মাতৃভাষাৰ বিদ্যালয়ৰ জয় জয়কাৰ...

মাতৃভাষাৰ বিদ্যালয়ৰ জয় জয়কাৰ...

এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত পূৰ্বতকৈ তুলনামূলকভাৱে বহুকেইখন চৰকাৰী শিক্ষানুষ্ঠানে উন্নত ফলাফল প্ৰদৰ্শন কৰিলে। বহুকেইখন শিক্ষানুষ্ঠানত ১০০শতাংশ উত্তীৰ্ণ হাৰে স্বাভাৱিকতে আশাৰ ৰেঙনিৰ যোগাইছে। মাতৃভাষা মাধ্যমৰ বিদ্যালয়ৰ অভূতপূৰ্ব আৰু আশাৰ বতৰা কঢ়িয়াই অনা সফলতাই জাতিটোক কিদৰে সমৃদ্ধ কৰিব সেই সন্দৰ্ভত অসম চৰকাৰৰ প্ৰাক্তন সাংস্কৃতিক বিষয়া যুগান্ত বায়নৰ এটি লেখা আজিৰ মোৰ মত শিতানত প্ৰকাশ কৰা হ’ল…

সদ্য ঘোষিত অসম হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত মাতৃভাষা মাধ্যমৰ বিদ্যালয়ৰ অভূতপূৰ্ব আৰু আশাৰ বতৰা কঢ়িয়াই অনা সফলতাই বৰ্তমান সময়ত ৰাজ্যৰ ৰজা ঘৰ, প্ৰজা ঘৰৰ একাংশই মাতৃভাষাৰ মাধ্যমৰ প্ৰতি দেখুওৱা অনীহা, অৱহেলা আৰু এনে লোকৰ পৃষ্ঠপোষকতাত গঢ়ি উঠা ইংৰাজী মাধ্যমৰ বিলাসী বিদ্যালয়ৰ প্ৰতি অসমৰ নতুন প্ৰজন্মই এক প্ৰত্যাহ্বান সৃষ্টি কৰিবলৈ সক্ষম হৈছে।

চহৰ,নগৰ অঞ্চলৰ তথাকথিত অভিজ্যাত্যক প্ৰত্যাখ্যান কৰি এইবাৰৰ শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্যখনৰ গ্ৰামীণ অঞ্চলৰ শিক্ষাৰ্থীৰ আধিপত্য বিস্তাৰে প্ৰকৃততে গাঁৱৰ পৰাই যে জীৱনৰ আদি পাঠ আৰম্ভ হয়, তাক সহেন্দহাতীতভাৱে প্ৰতীয়মান কৰিছে। গ্ৰাম্য অঞ্চলৰ পৰীক্ষাৰ্থী জয় জয় কাৰেৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ক্ৰমাৎ হেৰাই যাব খোজা অসমৰ প্ৰাণকেন্দ্ৰ গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যখনৰ কেইবাখনো মাতৃভাষা মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ পৰীক্ষাৰ্থীয়ে দেখুওৱা সফলতাই মাতৃভাষা মাধ্যমৰ লগতে চৰকাৰী খণ্ডৰ বিদ্যালয়ক উজ্বলাই তুলিছে।

এক প্ৰকাৰ চৰকাৰী শিক্ষানুষ্ঠানসমূহ লৈ ঘূৰি অহা পূৰ্বৰ গৰিমাই অনাগত দিনবোৰত ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকলকো মাতৃ ভাষা মাধ্যমৰ বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিবলৈ উৎসাহিত কৰিব। ফলত অতি সম্প্ৰতি বিভিন্ন পক্ষই আইৰ মুখৰ ভাষাটোক বিলুপ্ত কৰিবলৈ চলোৱা অপচেষ্ঠা প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত ছাত্ৰ জীৱনৰ অতি গুৰুত্বপূৰ্ণ আৰু জীৱন পৰিক্ৰমাৰ দিক নিৰ্ণয় কৰা এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলে এক নিৰ্ণায়ক আৰু সুদূৰপ্ৰসাৰী গতি লাভ কৰিব।

