উদং বিহুক এৰাল দিবৰ হ'ল...

উদং বিহুক এৰাল দিবৰ হ'ল...

author-image
Asomiya Pratidin
New Update
উদং বিহুক এৰাল দিবৰ হ'ল...

বিহুৰ লগত অসমীয়া জাতিৰ সাংস্কৃতিক ঐতিহ্য সংপৃক্ত হৈ আছে। বিহুৰ এই সাংস্কৃতিক ঐতিহ্য অনুভৱ যেন আজি তিমিৰাচ্ছন্ন। বিহুৰ স্বকীয় ঐতিহ্য নিভাজ ৰূপত পোৱাৰ পৰিৱেশ আজি নাইকীয়া হোৱাৰ দিশে গতি কৰাৰ সন্দৰ্ভত অসম চৰকাৰৰ প্ৰাক্তন সাংস্কৃতিক বিষয়া যুগান্ত বায়নৰ এই লেখনি আজিৰ মোৰ মত শিতানত...

Advertisment

সকলোকে বিহু-ব'হাগীৰ ওলগ জনাইছোঁ। অসমীয়া জাতিৰ আয়ুস ৰেখা এই ব'হাগতেই সগৌৰৱে সুৱৰিছোঁ জাতিৰ ভাষা, সাহিত্য, সংস্কৃতি আৰু অস্তিত্ব ৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ-বীৰাংগনাসকলক।

বিহুৰ লগত অসমীয়া জাতিৰ সাংস্কৃতিক ঐতিহ্য সংপৃক্ত হৈ আছে। বিহুৰ এই সাংস্কৃতিক ঐতিহ্য অনুভৱ যেন আজি তিমিৰাচ্ছন্ন। বিহুৰ স্বকীয় ঐতিহ্য নিভাজ ৰূপত পোৱাৰ পৰিৱেশ আজি নাইকীয়া হোৱাৰ দিশে গতি কৰিছে। অসমীয়াৰ প্ৰাণৰ বিহু আজি এৰাল বিহীন গৰুৰ দৰে যেনিয়ে মন যায় তেনিয়ে বাধাহীনভাৱে ধাৱমান হ'ব ধৰিছে। তথাকথিত গোলকীকৰণৰ দোহাই দি বিহুগীত, বিহু নৃত্যক বিকৃত বেশ-ভুষা তথা ভংগীমাৰে ৰাতিটোৰ ভিতৰতে জনপ্ৰিয় হ'ব খোজা একাংশ তথাকথিত শিল্পীয়ে অমাৰ্জনীয় ৰূপত উপস্থাপন কৰি বিশ্বৰ দৰবাৰত বিহুক গৌৰৱ উজ্জ্বলভাৱে প্ৰতিষ্ঠা কৰাৰ সময়তে এনে পাবত-গজা শিল্পী নামধাৰী লোকসকলে অসমীয়া কৃষ্টি-সংস্কৃতিক এক নেতিবাচক দিশত উপস্থাপন কৰি জাতিটোক হাঁহিয়াতৰ পাত্ৰ কৰি তুলিছে। বিহুৰ সাংস্কৃতিক অনুষ্ঠানবোৰত জনপ্ৰিয় শিল্পীৰ গীতৰ তালে-তালে অৰ্ধ-উলংগ হৈ বোকা নৃত্যৰে বিশাল অসমীয়া জাতীয় সত্বাক কবৰ দিবলৈহে যেন আগবাঢ়িছে।

অৱশ্যে সমাজ পৰিৱৰ্তনশীল, গতিশীল। গতিকে সংস্কৃতিও সময়ে সময়ে আওঁবাটে বাট বুলিবই, পৰিৱৰ্তন আহিবই। কিন্তু সাম্প্ৰতিক সময়ত পৰিৱৰ্তনৰ নামত এনে কিছুমান ঘটনা-পৰিঘটনা সংঘটিত হ'ব ধৰিছে যে, এনেহেন ধূসৰ আৰু ধূলিময় পৰিস্থিতিত জাতিটোৰ সাতামপুৰুষীয়া সাংস্কৃতিক ঐতিহ্যক ৰক্ষণাবেক্ষণ বা সংৰক্ষিত কৰি ইয়াক নিভাজ ৰূপত জীয়াই ৰখাটো অতি কষ্টকৰ কাৰ্য্য লৈ ৰূপান্তৰিত হোৱাৰ দিশে আগবাঢ়িছে। কিন্তু এনে পৰিৱৰ্তনৰ ঢৌত আমি উতি ভাঁহি গ'লে অসমীয়াৰ প্ৰাণ কৰ'বাত হেৰাই যাব। ৰঙালী বিহুটিয়ে উতনুৱা ডেকা-গাভৰুৰ জীৱন-যৌৱনলৈও যেন কেৱল ৰঙা ৰং সিঁচিবলৈ আহে এনে নহয়, ঠৰঙা লগা শীতৰ প্ৰকোপত নাঙঠ হৈ পৰা গছ-লতিকা লৈও কঢ়িয়াই আনে আশাৰ বতৰা। কোমলীয়া কুঁহিপাতে গছ-লতাবোৰ জাতিষ্কাৰ কৰি তোলে। গছৰ ডালে ডালে কুলি-কেতেকীৰ মনপ্ৰাণ হৰি নিয়া সুৱদি কণ্ঠই লুইতপুৰীয়া ৰাইজৰ মন উতলা কৰি তোলে। এই ব'হাগতেই ৰাইজে বিচাৰি পায় চতুবৰ্গ সাধনৰ পথ।

