/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/19fa99ea-2b19-48c7-aba7-2d9fe36adde5/AP_FOR_WEB_indrani.jpg)
ডিজিটেল ডেস্কঃ ওৰ পৰা নাই ইন্দ্রাণী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাৰে জড়িত থকাৰ ব্যক্তিৰ তালিকা। এইবাৰ ঘটনাৰে জড়িত থকাৰ অভিযোগত সাঙুৰ খাইছে আন এগৰাকী মহিলা। মহিলাগৰাকীৰ নাম অঞ্জু দাস।
উল্লেখ্য যে, অঞ্জু দাসৰ বিৰুদ্ধেও আছে চাকৰিৰ নামত ধন লোৱাৰ অভিযোগ। জানিব পৰা মতে ইন্দ্রাণীৰ মৃত্যুৰ আগদিনা ইন্দ্রাণীৰ সৈতে আছিল অঞ্জু দাস। ঘটনাৰ নাম সাঙুৰ খোৱা কথা পোহৰলৈ অহাৰ পৰাই বৰ্তমান পলাতক অৱস্থাত আছে অঞ্জু। তথ্য অনুসৰি ৰাজ্য এৰি পলায়ন কৰিছে অঞ্জু দাসে। অঞ্জুক বিচাৰি চানমাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।
ইয়াৰ পূৰ্বে ঘটনাৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা তৃষ্ণা শৰ্মাক পাণবজাৰ আৰক্ষী থানাৰ পৰা চানমাৰি থানালৈ নিয়া হৈছে। বিশেষ সূত্ৰৰ অনুসৰি বামুণীমৈদামস্থিত তৃষ্ণাৰ বাসগৃহত সোমবাৰৰ আবেলি অভিযান চলাব আৰক্ষীয়ে। ইপিনে দ্বিবন ডেকাকো সোমবাৰৰ দিনা লৈ যোৱা হৈছে আদালতলৈ। নিশা পাণবজাৰ মহিলা আৰক্ষী থানাত ৰখা তৃষ্ণাৰ সৈতে দ্বিবন ডেকা, অনুৰাগ চলিহাৰ সৈতে জেৰা চলাইছিল আৰক্ষীয়ে।
এই ঘটনাই পোহৰলৈ অনা ৰাজ্যৰ বৃহৎ চাকৰি কেলেংকাৰীত টকা দিয়া ৩গৰাকী চাকৰি প্ৰত্যাশীকো তলব কৰে আৰক্ষীয়ে। বিজেপি চৰকাৰৰ নিকা নিযুক্তি প্ৰক্ৰিয়াৰ শ্ল'গান ওফৰাই ইতিমধ্যেই বৰঘৰ শিপা যোৱা এই কেলেংকাৰীত আন আন দলীয় কৰ্মী তথা চাকৰি প্ৰত্যাশী আটক হোৱাৰ সম্ভাৱনা এতিয়া প্ৰকট হৈ পৰিছে।
Also Read: ৰাষ্ট্ৰীয় পৰ্যায়ৰ মিশ্ৰিত সমৰ কলা প্ৰতিযোগিতাত উজ্বলিল অসমৰ খেলুৱৈ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us