সাংসদ পদ কৰ্তন হ'ব নৱ কুমাৰ শৰণীয়াৰ !

সাংসদ পদ কৰ্তন হ'ব নৱ কুমাৰ শৰণীয়াৰ !

author-image
Asomiya Pratidin
New Update
সাংসদ পদ কৰ্তন হ'ব নৱ কুমাৰ শৰণীয়াৰ !

সাংসদ পদ কৰ্তন হ'ব নৱ কুমাৰ শৰণীয়াৰ !

ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ ৫ নং লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ জাতিগত প্ৰমানপত্ৰ পৰীক্ষা কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যিক পৰ্যায়ৰ নিৰীক্ষণ কমিটিক নিৰ্দেশ প্ৰদান কৰাৰ পিছতেই আজি জনজাতি সুৰক্ষা মঞ্চই কোকৰাঝাৰ প্ৰেছ ক্লাৱত এক সংবাদমেলৰ আয়োজন কৰে। জনজাতি সুৰক্ষা মঞ্চৰ সভাপতি জনকলাল বসুমতাৰী আৰু ভাৰপ্ৰাপ্ত সভাপতি দাওৰাও দেখ্ৰেব নাৰ্জাৰীয়ে সংবাদমেলত সম্বোধন কৰি কয় যে, সাংসদ নৱ কুমাৰ শৰণীয়াৰ অনুসূচিত জনজাতিৰ প্ৰমানপত্ৰ ভূৱা বুলি ৰাজ্যিক পৰ্যায়ৰ নিৰীক্ষণ কমিটিয়ে কৰ্তন কৰিলেই সাংসদ গৰাকীৰ বিৰুদ্ধে লোকসভাৰ অধ্যক্ষক অৱগত কৰা হ'ব ।

Advertisment

ইয়াৰ উপৰিও নৱ কুমাৰ শৰণীয়াৰ বিৰুদ্ধে অপৰাধজনিত গোচৰ চলিব আৰু অনুসূচিত জনজাতিৰ প্ৰমানপত্ৰ কৰ্তন হলেই সাংসদ পদ খাৰিজ হ'ব । তদুপৰি সাংসদ হৈ থকাৰ সময়ত আদায় লোৱা দৰমহা-সুবিধাও ঘূৰাই দিব লাগিব আৰু নৱ কুমাৰ শৰণীয়া জে'ললৈও যাব লাগিব পাৰে বুলি মন্তব্য কৰিছে জনজাতি সুৰক্ষা মঞ্চই।

উল্লেখ্য যে, ২০১৯ চনৰ ১১ জুনত ৰাজ্যিক পৰ্যায়ৰ নিৰীক্ষণ কমিটিত জনকলাল বসুমতাৰীয়ে সাংসদ নৱ কুমাৰ শৰণীয়াৰ অনুসূচিত জনজাতিৰ প্ৰমানপত্ৰ ভুৱা বুলি দাবী কৰি প্ৰমানপত্ৰ খাৰিজ কৰাৰ বাবে আবেদন কৰিছিল । কিন্তু নিৰীক্ষণ কমিটিয়ে তিনিবছৰে কোনোধৰণৰ কাৰ্যব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ জনকলাল বসুমতাৰীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপে ।

জনজাতি সুৰক্ষা মঞ্চৰ সভাপতি জনকলাল বসুমতাৰীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত ডব্লিউ পি(চি) ৭৫০৮/ ২০২২ নম্বৰৰ লেখ আবেদন দাখিল কৰে আৰু আবেদনৰ শুনানি লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে সাংসদ নৱ কুমাৰ শৰণীয়াৰ জাতিগত সিদ্ধান্ত লবলৈ ৰাজ্যিক পৰ্যায়ৰ নিৰীক্ষণ কমিটিক দুমাহৰ সময়সীমা প্ৰদান কৰিছে ।

সাংসদ নৱ কুমাৰ শৰণীয়াৰ পিতৃ বড়ো কছাৰী সম্প্ৰদায়ৰ নাছিল বুলি দাবী জনজাতি সুৰক্ষা মঞ্চই আজি সংবাদমেলত কয় যে, ইতিমধ্যে ৰাজ্যিক পৰ্যায়ৰ নিৰীক্ষণ কমিটিৰ অনুসন্ধান সমিতিয়ে প্ৰতিবেদন দাখিল কৰিছে য'ত নৱ কুমাৰ শৰণীয়াই তেওঁৰ পিতৃ-মাতৃ বড়ো -কছাৰী সম্প্ৰদায়ৰ আছিল বুলি প্ৰমান কৰিবলৈ সক্ষম হোৱা নাই ।

সংবাদমেলত নৱ কুমাৰ শৰণীয়া প্ৰকৃততে বড়ো -কছাৰী নহয় বৰং সৰু কোচ বা কোচ সম্প্ৰদায়ৰ বুলি মন্তব্য কৰি জনজাতি সুৰক্ষা মঞ্চই বড়ো-কছাৰী সম্প্ৰদায়ৰ নামত ভুৱা প্ৰমানপত্ৰ লোৱা সাংসদ নৱ কুমাৰ শৰণীয়াৰ অনুসূচিত জনজাতিৰ প্ৰমানপত্ৰ শীঘ্ৰে কৰ্তন কৰিবলৈ ৰাজ্যিক পৰ্যায়ৰ নিৰীক্ষণ কমিটিৰ প্ৰতি আহ্বান জনাইছে ।

ইয়াৰোপৰি ভুৱা জনজাতিৰ প্ৰমানপত্ৰ লৈ বড়ো জনগোষ্ঠীৰ বিৰুদ্ধে কাম কৰি, অবড়ো ৰাজনৈতিক দল গঠন কৰি বড়োসকলৰ সাংবিধানিক, ৰাজনৈতিক অধিকাৰ কাঢ়ি লোৱাৰ পৰা সুৰক্ষা পাবলৈ নৱ কুমাৰ শৰণীয়াৰ বিৰুদ্ধে থিয় দিবলৈ সকলো সচেতন বড়ো জনগোষ্ঠী আৰু দল-সংগঠনৰ প্ৰতি আহ্বান জনাইছে জনজাতি সুৰক্ষা মঞ্চই ।

ক্লিক কৰি পঢ়কঃ সোনোৱালৰ গাঁৱত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাঃ একেখনম মঞ্চত দুই নেতাই এজনে আনজনক কৰিলে প্ৰশংসা..

নৱ কুমাৰ শৰণীয়া