লামডিঙৰ কুখ্যাত ড্ৰাগছ বেপাৰী সহ দুজন আৰক্ষীৰ জালত

ৰেল নগৰী লামডিং চহৰখনক ড্ৰাগছ মুক্ত কৰা অভিযানত দিনে নিশাই লামডিং আৰক্ষীয়ে চলাইছে অভিযান ৷
লামডিঙৰ কুখ্যাত ড্ৰাগছ বেপাৰী সহ দুজন আৰক্ষীৰ জালত

ডিজিটেল সংবাদ,লামডিং: ৰেল নগৰী লামডিং চহৰখনক ড্ৰাগছ মুক্ত কৰা অভিযানত দিনে নিশাই লামডিং আৰক্ষীয়ে চলাইছে অভিযান ৷ লামডিঙৰ অলিয়ে গলিয়ে ড্ৰাগছৰ প্ৰতি আসক্ত পৰা বহু যুৱক তথা ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে সক্ৰিয় হৈ পৰিছে লামডিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দনজ্যোতি বৰা ৷

ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ নেতৃত্বত বুধবাৰে অভিযান চলাই ব্ৰাউন ছুগাৰসহ তিনিজন ব্যক্তিক আটক কৰে ৷ এক গোপন সূএৰ ওপৰত ভিত্তি কৰি লামডিং আৰক্ষীয়ে লামডিঙৰ ক্ৰচিংগেট বজাৰৰ সমীপত নিশা অভিযান চলাই ১১.৪৫ গ্ৰাম ব্ৰাউন ছুগাৰ জব্দ কৰে ৷ আনফালে ড্ৰাগছখিনি সৰবৰাহ কৰা লামডিঙৰ নিৱাসী তথা কুখ্যাত ব্যৱসায়ী দেৱাষিস আচাৰ্য ওৰফে হাবুল, বিজু দাস আৰু সমৰ দাস নামৰ তিনিজন যুৱকক আটক কৰে ৷

লামডিঙত এতিয়া আৰক্ষী সম্পূৰ্ণ ৰূপে নিষিদ্ধ সামগ্ৰীৰ বিৰুদ্ধে পৰিমাণে সক্ষম হৈছে যদিও একাংশ সৰৱৰাহকাৰীয়ে এতিয়াও আৰক্ষীক কেৰেপ নকৰি নিষিদ্ধ সামগ্ৰীৰ সৰৱৰাহ চলাই গৈ আছে ৷

আৰু পঢ়ক: বিয়া কৰাই ঘৰ ত্য়াগ! ৩ বছৰে পুত্ৰক বিচাৰি অৱশেষত মৃত্যু বৃদ্ধ পিতৃৰ...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in