হাজোৰ বৰম্বৈত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড।
তিনি পুত্ৰ আৰু পিতৃয়ে মিলি হত্যা কৰিলে এগৰাকী লোকক।
ব্যৱসায়ীৰ পৰা সামগ্ৰী লোৱা-নোলোৱাক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল বিতৰ্কৰ।
সাধাৰণ বিতৰ্কক কেন্দ্ৰ কৰি পিছলৈ মাৰপিটত লিপ্ত হৈ ব্যৱসায়ীৰ আক্ৰমণৰ বলি হৈ প্ৰাণ হেৰুৱালে এগৰাকী লোকে
ব্যৱসায়ী প্ৰৱন আলী আৰু তিনি পুত্ৰ ক্ৰমে আফজাল আলী, তফজ্জুল আলী আৰু ফকৰুদ্দিন আহমেদে মিলি গ্ৰাহক চিৰাজুল্লা আলীক উপৰ্যুপৰি মাৰধৰ কৰে।
গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত চিৰাজুল্লা আলীক হাজো স্বাস্থ্যকেন্দ্রত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে নাৰায়না হস্পিতাললৈ প্ৰেৰণ কৰা হয়।
অৱশেষত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় চিৰাজুল্লা আলীৰ।
দেওবাৰে সংঘটিত হোৱা ঘটনাৰ উচিত তদন্ত বিচাৰি নিশা পৰিয়ালৰ লোকে হাজো আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।
উক্ত এজাহাৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে তদন্ত প্রক্রিয়া আৰম্ভ কৰিছে।