চিলাপথাৰত উদীয়মান শিল্পী তথা আৰক্ষী জোৱান টুটো নাহৰৰ বিহু গীত উন্মোচন

বছৰটোৰ অন্তিমটো মাহ আৰু ভোগালী বিহুৰ প্ৰাকক্ষণত চিলাপথাৰত উন্মোচন কৰা হ'ল "কাৰেং" নামৰ এলবামৰ 'লেচেৰি' শীৰ্ষক শ্ৰুতিমধুৰ বিহু গীতটো।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ, চিলাপথাৰবছৰটোৰ অন্তিমটো মাহ আৰু ভোগালী বিহুৰ প্ৰাকক্ষণত চিলাপথাৰত উন্মোচন কৰা হ'ল "কাৰেং" নামৰ এলবামৰ 'লেচেৰি' শীৰ্ষক শ্ৰুতিমধুৰ বিহু গীতটো। উদীয়মান কণ্ঠশিল্পী টুটো নাহৰ আৰু জনপ্ৰিয় কণ্ঠশিল্পী সুবাসনা দত্তই কণ্ঠদান কৰা বিহু গীতটো দেওবাৰে আটাছুৰ চিলাপথাৰস্থিত‌ কাৰ্যালয়ত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয়।

Advertisment

দিপক গগৈ - দিপালী বৰদলৈয়ে আঁতধৰা আৰু অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক চিত্ৰ বৰগোহাঁইয়ে সঞ্চালনা কৰা উন্মোচনী সভাত উপস্থিত থাকে সাংস্কৃতিক কৰ্মী নৃপেন বৰঠাকুৰ, ৰাজীৱ গগৈ, জ্যেষ্ঠ সাংবাদিক বনমালী মহন্ত,নয়নমনি মহন্ত আদি অঞ্চলটোৰ কেইবাজনো বিশিষ্ট সাংস্কৃতিক কৰ্মী, সাংবাদিকৰ লগতে সংগঠনৰ কৰ্মী।

বিশিষ্ট শিল্পী তথা সংগীত পৰিচালক বিমান বৰুৱাই সংগীত পৰিচালনা কৰা গীতটোৰ কথা আৰু সুৰ টুটু নাহৰৰ। সংগীত চৰ্চাৰ সমান্তৰালকৈ অসম আৰক্ষী বাহিনীৰ জোৱান ৰূপে কৰ্মৰত টুটু নাহৰৰ প্ৰায় ডেৰ বছৰীয়া কষ্টৰ ফচল এই সূমধৰ বিহু গীতটো শ্ৰুতাই আদৰি ল'ব বুলি আশা প্ৰকাশ কৰিছে।

চিলাপথাৰ