান্য বিষয়া কৰ্মচাৰীৰ উপৰি অভিভাৱক, ছাত্ৰ ছাত্ৰী তথা ভালেসংখ্যক সন্মানীয় ব্যক্তি উপস্থিত আছিল ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/7fda7826-6fba-4cf7-8b2c-293a4337db3b/WhatsApp_Image_2022_12_11_at_6_47_34_PM.jpeg)
প্ৰসংগক্ৰমে উল্লেখ্য যে অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ২০২২ বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ২৯,৭৪৮ গৰাকী ছাত্ৰী আৰু ৭৫% কৈ অধিক নম্বৰ লাভ কৰা ৬০৫২ গৰাকী ছাত্ৰক আনুষ্ঠানিকভাৱে স্কুটী বিতৰণ কৰাৰ এক যুগান্তকাৰী ব্যৱস্থা লৈছে। ৰাজ্যত এই অভিলাষী আঁচনিৰ অন্তৰ্গত মুঠতে ৩৫,৮০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে স্কুটী পাবলৈ সক্ষম হৈছে। আজিৰ অনুষ্ঠানটোত বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° চিন্তামণি শৰ্মাই শলাগৰ শৰাই আগবঢ়ায় ।
আৰু পঢ়ক: বিলাসীপাৰা আৰক্ষীৰ বৃহৎ সাফল্য; ১১খনকৈ চুৰি বাইক উদ্ধাৰ