হিলৈখুন্দাৰ ভয়ংকৰ দুৰ্ঘটনা আৰু এখন গাঁৱৰ যুৱ সমাজৰ দায়বদ্ধতা

হিলৈখুন্দাৰ ভয়ংকৰ দুৰ্ঘটনা আৰু এখন গাঁৱৰ যুৱ সমাজৰ দায়বদ্ধতা

-নজৰুল ইছলাম

গাঁৱৰ মানুহ যে তেওঁলোক। সেই কাৰণেই চাগে যান বাহন আৰক্ষী বা বাহন টনা গাড়ী লৈ ৰৈ নাথাকিল। কথাখিনি গোটেই ৰাতিটো ভাবি আছো টোপনি নোযোৱা লৈ। কালি মায়ঙৰ হিলৈখুন্দাত ব্ৰহ্মপুত্ৰৰ বুকুত যিখন আই ২০ বাহন ডুব গৈছিল সেই বাহনখনত গুৱাহাটীৰ কোনোবা অভিজাত পৰিয়ালৰ ল'ৰা-ছোৱালী ৫গৰাকী আছিল। এটা গাঁৱলীয়া বাটেৰে চনকাৰ পৰা ইমানেই তীব্ৰ বেগত আহি আছিল যে কথমপি হিলৈখুন্দা গাঁৱৰ দুজন যুৱক দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিছিল দৌৰ মাৰি।

ঈশ্বৰৰ কি মহিমা, সেই যুৱক দুজনেই নৈৰ বুকুত ডুব যাবলৈ ধৰা বাহনখনৰ পৰা গ্লাছ ভাঙি উদ্ধাৰ কৰিলে আটাইকেইজনক। এজন আছিল সংকটজনক অৱস্থাত। লগত আন কেইবাজনো উদ্ধাৰ কাৰ্যত জড়িত হৈ পৰিল। কোনেও কাকো মাতিব লগা নহ'ল।গাঁৱৰ জীয়ৰী-বোৱাৰীসকলেও পানী, তেল, বিচনী লৈ দৌৰ মাৰিলে দুৰ্ঘটনাস্থলীলৈ। কিবা প্ৰকাৰে সহায় কৰিব পাৰি নেকি বুলি। অৱশ্যে কিছু সময়ৰ পিছত নুনমাটি ৰাজ্যিক চিকিৎসালয়ত মৃত্যু হোৱা বুলি খবৰ পাওঁ।

এই খিনি লৈ ঠিকেই আছিল। পিছৰ খিনি আপুনিও জানি সুখী হ'ব আৰু শান্তি পাব।আজিৰ সময়ত যি যুৱ উচ্ছৃংখলতাৰ কথা কৈ অহা হৈছে, সাম্প্রদায়িক কথা বতৰাই সমাজখন অসুস্থ কৰি পেলোৱা বুলি চৌপাশে সৰৱ চৰ্চা চলি আছে, তেনে সময়ত হিলৈখুন্দা গাঁৱৰ যুৱ সমাজ আৰু ৰাইজে কেনে মহানতা প্ৰদৰ্শন কৰিলে সেই কথা শুনিলে আপোনাৰো নিশ্চিত ভাবে ভাল লাগিব।

গাঁৱৰ যুৱকসকলে নাজানে বাহনখনত থকা কেইজন হিন্দু আছিল নে মুছলমান আছিল। এতিয়াও নাম নাজানে কোনো এজনৰ। কাৰণ কথা বতৰা পাতিব পৰা নাছিল কোনো এজনে সেই সময়ত। চিকিৎসালয়তো নাম পঞ্জীয়ন কৰা নহ'ল। এই পৰ্যন্ত আমিও নাম সমূহ বিচাৰি নাপালো। গুৱাহাটী লৈ যোৱা হ'ল। সেইখিনি তাতে এৰিলো।

কিন্তু বাহনখন ? বিশাল ব্ৰহ্মপুত্ৰৰ বুকুত পথটোৰ কাষতেই মাত্ৰ পিছফালৰ কোন এটা ওপঙি আছিল বাহনখনৰ। তেতিয়া নিশা ৯ মান বাজিছে। ৮ বজাতেই সংঘটিত দুৰ্ঘটনাত তিতি বুৰি লেবেজান হৈ পৰা আহতসকলক চিকিৎসালয়ত পঠিয়াই দি ৰৈ নাথাকিল হিলৈখুন্দাৰ সাহসী আৰু বুদ্ধিমান যুৱকসকল।

প্ৰায় দুকুৰি যুৱকে কোনো খা-খৰছৰ কথা নাভাবি বাহনখন উদ্ধাৰ অভিযানত নামি পৰিল। আৰক্ষীৰ লোক গৈ নৌপাওঁতেই কোনোবাই নৌকা আনিলে, কোনোবা হৃদয়বান ব্যক্তিয়ে জে চি বি যোগান ধৰিলে। ৰচি অনা জনে ৰচি আনিলে। সাতুৰিব পৰা জনে পানীত ডুবি বাহনখনত ৰচিৰে গাঁঠি মাৰিলে। এইদৰে ১ঘণ্টামান যুঁজি বাহনখনো উদ্ধাৰ কৰি এক মানৱতাৰ উৎকৃষ্ট নিদৰ্শন ডাঙি ধৰাৰ উপৰি সামাজিক দায়বদ্ধতাৰ পৰিচয় দিলে। এয়াই মায়ং, যাদুৰ দেশ মায়ঙৰ যুৱকৰ সাহসী আৰু প্ৰশংসনীয় কামৰ এক নমুনা।

এনেদৰেই আমাৰ সমাজ বোৰ চলি আছিল, চলি আছে আৰু চলি থাকক তাৰেই কামনা কৰিলো অন্তৰৰ পৰা।

হিলৈখুন্দাৰ ভয়ংকৰ দুৰ্ঘটনা আৰু এখন গাঁৱৰ যুৱ সমাজৰ দায়বদ্ধতা
আহিয়ে আছে নিকা নিযুক্তি প্ৰক্ৰিয়াত টকা দিয়া-লোৱা ব্যক্তিৰ নাম

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in