৩১ ডিচেম্বৰত বনকৰা কিশোৰীৰ ৰহস্যজনক মৃত্যুঃ আৰক্ষীয়ে আটক কৰিলে শিক্ষয়িত্ৰীক...

৩১ ডিচেম্বৰত বনকৰা কিশোৰীৰ ৰহস্যজনক মৃত্যুঃ আৰক্ষীয়ে আটক কৰিলে শিক্ষয়িত্ৰীক...
৩১ ডিচেম্বৰত বনকৰা কিশোৰীৰ ৰহস্যজনক মৃত্যুঃ আৰক্ষীয়ে আটক কৰিলে শিক্ষয়িত্ৰীক...

ডিজিটেল সংবাদ লামডিংঃ সকলোৱে নতুন বছৰক আদৰাৰ আনন্দত ব্যস্ত হৈ থকাৰ সময়তে লামডিঙত এগৰাকী বনকৰা কিশোৰীৰ ৰহস্যজনক মৃত্যুৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৩১ ডিচেম্বৰৰ নিশা লামডিং বালুনালা স্বাস্থ্য আৰু কল্যান কেন্দ্ৰত Community Health Officer চমুকৈ চি এইচ অ' হিচাপে নিয়োজিত থকা নীলম পাগা নামৰ চিকিৎসকগৰাকীক চৰকাৰে গ্ৰামাঞ্চলৰ ৰাইজৰ সুবিধাৰ বাবে স্বাস্থ্য কেন্দ্ৰটোৰ চৌহদতে প্ৰদান কৰিছিল এটা চৰকাৰী আৱাসগৃহ।

কিন্তু দূৰ্গম অঞ্চলৰ বাবে নিয়োজিত কৰা চিকিৎসকগৰাকীয়ে নিজৰ সুবিধা অনুযায়ী লামডিঙৰ নিৱাসী তথা বালুনালা লালচৰাই চাংলুজ নিউ হিন্দী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়ত্ৰী স্মিতা শৰ্মাক স্বাস্থ্য বিভাগৰ চৰকাৰী আৱাস গৃহটোত থাকিবলৈ দিছিল। স্মিতা শৰ্মাৰ বিদ্যালয়খন সেই স্বাস্থ্য কেন্দ্ৰটোৰ নিচেই লগতে থকাৰ বাবে চিকিৎসক আৰু শিক্ষয়িত্ৰী দুয়োৰে মাজত বুজা বুজি ৰাখি অবৈধ ভাৱে যোৱা তিনিবছৰে ঘৰটোত শিক্ষয়িত্ৰী গৰাকী আছিল।

আনফালে যোৱা তিনিবছৰৰ পূৰ্ৱে চৰকাৰী শিক্ষয়িত্ৰী স্মিতা শৰ্মা আৰু তেওঁৰ স্বামীয়ে লালচৰাই অঞ্চলৰ পৰা এগৰাকী কিশোৰীক বনকৰা ছোৱালী হিচাপে ঘৰটোত ৰাখিছিল। কিন্তু ৩১ তাৰিখৰ নিশা বনকৰা সেই কিশোৰীগৰাকীৰ মৃতদেহ বাসগৃহটোৰে ৰান্ধনীঘৰত উদ্ধাৰ হোৱাকলৈ সমগ্ৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

ইতিমধ্যে আৰক্ষীৰ তদন্তত শিক্ষয়িত্ৰী গৰাকীয়ে বনকৰা কিশোৰীগৰাকীক শাৰীৰিক অত্যাচাৰ চলাই অহাৰ তথ্য প্ৰকাশ পাইছে ৷ সেয়হে ঘটনাৰ ভিত্তিত বালুনালা লালচৰাই চাংলুজ নিউ হিন্দী এল পি স্কুলৰ শিক্ষয়ত্ৰী স্মিতা শৰ্মাক আজি আটক কৰিছে লামডিঙ আৰক্ষীয়ে ৷

বৰ্তমান লামডিঙ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ অন্তত এয়া পৰিকল্পিত হত্যা নে আত্মহত্যা সেই বিষয়ে পৰৱৰ্তী সময়ত লামডিঙ আৰক্ষীয়ে সদৰি কৰিব ৷

আনফালে চিকিৎসা কেন্দ্ৰৰ আৱাস গৃহত চিকিৎসক পাগাৰ সলনি শিক্ষয়িত্ৰী থকাৰ ঘটনাত ৰাজ্যৰ স্বাস্থ্য বিভাগ তথা স্বাস্থ্য মন্ত্ৰীয়ে চি এইচ অ' নিলম পাগা আৰু স্বাস্থ্য কেন্দ্ৰৰ কমিটিখনৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষ্যনীয় হ'ব ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in