/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/81982955-6e11-4137-9193-7cd795cdab69/na_khua.jpg)
মথুৰাপুৰত নামঘৰে- নামঘৰে ন-খোৱা অনুষ্ঠান
ডিজিটেল সংবাদ,মথুৰাপুৰঃ পৰম্পৰা ৰক্ষা কৰি মথুৰাপুৰত নামঘৰে-নামঘৰে ন-লগোৱা অনুষ্ঠান। অসমীয়াৰ এটি পুৰণিকলীয়া পৰম্পৰা হৈছে "আঘোনৰ ন-খোৱা বা ন-লগোৱা পৰম্পৰা" ।
অতীতৰ পৰা চলি অহা এই পৰম্পৰা ৰক্ষা কৰি শনিবাৰে চৰাইদউ জিলাৰ মথুৰাপুৰ উজনি কোঁৱৰ গাঁৱৰ নামঘৰৰ লগতে অঞ্চলৰ চুবুৰীয়া নামঘৰ সমূহতো ন-লগোৱা অনুষ্ঠানভাগ সুকলমে সম্পন্ন হৈ যায় বুলি জনায় ৷ এই উপলক্ষে নামঘৰত দিনৰ ভাগত গাঁৱৰ সকলো ৰাইজ গোট খাই মাহ- প্ৰসাদ ,তামোল পান আদি নৈৱদ্যৰ লগতে কীৰ্তন পাঠ আৰু গুৰুসেৱা কৰি নামঘৰতে নতুন চাউলৰ পায়স আগবঢ়াই পৰম্পৰা ৰক্ষা কৰি ন-লগোৱা কৰ্মভাগ সুন্দৰকৈ পালন কৰে ৷
উল্লেখ্য যে,আঘোণ মাহত ধান কাটি মৰণা মৰাৰ পাছত নতুন ধানৰ নতুন চাউলেৰে সমূহীয়াকৈ আঘোণ মাহৰ ন দিনৰ দিনা ন- লগোৱা প্ৰথা প্ৰচলিত হৈ আহিছে ৷ এই ন- লগোৱা অনুষ্ঠান কৃষিজীৱি লোকসকলৰ কৃষিকাৰ্যৰ সফলতাৰ প্ৰতীক হিচাপেও গণ্য কৰা হয়।
আৰু পঢ়কঃ কাটাৰ বিশ্বকাপত আজি অষ্ট্ৰেলিয়া আৰু টিউনিচিয়াৰ মহাৰণ...