'মোৰ পৃথিৱীখন শেষ হৈ গ'ল': সন্ত্ৰাসবাদীৰ আক্ৰমণত দুই পুত্ৰক হেৰুৱাই এগৰাকী মাতৃৰ আৰ্তনাদ..

'মোৰ পৃথিৱীখন শেষ হৈ গ'ল': সন্ত্ৰাসবাদীৰ আক্ৰমণত দুই পুত্ৰক হেৰুৱাই এগৰাকী মাতৃৰ আৰ্তনাদ..
'মোৰ পৃথিৱীখন শেষ হৈ গ'ল': সন্ত্ৰাসবাদীৰ আক্ৰমণত দুই পুত্ৰক হেৰুৱাই এগৰাকী মাতৃৰ আৰ্তনাদ..

ডিজিটেল ডেস্ক: কোনে বুজিব পুত্ৰ হেৰুওৱাৰ বেদনা? এসপ্তাহৰ ভিতৰত দুজনকৈ পুত্ৰক হেৰুৱাই পুত্ৰ শোঁকত ভাগি পৰিছে এগৰাকী দুৰ্ভুগীয়া মাতৃ। যোৱা ১ জানুৱাৰীত জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাত সন্ত্ৰাসবাদীৰ আক্ৰমণত ৭জনকৈ লোক নিহত হৈছিল।

নিহত লোককেইজনৰ ভিতৰত সৰোজ বালা নামৰ মহিলাগৰাকীৰ ২৭ বছৰীয়া পুত্ৰ দীপক শৰ্মা নিহত হৈছিল। আনহাতে আহত হৈছে প্ৰিন্স শৰ্মা নামৰ দ্বিতীয় পুত্ৰও। প্ৰিন্স এই বিস্ফোৰণৰ পিছতে চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল।

কিন্তু নিয়তিৰ কি পৰিহাস! দুৰ্ভুগীয়া মাতৃগৰাকীৰ বুকু উদং কৰি দ্বিতীয় পুত্ৰ ২১ বছৰীয়া প্ৰিন্স শৰ্মায়েও জীৱন যুঁজত হাৰ মানি মৃত্যুক সাবতি ল'লে। প্ৰথম পুত্ৰ দীপকৰ মৃত্যুৰ বেদনাত দগ্ধ হৈ থকাৰ অৱস্থাতেই প্ৰিন্স শৰ্মাৰো মৃত্যুৰ খবৰ পোৱাত এতিয়া শোকত ভাঙি পৰিছে দুৰ্ভুগীয়া মাতৃগৰাকী।

উল্লেখ্য যে, যোৱা ১ জানুৱাৰীৰ সন্ধিয়াৰ ভাগত ধনগ্ৰীত তিনিটা পৰিয়ালক লক্ষ্য কৰি আক্ৰমণ কৰিছিল সন্ত্ৰাসবাদীয়ে। এই আক্ৰমণত দীপক আৰু আন তিনিজনৰ মৃত্যু হয়।

আনহাতে সন্ত্ৰাসবাদীয়ে এৰি থৈ যোৱা এটা আই ইডি ইয়াৰ পিছৰ দিনা বিস্ফোৰণ হয়। ফলত একেটা পৰিয়ালৰে বিহান কুমাৰ শৰ্মা আৰু সমীক্ষা শৰ্মা নামৰ দুটি শিশুৰ থিতাতে মৃত্যু হয়।

ইফালে প্ৰিন্স শৰ্মাকে ধৰি আন পোন্ধৰজন আহত লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। উল্লেখ্য যে, সৰোজ বালাৰ প্ৰথম পুত্ৰ দীপক কুমাৰৰ ইচ্ছা আছিল ভাৰতীয় সেনাত যোগদান কৰ‍াৰ । ইতিমধ্যে যাৱতীয় পৰীক্ষাত উত্তীৰ্ণ হৈ জানুৱাৰীৰ ৪ তাৰিখে সেনাত যোগদানো কৰাৰ কথা আছিল দীপকৰ।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in