প্ৰেমৰ বাবে সনাতন ধৰ্ম গ্ৰহণ কৰি হিন্দু যুৱকৰ সৈতে বিবাহ-পাশত আৱদ্ধ মুস্কান খাতুন

প্ৰেমৰ বাবে সনাতন ধৰ্ম গ্ৰহণ কৰি হিন্দু যুৱকৰ সৈতে বিবাহ-পাশত আৱদ্ধ মুস্কান খাতুন

প্ৰেম এক স্বৰ্গীয় অনুভূতি। প্ৰেমে নামানে জাতি-ভেদ! দেশত বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক সংঘৰ্ষ হৈ থকা দেখিবলৈ পোৱা যায়। ইয়াৰ মাজতে এহাল যুৱক-যুৱতীয়ে দিলে এক অন্য উদাহৰণ।

ডিজিটেল ডেস্ক: প্ৰেম এক স্বৰ্গীয় অনুভূতি। প্ৰেমে নামানে জাতি-ভেদ! দেশত বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক সংঘৰ্ষ হৈ থকা দেখিবলৈ পোৱা যায়। ইয়াৰ মাজতে এহাল যুৱক-যুৱতীয়ে দিলে এক অন্য উদাহৰণ।

ঝাৰখণ্ডৰ গোড্ডাৰ বাসিন্দা ৰাম কুমাৰ আৰু মুস্কান খাতুনৰ বিবাহৰ কথা বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। প্ৰেমৰ বাবে মুস্কান খাতুনে সনাতন ধৰ্ম গ্ৰহণ কৰি প্ৰেমিকৰ লগত বিবাহ পাশত আৱদ্ধ হয়।

দুয়ো সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে বিবাহ পাশত আৱদ্ধ হয়। অন্যহাতে যুৱকজনৰ পৰিয়ালৰ লোকেও গ্ৰহণ কৰি লয় মুস্কানক।

ৰাম কুমাৰ আৰু মুস্কান খাতুনৰ প্ৰায় এবছৰ ধৰি প্ৰেমৰ সম্পৰ্ক আছিল। যুৱতী গৰাকীৰ পৰিয়াল এই সম্পৰ্কৰ বিৰোধিতা কৰিছিল । তেওঁলোক দুয়ো ১৭ অক্টোবৰত বিবাহৰ বাবে গড্ডা আদালতত উপস্থিত হৈছিল কিন্তু যুৱতী গৰাকীৰ পৰিয়ালৰ লোক তাত উপস্থিত হৈ বাধা আৰোপ কৰে।

তাৰপাছতেই মুস্কানক কোৰ্টত হাজিৰ কৰোৱা হয়। তেতিয়া যুৱতী গৰাকীয়ে কয় যে নিজৰ ইচ্ছা মতে তেওঁ সনাতন ধৰ্ম গ্ৰহণ কৰিছে আৰু বিবাহ পাশত আৱদ্ধ হোৱাৰ সিদ্ধান্ত লৈছে।

আৰু পঢ়ক: লামডিঙৰ কুখ্যাত ড্ৰাগছ বেপাৰী সহ দুজন আৰক্ষীৰ জালত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in