টিহুত বিভিন্ন কাৰ্যসূচীৰে ৪০০ সংখ্যক লাচিত জয়ন্তী পালন...

সভাৰ পূৰ্বে বীৰ লাচিতৰ প্ৰতিচ্ছবি আৰু ভাৰতী মাতাৰ সন্মুখত বন্তি জ্বলাই শ্ৰদ্ধা নিবেদন কৰে
টিহুত বিভিন্ন কাৰ্যসূচীৰে ৪০০ সংখ্যক লাচিত জয়ন্তী পালন
টিহুত বিভিন্ন কাৰ্যসূচীৰে ৪০০ সংখ্যক লাচিত জয়ন্তী পালন

ডিজিটেল সংবাদ,নলবাৰীঃ টিহু জাতীয় বিদ্যালয়ৰ উদ্যোগত বৃহস্পতিবাৰে দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে ৪০০ সংখ্যক লাচিত জয়ন্তী পালন কৰে। কাৰ্যসূচী অনুসৰি বিদ্যালয়খনৰ প্ৰধান শিক্ষক ধৰণী ডেকাই লাচিত বৰফুকনৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি জ্বলাই শ্ৰদ্ধা নিবেদন কৰে । দেশৰ হকে আত্মবলীদান দিয়া বীৰ বীৰাংগনাসকলৰ স্মৃতিতো শ্ৰদ্ধা নিবেদন কৰাৰ পাছত শিক্ষাৰ্থী আৰু শিক্ষকসকলে ‘‘বিশ্ব বিজয় নজোৱান, বিশ্ব বিজয় নজোৱান...’’ শীৰ্ষক কালজয়ী বৃন্দগীতটো পৰিবেশন কৰে ।

অনুষ্ঠানত শিক্ষাৰ্থীসকলৰ মাজৰ ক্ৰমে ঋতুৰাজ কাশ্যপ, চেহনাজ চুলটানা, জুমনজিৎ শৰ্মা, কৃতাৰ্থ বেজবৰুৱা, দীক্ষাশ্ৰী কলিতা, জোন কলিতা, কুঞ্জৰ শৰ্মা, হিয়া শৰ্মা, চানদীপ কলিতা, বৰ্ণিল মেধি, দেৱাশিস কলিতা, ঋচা শৰ্মা, মৃগাংক শৰ্মা আৰু প্ৰদ্যুৎ পৰাশৰে বীৰ লাচিত বৰফুকনৰ বিষয়ে ভাষণ প্ৰদান কৰে । অনুষ্ঠানত শিক্ষাৰ্থী অভিজিৎ কলিতা আৰু ধ্ৰুৱাংক কলিতাৰ লগতে শিক্ষক নিৰঞ্জন দত্তই কবিতা আবৃত্তি; শিক্ষাৰ্থী মানস প্ৰতিম কলিতা, শিক্ষক–শিক্ষয়িত্ৰীক্ৰমে দীপাঞ্জলি পাঠক আৰু মনোৰঞ্জন ডেকাই দেশপ্ৰেমমূলক গীত পৰিৱেশন কৰে । অসম সংগীতেৰে অনুষ্ঠান সামৰণী মাৰে ।

আনহাতে হিন্দু জাগৰণ, অসমৰ টিহু খণ্ডৰ উদ্যোগত আজি টিহু পৌৰসভাৰ কৰ্যালয় প্ৰাংগণত বিভিন্ন কাৰ্যসূচীৰে ৪০০ সংখ্যক লাচিত জয়ন্তী পালন কৰে । হিন্দু জাগৰণ, অসমৰ টিহু খণ্ডৰ সভাপতি দীপক হুজুৰীয়ে অনুষ্ঠান আয়োজনৰ উদ্দেশ্য বিৱৰি কোৱাৰ পাছতে উপ সভাপতি নাউধন মজুমদাৰৰ সঞ্চালনাত এখন মুকলি সভা হয় ।

সভাত হিন্দু জাগৰণ, অসমৰ যুটীয়া সম্পাদক গৌতম মেধি, নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা, টিহু পৌৰসভাৰ পৌৰপতি হিমানী মজুমদাৰ, উপ পৌৰপতি ড০ সুৰজিৎ বৰ্মন আৰু টিহু মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ গিৰীন্দ্ৰনাথ শৰ্মাই বিশিষ্ট অতিথি হিচাপে অংশ লৈ প্ৰাসংগিক ভাষণ প্ৰদান কৰে । সভাৰ পূৰ্বে বীৰ লাচিতৰ প্ৰতিচ্ছবি আৰু ভাৰতী মাতাৰ সন্মুখত বন্তি জ্বলাই শ্ৰদ্ধা নিবেদন কৰে । হিন্দু জাগৰণ, অসমৰ নলবাৰী জিলা সমিতিৰ উপ সভাপতি ৰূপম ডেকা, টিহু খণ্ডৰ যুটীয়া সম্পাদক ৰূপম কলিতাৰ বিশেষ পৰিকল্পনা আৰু সহযোগিতাৰে হোৱা এই অনুষ্ঠানত জনপ্ৰিয় সংগীত শিল্পী হেমন্ত তালুকদাৰ, টিহু পৌৰসভাৰ ৱাৰ্ড কমিচনাৰ জিন্তী বেজবৰুৱা, ইভা দাস, বৰ্ণালী দাস, গীতাঞ্জলি দাস, সমাজকৰ্মী হেমন্ত দাস, টিহু আঞ্চলিক দিব্যাংগ উন্নয়ন সন্থাৰ সভাপতি গৌতম শৰ্মা প্ৰমুখ্যে কেইবাগৰাকী লোকে ভাগ লয় ।

আৰু পঢ়কঃ বজালী জিলা প্ৰশাসনৰ উদ্যোগত লাচিত বৰফুকনৰ জন্ম জয়ন্তী পালন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in