সোনোৱালৰ গাঁৱত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাঃ একেখনম মঞ্চত দুই নেতাই এজনে আনজনক কৰিলে প্ৰশংসা..

সোনোৱালৰ গাঁৱত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাঃ একেখনম মঞ্চত দুই নেতাই এজনে আনজনক কৰিলে প্ৰশংসা..
সোনোৱালৰ গাঁৱত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাঃ একেখনম মঞ্চত দুই নেতাই এজনে আনজনক কৰিলে প্ৰশংসা..

ডিজিটেল ডেস্কঃ ১৯৭১ চনত প্ৰতিষ্ঠা হোৱা বিন্ধাকটা উচ্চ মাধ্যমিক বিদ্যালয়ক প্ৰাথমিক উচ্চতৰ মাধ্যমিকলৈ উন্নীতকৰণৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। বৃহত্তৰ বিন্ধাকটা অঞ্চলৰ অন্যতম উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ বিন্ধাকটা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিদ্যালয়খনৰ প্ৰতিষ্ঠাপকসকলক স্মৰণ কৰি মুখ্যমন্ত্ৰীৰ কাৰ্যকালতে সৰ্বানন্দ সোনোৱালে বিদ্যালয়খনলৈ আগবঢ়োৱা অৱদানৰ বাবে প্ৰশংসা কৰিলে কেন্দ্ৰীয় মন্ত্ৰীজনক।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, এয়া এজন প্ৰাক্তন শিক্ষাৰ্থীৰ বিদ্যালয়খনৰ প্ৰতি থকা কৃতজ্ঞতা আৰু মৰমৰ চিন আছিল । অসমৰ প্ৰতিখন বিদ্যালয়ত সৰ্বানন্দ সোনোৱালৰ দৰে প্ৰাক্তন ছাত্ৰ থাকিলে প্ৰতিখন বিদ্যালয়ৰ উন্নয়ন অৱশ্যাৱাম্ভী হ'ব।

বিন্ধাকটকাক লৈ সৰ্বানন্দ সোনোৱাল সদায়েই আশাবাদী বুলি মন্তব্য কৰি কয়, চৰকাৰত থাকোতে আমাক তেখেতে দায়িত্ব দিছিল, যিমান পশু পক্ষী ৰোগত আক্ৰান্ত হয়, বা বিভিন্ন সময়ত চোৰাং চিকাৰীত আঘাতপ্ৰাপ্ত হোৱা পশু পক্ষীৰ চিকিৎসাৰ বাবে পুনৰসংস্থাপন কেন্দ্ৰ নিৰ্মাণ হ'ব লাগে। যাতে ই আকৰ্ষণৰো কেন্দ্ৰ বিন্দু হৈ পৰে।

জীৱ-জন্তুবোৰ আশ্ৰয়ৰ যাতে স্থান লাভ কৰে। প্ৰায় ১৫০ কোটি টকা ব্যয়েৰে বিন্ধাকটাত নিৰ্মাণ কৰা হ'ব বন্যপ্ৰাণী পুনৰসংস্থাপন কেন্দ্ৰ। তদুপৰি মেডিকেল প্ৰৱেশিকা পৰীক্ষাত অৱতীৰ্ণ হ'ব পৰাকৈ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপনৰ কথা ঘোষণা কৰি বিন্ধাকটা উচ্চ মাধ্যমিক বিদ্যালয়তে মিউজিক স্কুল স্থাপনৰ কথা পোষকতা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

সেইদৰে প্ৰতিদিনেই ১ ঘন্টাকৈ প্ৰাইভেট টিউটৰেইলৰো ব্যৱস্থা গ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীজনে। ইয়াৰ ফলত বিন্ধাকটাই সমগ্ৰ ৰাজ্যখনতে আদৰ্শ দেখোৱাব। শৈক্ষিক জগতৰ বাবে বিন্ধাকটাই এক প্ৰেৰণাৰ উৎস হৈ ৰ'ব।  সোণালী জয়ন্তী বৰ্ষ উদযাপন সমিতিৰ সভাপতি গোপীনাথ হালোৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই মুকলি সভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আৰু কয়, চৰকাৰখন হঠাৎ ধনী হৈ পৰাৰ কাৰণ হ'ল অসমৰ জনসাধাৰণ।

তেওঁ কয়, আমাৰ ৰাজ্যত যেতিয়াই আন্দোলন বিৱৰ্জিত পৰিৱেশ সৃষ্টি হৈছিল তেতিয়াই অসম মাতৃ লহপহকৈ আগবাঢ়িছে। ১৯৭৯ চনৰ পৰা সৌ সিদিনালৈকে অসমৰ মানুহে যিমানেই আন্দোলন কৰিছিল সিমানেই পিছুৱাই আহিছিল। আমাক কোৱা হৈছিল অসমক ব্ৰহ্মপুত্ৰ দলঙৰ বাবে আন্দোলন লাগে, ৰিফাইনেৰীৰ বাবে আন্দোলন লাগে।

কিন্তু যোৱা কেইটামান দিনৰ ঘটনাৰাজীয়ে প্ৰমাণ কৰিছে যে অসমৰ ইতিহাস কোনোবাই ভুল কৈ লিখি থৈ গৈছে। আজি অসমৰ ৩ খন মেডিকেল কলেজৰ ঠাইত ২৪ খন মেডিকেল কলেজ স্থাপন কৰিবলৈ আগবাঢ়িছে। ইয়াৰ বাবে কোনেও আন্দোলন কৰিবলগীয়া হোৱা নাছিল।

