পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ প্ৰাক্তন সঞ্চালকৰ পত্নী তথা অধিবক্তাৰ ভূমি দখল মাফিয়া সঞ্জয় ঠাকুৰীয়াৰ

পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ প্ৰাক্তন সঞ্চালকৰ পত্নী তথা অধিবক্তাৰ ভূমি দখল মাফিয়া সঞ্জয় ঠাকুৰীয়াৰ

author-image
Asomiya Pratidin
New Update
পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ প্ৰাক্তন সঞ্চালকৰ পত্নী তথা অধিবক্তাৰ ভূমি দখল মাফিয়া সঞ্জয় ঠাকুৰীয়াৰ

পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ প্ৰাক্তন সঞ্চালকৰ পত্নী তথা অধিবক্তাৰ ভূমি দখল মাফিয়া সঞ্জয় ঠাকুৰীয়াৰ

ডিজিটেল সংবাদ মিৰ্জাঃ বহু বিতৰ্কিত,মাফিয়া সঞ্জয় ঠাকুৰীয়া পুনৰ নামি পৰিল ভূমি দখল কাৰ্যত। কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত তথা অসমৰ চৰকাৰৰ পৰিকল্পনা আৰু উন্নয়ণ বিভাগৰ প্ৰাক্তন সঞ্চালক সাহিত্যিক যোগেশ দাসৰ পত্নী তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা ৰমনীকাকতী দাসৰ নামত মণিয়েৰী তিনিআলিত থকা কৃষিভূমি এইবাৰ দখল কৰিবলৈ নামি পৰিল কুখ্যাত মাফিয়া সঞ্জয় ঠাকুৰীয়া।

Advertisment

পলাশবাৰীৰ মণিয়েৰী তিনিআলিত সংঘটিত এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া। উত্থাপিত অভিযোগ অনুসৰি প্ৰাক্তন সঞ্চালক যোগেশ দাসৰ পত্নী তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা ৰমনী কাকতি দাসৰ নামত মণিয়েৰী তিনিআলিত আছে ৰায়তী ভূমি।

কিন্তু স্থায়ী ৰায়তৰ পৰা ৰমনী কাকতি দাসে প্ৰায় কেইবাবছৰ পূৰ্বে ভূমি ক্ৰয় কৰি এই ভূমি বৰ্তমান ভোগ দখল কৰি আছে। এই ভূমি এতিয়া মাফিয়া কায়দাৰে নিজৰ দখললৈ নিব বিচাৰিছে মাফিয়া তথা বহু বিতৰ্কিত তিনিআলিৰ সঞ্জয় ঠাকুৰীয়াই। যোৱা ৩ জানুৱাৰীত ৰমনী কাকতি দাসে তেওঁৰ মণিয়েৰি তিনিআলিৰ ভূমিত মিস্ত্ৰী তথা শ্ৰমিক লগাই কাম কৰি থকা অৱস্থাত সঞ্জয় ঠাকুৰীয়াই এটি গুণ্ডা বাহিনী লগত লৈ এই নিৰ্মাণ কাৰ্য্য বন্ধ কৰাৰ ভাবুকি দিয়ে।

আনকি প্ৰাক্তন সঞ্চালক যোগেশ দাসক অসভ্য ভাষা, অশ্লীল গালি গালাজ, ভাবুকি প্ৰদান কৰি এই কাম বন্ধ কৰিবলৈ সকিয়াই দিয়ে। আনকি এই ভূমি এৰি নিদিলে পৰিয়ালৰ প্ৰতিও ভাবুকি আহিব বুলি সকিয়াই দিয়ে। লগতে সঞ্জয় ঠাকুৰীয়াই এই নিৰ্মাণ কাৰ্য্যৰ কাষত লগে লগে পেলাই দিয়ে কেইবাট্ৰাক মাটি।

এই ঘটনাক কেন্দ্ৰ কৰি ৰমনী কাকতি দাসে পলাশবাৰী আৰক্ষী থানাত যোৱা ৩ জানুৱাৰীত এটি গোছৰ ৰুজু কৰে। আনকি কামৰূপ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়তো গুণ্ডা সঞ্জয় ঠাকুৰীয়াৰ বিৰুদ্ধে যোৱা ৭ জানুৱাৰীত পৃথকে গোচৰ তৰে।

কিন্তু আৰক্ষীয়ে বৰ্তমানলৈকে এই সঞ্জয় ঠাকুৰীয়াক আটক কৰিবলৈ সক্ষম হোৱা নাই। আনকি অঞ্চলটোৰ আন আন লোককো মাটি দখলক লৈ প্ৰচণ্ড ভয় ভাবুকি প্ৰদৰ্শন কৰাৰ অভিযোগ সঞ্জয় ঠাকুৰীয়াৰ বিৰুদ্ধে। ইতিমধ্যেই সাংবাদিক মিলন মহন্তক আক্ৰমণ কৰা,দুখীয়া লোকৰ দোকান ভঙা,দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ সৈতে সংঘটিত ঘটনাকে ধৰি আদালতত কেইবাটাও গোচৰ চলি আছে মাফিয়া সঞ্জয় ঠাকুৰীয়াৰ বিৰূদ্ধে।

কিন্তু আৰক্ষীয়ে এই মাফিয়া গৰাকীৰ বিৰুদ্ধে আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই। ৰাইজেও এই মাফিয়াগৰাকীক আটকৰ দাবীত বিভিন্ন সময়ত ধৰ্ণা,প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল। আনকি এই মাফিয়া গৰাকীৰ উৎপাতত অতিষ্ঠ হৈ সঞ্জয় ঠাকুৰীয়াৰ বাহনখনত ক্ষতিসাধন কৰিছিল নিজৰ আত্মীয়ই।

ক্লিক কৰি পঢ়কঃ ভাৰত-শ্ৰীলংকাৰ মেচৰ পূৰ্বে বেয়া খবৰ...

সঞ্জয় ঠাকুৰীয়া ভূ মাফিয়া