নগৰ অঞ্চলৰ নামি-দামী শিক্ষানুষ্ঠানেৰে পৰিপূৰ্ণ জিলাসমূহৰ সন্মুখত তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰি গ্ৰাম্য অঞ্চলৰ জিলাসমূহৰ শিক্ষানুষ্ঠানসমূহে দেখুওৱা চমকপ্ৰদ সফলতাই ৰাজ্যখনৰ শৈক্ষিক পৰিৱেশ পৰিৱৰ্তনৰ ক্ষেত্ৰত এক যুগান্তকাৰী অধ্যায় হিচাপে বিবেচিত হৈছে।

প্ৰাপ্ত তথ্য মতে, ক'ভিড কালীন সময়ৰ ঘোষিত ফলাফলক বাদ দি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ইতিহাসত এইবাৰৰ উত্তীৰ্ণৰ হাৰ সৰ্বাধিক। বিগত বছৰৰ উত্তীৰ্ণৰ হাৰ ৭২.৬ শতাংশৰ বিপৰীতে এইবাৰৰ উত্তীৰ্ণৰ হাৰ ৭৫.৭ শতাংশ। শিক্ষাৰ নামত চহৰ অঞ্চলত কেৱল ৰমৰমীয়া ব্যৱসায়ৰ স্বাৰ্থত গঢ় লৈ উঠা শিক্ষানুষ্ঠানসমূহৰ তুলনাত উপযুক্ত আৰু পৰ্যাপ্ত আন্তঃগাথনি আৰু উপযুক্ত সা-সুবিধা নথকা গ্ৰাম্য পৰিৱেশত গঢ় লৈ উঠা জিলাসমূহৰ পৰীক্ষাৰ্থীয়ে দেখুওৱা গভীৰ আশা আৰু প্ৰত্যয় ভৰা সফলতাই স্বাভাৱিকতে ৰাজ্যখনৰ শৈক্ষিক দিশ লৈ এক তাৎপৰ্যপূৰ্ণ বতৰা কঢ়িয়াই আনিছে।

৯১.২ শতাংশ উত্তীৰ্ণৰ হাৰেৰে চিৰাং জিলাই শীৰ্ষ স্থান দখল কৰাৰ বিপৰীতে ৮৮.১ শতাংশৰে নলবাৰী জিলা দ্বিতীয় স্থান, ৮৭.৩ শতাংশৰে তৃতীয় স্থানত ডিমাহাছাও জিলা আৰু ৮৬.৯ শতাংশৰে বাক্সা কৈ চতুৰ্থ স্থান লাভ কৰাৰ তথ্যই গ্ৰাম্য অঞ্চলৰ সাম্প্ৰতিক শৈক্ষিক উত্তৰণৰ দিশটোক অধিক পৰিৱৰ্তন আৰু গতিশীল হোৱাৰ চিত্ৰখন ফুটাই তুলিছে।

অতি সম্প্ৰতি ৰাজ্যখনৰ মাতৃভাষা মাধ্যমৰ চৰকাৰী বিদ্যালয়সমূহৰ প্ৰতি ক্ৰমাগতভাৱে বৃদ্ধি পোৱা আগ্ৰহৰ পৰিপ্ৰেক্ষিতত গুৱাহাটীৰ কটন কলেজিয়েট বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থীয়ে বিদ্যালয়খনৰ শৈক্ষিক দিশ পৰিৱৰ্তনৰ ক্ষেত্ৰত গ্ৰহণ কৰা অতি প্ৰশংসনীয় প্ৰচেষ্টা ৰাজ্যখনৰ অন্য শিক্ষানুষ্ঠানসমূহৰ প্ৰাক্তন শিক্ষাৰ্থীয়ে গ্ৰহণ কৰিলে আগন্তুক সময়বোৰ নিশ্চয় মাতৃ ভাষাৰ পোহৰেৰে জিলিকি উঠিব।

মাতৃভাষাৰ বিদ্যালয়ৰ জয় জয়কাৰ...
উদং বিহুক এৰাল দিবৰ হ'ল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in