আজি আমাৰ গুৱাহাটী মহানগৰীত তিনিখনকৈ ব্ৰহ্মপুত্ৰৰ দলং আৰম্ভ হৈছে। কিন্তু কোনোৱেও ক'তো আন্দোলন কৰিবলগীয়া হোৱা নাই। অসমৰ ইতিহাসে প্ৰমাণ কৰিলে আন্দোলনৰ সময়ছোৱাত অসমত যিমান উন্নতি হয়, বিৱৰ্জিত পৰিৱেশত তাতকৈ বেছি উন্নতি হয়।

যোৱা ডেৰটা বছৰে অসমৰ মানুহে আমাক এটা পৰিৱেশ দিছিল। অসমত বন্ধ, ধৰ্ণা, পিকেটিঙক কৰবাত পিছ পেলাই থৈ আহিছিলোঁ। তাৰ পৰিৱৰ্তে আৰম্ভ হৈছিল উন্নয়ন আৰু আন এক নতুন দিগন্ত। অসমত বৌদ্ধিক আন্দোলন কৰিব লাগে। অসমৰ ২৪ খন মেডিকেল কলেজ হ'ব। বিন্ধাকটাৰ পৰা কি এজনো ডক্তৰ নহ'ব?

ধিঙৰ পৰা যদি হিমা দাস জন্ম হ'ব পাৰে, সৰুপথাৰৰ পৰা যদি লাভলীনা বৰগোহাঁই জন্ম হ'ব পাৰে বিন্ধাকটা বুকুৰ পৰা এজনী হিমা দাস আৰু এজনী লাভলীনা জন্ম হ'ব নোৱাৰে নেকি? প্ৰশ্ন হৈছে আমাৰ চিন্তা চৰ্চাক আমি কোন দিশে গতি কৰিছোঁ।

আমাৰ চিন্তা চৰ্চাই যেতিয়া আমাক নতুন জীৱনৰ বাবে আমন্ত্ৰণ জনাব, আমাৰ সমাজত পৰিৱৰ্তন আহিব। আনহাতে ভাৰতে অহা ২৫ বছৰত অমৃত কাল মহোৎসৱ পালন কৰিব বুলি মন্তব্য কৰি কয়, সেইবাবে বিন্ধাকটা উচ্চ মাধ্যমিক বিদ্যালয়ৰ বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীসকল বৰ্তমানৰ অমৃত সন্তান।

অহা ২৫ বছৰত আজিৰ শিক্ষাৰ্থীসকল ভাৰতবৰ্ষৰ উন্নয়নৰ বাবে আটাইতকৈ সৰ্বশ্ৰেষ্ঠ সময় দিব পাৰিব। আমাৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ সময়খিনি আমি যিখিনি দিব পাৰিছিলো তাৰ তুলনাত আজি ভাৰত আগবাঢ়িছে। ভাৰত এতিয়া অমৃত দেশলৈ পৰিগণিত হৈছে।

উল্লেখযোগ্য যে, এই অনুষ্ঠানতে প্ৰায় ৩ কোটি টকা ব্যয়েৰে নিৰ্মিত বিন্ধাকটা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰিবৰ্দ্ধিত আন্তঃগাঁথনি আৰু বিদ্যালয় চৌহদত নিৰ্মিত ৩.৫ কে ভি এযুক্ত গ্ৰীডবিহীন সৌৰশক্তি কেন্দ্ৰটো উদ্বাধনৰ লগতে প্ৰায় ৯০ লাখ টকা ব্যয়সাপেক্ষ আদৰণি তোৰণ, পদপথ, পকী নৰ্দমা, স্মাৰ্ট ক্লাছ ৰোম আদিৰ শিল্যান্যাস কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷

বিন্ধাকটা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ সমাৰোহৰ লগত সংগতি ৰাখি প্ৰাক্তন ছাত্ৰ তথা সাংবাদিক জ্যোতিষ কুমাৰ পাতিৰ আৰু শৈলেন শইকীয়াৰ সম্পাদনাত প্ৰকাশিত স্মৃতিগ্ৰন্থ 'স্বৰ্ণাভ' উন্মোচন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে নিজৰ ভাষণত অতীতৰ স্মৃতি ৰোমন্থন কৰি শিক্ষাগুৰুসকলৰ নীতিশিক্ষা, নৈতিকতা আৰু নীয়মানুৱৰ্তিতাৰ পোহৰেৰে আলোকিত কৰা বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, মন্ত্ৰী বিমল বড়া, সাংসদ প্ৰদান বৰুৱা, বিধায়ক বিনোদ হাজৰিকা, প্ৰশান্ত ফুকন, পোনাকণ বৰুৱা, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, অসম পেট্ৰ’কেমিকেলছ লিমিটেডৰ অধ্যক্ষ বিকুল ডেকাকে ধৰি অন্যান্য গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।

উল্লেখযোগ্য যে, যোৱা ১৬ আৰু ১৭ ডিচেম্বৰত দুদিনীয়াকৈ অনুষ্ঠিত হৈছিল বিন্ধাকটা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ সমাৰোহ। ইয়াৰ পিছতে আজি সামৰণি অনুষ্ঠানটো সফলতাৰে সামৰণি পৰে। অসম শিশু ন্যাসৰ সচিৱ তথা মুখ্যমন্ত্ৰীৰ প্ৰাক্তন প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামীয়ে উদ্বোধন কৰা অনুষ্ঠানটোত নিশা সাংস্কৃতিক সন্ধিয়াৰ গীত পৰিৱেশন কৰে জনপ্ৰিয় কন্ঠশিল্পী নীল আকাশে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in