দিকৰাই চাহ বাগিচাত শ্ৰী শ্ৰী বুঢ়া বাবা থানৰ ১৯০ বছৰীয়া প্ৰতিষ্ঠা দিৱস উদযাপন

দিকৰাই চাহ বাগিচাত শ্ৰী শ্ৰী বুঢ়া বাবা থানৰ ১৯০ বছৰীয়া প্ৰতিষ্ঠা দিৱস উদযাপন

author-image
Asomiya Pratidin
New Update
দিকৰাই চাহ বাগিচাত শ্ৰী শ্ৰী বুঢ়া বাবা থানৰ ১৯০ বছৰীয়া প্ৰতিষ্ঠা দিৱস উদযাপন

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ ১৮৩৫ চনত (উইলিয়ামছন মেগৰ) তাহানিৰ বৃষ্টিছ চৰকাৰে নিৰ্মাণ কৰা এখন ঐতিহাসিক থান হ'ল জামুগুৰিহাটৰ দিকৰাই চাহবাগিছাৰ শ্ৰীশ্ৰী বুঢ়া বাবা থান। প্ৰতিষ্ঠাৰে পৰা দিকৰাই চাহ বাগিছাৰ অন্তৰ্গত পাচটা ডিভিজনৰ চাহ বাগিছাত কৰ্মৰত লোকসকলে বুঢ়া বাবা থানত পূজা অৰ্চনা কৰি আহিছে।

Advertisment

সেই পৰম্পৰাকে সৰোগত কৰি শ্ৰীশ্ৰী বুঢা বাবা থানত মঙলবাৰে পুৱাৰ পৰাই অগণন ভক্তপ্ৰাণ চাহ শ্ৰমিক ৰাইজৰ সমাগম ঘটিল আৰু উদযাপন কৰিলে ১৯০ বছৰীয়া প্ৰতিষ্ঠা দিৱস।এই পবিত্ৰ থানত উপস্থিত হৈ ভক্তপ্ৰাণ ৰাইজে অতি ভক্তি ভাৱে নিজৰ ইষ্ট দেৱতাক স্মৰণ কৰে।

উল্লেখযোগ্য যে চাহ বাগিচাত কৰ্মৰত অৱস্থাত শ্ৰমিক সকলক যাতে কোনো ধৰণৰ কীট পতংগ, সৰ্প তথা বন্য জন্তুৱে অনিষ্ট সাধন কৰিব নোৱাৰে সেই উদ্দেশ্যে এই পবিত্ৰ বুঢা বাবা থান প্ৰতিষ্ঠা কৰা হৈছিল।

সেয়ে প্ৰতি বছৰে এই দিনটোত বুঢ়া বাবা থানত সকলো ভক্তপ্ৰাণ চাহ শ্ৰমিক ৰাইজ ও বিষয়া কৰ্মচাৰী সকল একত্ৰিত হৈ এইদৰে বুঢ়া বাবাক ধুপ, ধুনা,দীপ নৈবদ্যৰে পূজা অৰ্চনা কৰি আগন্তুক দিন সমূহত যেন কোনো ধৰনৰ হানি বিঘিনি আপায় অমংগল নহওঁক তাৰে কামনাৰে প্ৰাৰ্থনা কৰে৷

Also Read: আপত যোগদান প্ৰাক্তন কংগ্ৰেছী নেতা চেজন গয়াৰীৰ

jamugurihat