বৰকলাত ৫৫ ফুট উচ্চতাত ৩৭৫বৰ্গফুটৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন...

পতাকাখন উত্তোলন কৰে সাংবাদিক মন্টু শইকীয়াই
৫৫ ফুট উচ্চতাত ৩৭৫বৰ্গফুটৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন
৫৫ ফুট উচ্চতাত ৩৭৫বৰ্গফুটৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন

ডিজিটেল সংবাদ,বেবেজীয়াঃ নগাঁও সদৰ সমষ্টিৰ বৰকলাত এখন বিশাল আকাৰৰ ৰাষ্ট্ৰীয় পতাকা বৃপস্পতিবাৰে উত্তোলন কৰে। নতুন দিল্লীৰ লালকিল্লা, গুৱাহাটীৰ গান্ধী মণ্ডপৰ দৰে আজি বৰকলাৰ ৪৪ নং আদৰ্শ প্ৰাথমিক বিদ্যালয়ত মাটিৰ পৰা ৫৫ ফুট উচ্চতাত ৩৭৫বৰ্গফুটৰ এখন বিশাল আকাৰৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে।

অসমৰ বিশিষ্ট কবি - সাহিত্যিক তথা অসম চৰকাৰৰ অগ্নিনিৰ্বাপক বাহিনীৰ উপ সঞ্চালক ড০ নন্দ সিং বৰকলাৰ বদন্যতাত বিশাল আকাৰৰ ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰে আমাৰ অসম কাকতৰ সহ সম্পাদক মন্টু শইকীয়াই । শিশু সাহিত্যিক উত্তম সিঙে আঁত ধৰা অনুষ্ঠানটিত সাংবাদিক মন্টু শইকীয়াই পতাকা উত্তোলন কৰি কয় যে, দেশৰ ঐক্য, অখণ্ডতা আৰু গৌৰৱৰ ধ্বজা বহন কৰি অহা তিৰংগা পতাকাখনি বৰকলাৰ আকাশত গৌৰৱেৰে উৰি থাকিবলৈ নন্দ সিং বৰকলাই যি প্ৰচেষ্টা লৈছে সেয়া প্ৰসংশা কৰিবলগীয়া । এই কাৰ্য সচাকৈ প্ৰসংশনীয় আদৰণীয় । কলঙ আৰু হাৰিয়া নদীৰ মাজৰ ভূখণ্ডৰ মাজত থকা নন্দ সিঙে নিজৰ ওপজা গাঁৱখন উজলাবলৈ যি আঁচনি লৈছে সেয়া সাৰ্থক হওঁক।

উক্ত অনুষ্ঠানতে বিদ্যালয়ৰ হৈ যোৱা খেল-ধেমালি প্ৰতিযোগিতাৰ বঁটা সমূহো বিতৰণ কৰে । সভাত কামপুৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সভাৰাম মজুমদাৰ , কামপুৰৰ জেষ্ঠ সাংবাদিক মোলান লস্কৰ , বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি কমল সিংহ , অৱসৰপ্ৰাপ্ত সেনা বিষয়া নবীন সিঙকে ধৰি গন্য মান্য সকল উপস্থিত থাকে ।

উল্লেখ্য যে, বিদ্যালয়খনৰ চৌহদত ইতিমধ্য স্বাধীনতা সংগ্ৰামী উত্তম ডেকা ,ৰসৰাজ লক্ষীনাথ বেজবৰুৱা আৰু সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্ত্তি প্ৰতিষ্ঠা কৰিছে ।

আৰু পঢ়কঃ টিহুত বিভিন্ন কাৰ্যসূচীৰে ৪০০ সংখ্যক লাচিত জয়ন্তী পালন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in