কাটাৰ বিশ্বকাপত আজি অষ্ট্ৰেলিয়া আৰু টিউনিচিয়াৰ মহাৰণ...

গ্ৰুপৰ তালিকাত টিউনিচিয়া আৰু অষ্ট্ৰেলিয়াৰ স্থান ক্ৰমে দ্বিতীয় আৰু চতুৰ্থ

author-image
Asomiya Pratidin
New Update
কাটাৰ বিশ্বকাপত আজি অষ্ট্ৰেলিয়া আৰু টিউনিচিয়াৰ মহাৰণ...

অষ্ট্ৰেলিয়া আৰু টিউনিচিয়াৰ মহাৰণ

ডিজিটেল ডেস্কঃকাটাৰত অনুষ্ঠিত হৈছে বিশ্ব ফুটবলৰ সৰ্ববৃহৎ প্ৰতিযোগিতা বিশ্বকাপ ফুটবল। য'ত বিশ্বকাপ জয়ৰ বাবে ভাগ লৈছে বিশ্বৰ ৩২ খন দেশে।

সেই অনুসৰি শনিবাৰে এখন গুৰুত্বপূৰ্ণ খেলত ভাগ ল'ব অষ্ট্ৰেলিয়া আৰু টিউনিচিয়াই। এই মূহুৰ্তলৈকে প্ৰতিযোগিতাত দুয়োখন দেশে একোখনকৈ মেচ খেলিছে। গ্ৰুপৰ তালিকাত টিউনিচিয়া আৰু অষ্ট্ৰেলিয়াৰ স্থান ক্ৰমে দ্বিতীয় আৰু চতুৰ্থ।

উল্লেখ্য যে, প্ৰথমখন মেচত অষ্ট্ৰেলিয়াই ফ্ৰান্সৰ হাতত পৰাস্ত হোৱাৰ বিপৰিতে প্ৰতিপক্ষ টিউনিচিয়াই প্ৰথমখন মেচত ডেনমাৰ্কৰ বিপক্ষে গ'ল শূণ্যভাৱে ড্ৰ খেলিছে। প্ৰথম মেচৰ প্ৰদৰ্শনৰ ভিত্তিত আজিৰ খেলখনৰ বাবে টিউনিচিয়া ফেভাৰিট যদিও অষ্ট্ৰেলিয়াও পূৰ্ণশক্তিৰে অৱতীৰ্ণ হ'ব খেলপথাৰত। খেলৰ সময়ঃ আবেলি ৩-৩০ বজাত।

আৰু পঢ়কঃঅনুমতি অবিহনে ব্যৱহাৰ কৰিব নোৱাৰিব 'বিগ বি'ৰ নাম, ফটো, কণ্ঠস্বৰ...

qatar qatar world cup aus vs tunisia FIFA