ৰঙাপৰাত পুত্ৰৰ হাতত প্ৰাণ গ’ল জন্মদাত্ৰী মাতৃৰ...

ৰঙাপৰাত পুত্ৰৰ হাতত প্ৰাণ গ’ল জন্মদাত্ৰী মাতৃৰ!

author-image
Asomiya Pratidin
New Update
তিনিচুকীয়াত চাঞ্চল্যঃ স্বামীয়ে শিৰচ্ছেদ কৰিলে পত্নীক !

dangor kotha

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ ৰঙাপৰাত সংঘটিত হৈছে নৃসংশ হত্যাকাণ্ড ৷ জন্মদাতা মাতৃক হত্যা কৰিলে পুত্ৰই ৷ ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত লাইডাঙপাৰাত সংঘটিত হৈছে এই জঘন্য হত্যাকাণ্ডটি ৷ নিশা পুত্ৰ মংগল সিং নাৰ্জাৰীয়ে মাতৃ মঞ্জু নাৰ্জাৰীক বাঁহৰে মৰিয়াই মৰিয়াই হত্যা কৰে ৷

Advertisment

নিশা দুয়োৰে মাজত কিবা কথাক লৈ কাজিয়াৰ সুত্ৰপাত ঘটাত পুত্ৰ মংগল সিং নাৰ্জাৰীয়ে মাতৃক ঘৰতে থকা এডাল বাঁহেৰে মুৰত প্ৰচণ্ড জোৰত প্ৰহাৰ কৰাত মাতৃ মঞ্জু নাৰ্জাৰীয়ে ঘটনাস্থলীতে মৃত্যৃক সাৱতি লয়৷ মাতৃক হত্যা কৰি হত্যাকাৰী পুত্ৰ মংগলসিং নাৰ্জাৰী ঘৰৰ পৰা পলায়ন কৰে ৷

স্থানীয় ৰাইজে ৰঙাপৰা আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ মঞ্জু নাৰ্জাৰীৰ মৃতদেহ উদ্ধাৰ কৰি আৰক্ষী থানালৈ নিয়ে ৷ শুকুৰবাৰে পুৱা হত্যাকাৰী পুত্ৰ মঙ্গল সিং নাৰ্জাৰীক ৰঙাপৰা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷

Also Read: তিনি ৰাজ্যৰ পৰা লাগে পানীঃ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ দিল্লী...

jamugurihaat