নগাঁৱৰ কৃষি বিজ্ঞান কেন্দ্ৰত "বীজৰ পৰা বীজলৈ" শীৰ্ষক প্ৰশিক্ষণ কৰ্মশালাৰ সামৰণি...

অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ প্ৰকল্পৰ উদ্যোগত নতুন উদ্ভাৱনী কৌশলৰ হাতে কামে প্ৰশিক্ষণ

author-image
Asomiya Pratidin
New Update
নগাঁৱৰ কৃষি বিজ্ঞান কেন্দ্ৰত "বীজৰ পৰা বীজলৈ" শীৰ্ষক প্ৰশিক্ষণ কৰ্মশালাৰ সামৰণি...

"বীজৰ পৰা বীজলৈ" শীৰ্ষক প্ৰশিক্ষণ কৰ্মশালা

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ "নতুন উদ্ভাৱনেৰে কৃষি ক্ষেত্ৰত পৰিৱৰ্তন অনা প্ৰযুক্তিগত কৌশল প্ৰয়োগ কৰি অনাগত সময়ত আমাৰ কৃষকসকল লাভাম্বিত হ'ব। কৃষিত নিশ্চয়কৈ এক নতুন ৰূপৰেখা উদ্ভাষিত হ'ব।" এই মন্তব্য নগাঁও জিলা অতিৰিক্ত উপায়ুক্ত(কৃষি) বিজিতা ডেকাৰ। অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ প্ৰকল্প(APART)ৰ উদ্যোগত, কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁৱৰ সৌজন্যত সোমবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত "বীজৰ পৰা বীজলৈ" শীৰ্ষক প্ৰশিক্ষণ কৰ্মশালাৰ সামৰণি অনুষ্ঠানত মুুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰি অতিৰিক্ত উপায়ুক্তগৰাকীয়ে এনেদৰে মন্তব্য কৰে।

Advertisment

জানিবলৈ দিয়া মতে কৃষি যান্ত্ৰিকীকৰণৰ দ্বাৰা ধানৰ বীজ শুকুৱাই সংৰক্ষণ কৰি প্ৰক্ৰিয়াকৰণ কৰালৈ সামৰি "বীজৰ পৰা বীজলৈ" শীৰ্ষক প্ৰশিক্ষণ কৰ্মশালাৰ মঙলবাৰে সামৰণিৰ দিনা কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ পামত নতুন উদ্ভাৱনিক প্ৰযুক্তিৰ যন্ত্ৰ পাতি সমূহৰ হাতে কামে ব্যবহাৰিক প্ৰশিক্ষণ প্ৰদান কৰে।

নগাঁও জিলাৰ কঠিয়াতলী, কাছমাৰী, তুলসী মুখ, ডাকৰ ঘাট, কৃষ্ণাই ঘাট, মাজ জাজৰি, বিৰহ বেবেজিয়া, ভূৰবন্ধা, দৰংগীয়াল গাঁও, কামপুৰ, চলচলি, শিঙিয়া, শেনচোৱা, বৰকলা বিভিন্ন অঞ্চলৰ কৃষক উৎপাদক কোম্পানীৰ সদস্য, কৃষক উৎপাদক সংস্থাৰ সদস্য আৰু প্ৰগতিশীল কৃষকসকলে অংশগ্ৰহণ কৰে। উক্ত প্ৰশিক্ষণত আজি কাৰ্যসূচী সমূহ আৰম্ভ কৰি কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ মূৰব্বী ড০ নিৰঞ্জন ডেকাই "কৃষি ক্ষেত্ৰত কম সময়ত, ব্যয় সংকোচন কৰি কৰা এই নতুন উদ্ভাৱনী কাৰিকৰী কৌশল সমূহৰ ব্যৱহাৰিক প্ৰয়োগ ইতিমধ্যে আৰম্ভ হৈছে। ইয়াৰ বহুল প্ৰচলনে ব্যপত প্ৰভাৱ বিস্তাৰ কৰিব।" বুলি উল্লেখ কৰে।

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযানৰ ৰাজ্যিক পৰামৰ্শদাতা তথা এপাৰ্টৰ নগাঁও জিলাৰ পৰামৰ্শদাতা ড০ অৰুনিমা দেৱচৌধুৰী, নগাঁও জিলা কৃষি বিষয়া ৰঞ্জন ডেকা, কাৰ্যবাহী অভিযন্তা বিশ্বজিৎ নাথ, এপাৰ্টৰ প্ৰকল্প সহযোগী বিজ্ঞানী প্ৰিয়ংকা ডেকা, গায়ত্ৰী গোস্বামী, অলংকিতা দত্ত, আন্তৰ্জাতিক ধান গৱেষণা কেন্দ্ৰৰ বিজ্ঞানী ড০ সূৰ্য্য কান্ত খাণ্ডায়, কাৰিকৰী গৱেষক জন্মেজয় বিচোৱাল, দেৱজিৎ ভূঞা, দুৰ্লভ কলিতাকে আদিকে ধৰি বিষয়া কৰ্মচাৰী, বিশেষজ্ঞ সকলৰ উপস্থিতিত "মিনি কম্বাইন (Mini Combine Harvester), চলাৰ বাবল ড্ৰায়াৰ, ৰিপাৰ(Reaper) , চিড ক'ম ফাৰ্টিলাইজাৰ ড্ৰিল, গ্ৰাইণ্ডিং মেশ্বিন, মিনি ৰাইচ মিল, ট্ৰেন্সপ্লাান্টাৰ, উইদাৰ, ড্ৰাম চিডাৰ(Drum seeder), লেজাৰ লেণ্ড লেভেলাৰ (Laser land levelar) আদি বিভিন্ন উন্নত প্ৰযুক্তিৰ যন্ত্ৰ পাতি সমূহৰ ব্যৱহাৰিক প্ৰশিক্ষণ দিয়ে।

নগাঁৱৰ কৃষি বিজ্ঞান কেন্দ্ৰত
নগাঁৱৰ কৃষি বিজ্ঞান কেন্দ্ৰত "বীজৰ পৰা বীজলৈ" শীৰ্ষক প্ৰশিক্ষণ

আৰু পঢ়কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৰাৱণ !

nagaon batadraba agriculture