/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/151ce3cb-78a5-49df-b1e0-f15f7a0fa85f/5.jpg)
ডিজিটেল সংবাদ,ৰহাঃ কৃষক সকলৰ সুবিধাৰ্থে নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰই গ্ৰহণ কৰিছে এক উল্লেখযোগ্য পদক্ষেপ।অসম কৃষি বিশ্ববিদ্যালয়ৰ নিৰ্দেশনা অনুসৰি কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যোগত ৰহা মহকুমা কৃষি বিভাগৰ অধীনস্থ বগৰিগুৰি পথাৰত যান্ত্ৰিক পদ্ধতিৰে ধান ৰোপণ কৰা ব্যৱস্থাৰ শুভাৰম্ভণি কৰা হয়।
কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যোগত ৰহাৰ বগৰিগুৰি পথাৰৰ প্ৰায় ৩০০ বিঘা মাটিত যান্ত্ৰিক পদ্ধতিৰে প্ৰথমবাৰৰ বাবে শালিধান ৰোপণ কাৰ্যসূচীৰ আৰম্ভ কৰা হয়। উক্ত অনুষ্ঠানটোত উপস্থিত থাকি কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ মূৰব্বী গৰাকীয়ে কয় যে এই পদ্ধতিৰে ধান ৰোপণ কৰিলে কম সময়ত কম খৰছত শাৰী শাৰী কৈ ৰোপণ কৰিব পৰা যায়।
যাৰ পৰিপ্ৰেক্ষিতত পৰৱৰ্তী কালত ধান নিয়নিকৰন আৰু ঔষধ চতিওৱাৰ সুবিধা হোৱাৰ লগতে ধান গছ সমূহে ডাঙৰকৈ পোখা মেলিবলৈ সুবিধা পায়। লগতে কম সময়ৰ ভিতৰতে খেতি সম্পূৰ্ণ হয়। অসমৰ কৃষকসকলে বছৰটোত কেৱল এটাহে খেতি কৰে। সেই প্ৰৱণতা দূৰ কৰি বছৰটোত একেডৰা মাটিতে ২-৩ বিধ খেতি কৰিব পৰা ব্যৱস্থা গ্ৰহণৰ উদ্দেশ্যে এই উন্নত প্ৰজাতিৰ ধান ৰোপণ কৰা হয় বুলি কৃষি বিজ্ঞানী সকলে জানিবলৈ দিয়ে।
উক্ত যান্ত্ৰিক পদ্ধতিৰে শালিধান ৰোপণৰ কাৰ্যসূচী লগত সংগতি ৰাখি পথাৰত নামি কৃষক সকলৰ সৈতে কঠীয়া ৰূপন কৰিলে নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী সকলৰ লগতে কৃষি বিভাগৰ বিষয়-ববীয়া সকলে।
Also Read: দিকৰাই চাহ বাগিচাত শ্ৰী শ্ৰী বুঢ়া বাবা থানৰ ১৯০ বছৰীয়া প্ৰতিষ্ঠা দিৱস উদযাপন