কিন্তু বিহুৰ এই ৰঙীন আৰু আৱেগ ভৰা ছবিৰ উন্মাদনা আজিৰ সময়ত পাবলৈ বা চাবলৈ অতি কঠিন। প্ৰকৃতিয়ে চৌদিশ আমোলমুলাই তুলি শোভা বৃদ্ধি কৰিব পৰাকৈ অতীতৰ সেই হাবি-বননি আজি আৰু পাবলৈ নাই। এই বিহুতেই "মানুহ বিহু"ৰ দিনা প্ৰেমিকাই বুকুৰ আপোনজনৰ ডিঙিত নিজ হাতে বোৱা আদৰৰ ফুলাম বিহুৱানখনি তুলি দি মনত অপাৰ আনন্দ পোৱাৰ দিন আজি মহঙা হ'ল। গছ-লতিকাৰ অস্তিত্ব নোহোৱা হোৱাৰ ফলত প্ৰেমিক ডেকাইও সপোনৰ প্ৰেয়সীৰ খোপাত কপৌফুল এপাহ গুজি দিব নোৱাৰা হ'ল। কপৌ ফুলৰ ঠাইত ৰং-বিৰঙৰ কাগজৰ ফুলে নাচনীৰ খোপা এক অকৃত্ৰিমতাৰ ৰঙেৰে ৰঙাই তুলি আত্মসন্তুষ্টি লভিব লগা হ'ল।

অতীতৰ মুকলি পথাৰৰ আহঁতৰ তলৰ বিহু আজি নগৰ-চহৰৰ মঞ্চ লৈ ঢাপলি মেলিলে। পৰিৱৰ্তনৰ ঢৌত বিহুয়ে মঞ্চ ৰূপ পালে যদিও কৰবাত যেন বিহুৰ আচল অৰ্থই বিকৃত ৰূপ ল'লে। মঞ্চ বিহুবোৰৰ মুকলি বিহু, বিহুকুঁৱৰী প্ৰতিযোগিতাসমূহ বৰ্তমান ব্যাপক পৰিসৰত, বৃহৎ আকাৰৰ পুৰস্কাৰ, মাননিৰে অনুষ্ঠিত কৰি থকা হৈছে যদিও এইবোৰত যেন চহা জীৱনৰ গাঁৱলীয়া পথাৰৰ সেই নিৰ্ভেজাল "বিহু"ৰ মাদকতাৰ যেন অভাৱ ঘটিছে। বিহুৰ প্ৰাচীন মাধুৰ্য্য যেন নাইকীয়া হৈ যাবলৈ ধৰিছে। নিজকে বিশ্বজনীন কৰি তোলাৰ মকৰাজালত বন্দী হৈ অতি সম্প্ৰতি গৰিষ্ঠ সংখ্যক অসমীয়া পৰিয়ালৰ সন্তানে ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অধ্যয়ন কৰি বিহুকুঁৱৰী, বিহু প্ৰতিযোগিতাত অংশ লৈ কিমান সঠিক আৰু শুদ্ধ ৰূপত জাতিটোৰ এই বৰ্ণিল সংস্কৃতিক আয়ত্ত কৰিব পাৰিছে সেয়া আজিৰ সময়ত এক লাখটকীয়া প্ৰশ্ন।

"বিশ্বৰ শৰীৰত পঙ্গু অংগ হ’লে,বিশ্বই জানো ভাল পাব। পৃথিৱীত জনমি সচেতন নহ’লে, প্ৰাপ্যও থিতাতে হেৰাব" বুলি তাহানিতেই ব'হাগক অসমীয়া জাতিৰ আয়ুস ৰেখা বুলি মান্যতা প্ৰদান কৰা সুধাকণ্ঠ ড⁰ ভূপেন হাজৰিকাই সকিয়াই দি গৈছে।

দুখ, কষ্ট, বেদনা, গ্লানি আৰু জীৱন ধাৰণৰ ক্লান্তি অৱসাদে য'ত আজিৰ সমাজক নিষ্পেষিত, পদদলিত কৰি আহিছে সেই ক্ষেত্ৰত আমাৰ অতিকৈ আপোন বিহু উৎসৱৰ মুক্ত প্ৰাংগনত সমস্ত গ্লানি, কলুষতা ধুই মচি নিকা কৰি বিপুল জনসত্ত্বাৰ মাজত বিলাই দি সমষ্টিগত সমাজবোধত সুপ্ৰতিস্থিত কৰাই হৈছে। আমাৰ বাপতিসাহোন বিহুৰ প্ৰকৃত উদ্দেশ্য।

আজি অপসংস্কৃতিৰ কৱলত পৰি একাংশই পথাৰৰ উদ্ং বিহুক এৰালবিহীন কৰি তুলিছে। এনে একাংশ লোকৰ এৰালবিহীন বিহুক বান্ধিবলৈ এই বিহুতে আমি প্ৰতিজন অসমীয়াই প্ৰতিজ্ঞা কৰিব লাগিব। সেয়েহে এই বিহু অসমৰ নামঘৰ, থান, সত্ৰ, মঠ-মন্দিৰত ভোৰতাল-দবাৰ চেঁৱে চেঁৱে,তালে তালে মনে প্ৰাণে মিলিত হৈ পুৰণিৰ মাজত নতুনৰ দৃষ্টিভংগীৰে জীৱন যাত্ৰাৰ পথ সুন্দৰ কৰাৰ বাবে পণ লোৱাৰ সময়। আজিৰ এই সময়তেই সমাজখনত দেখা দিয়া এক সন্দেহ, অসুয়া, অপ্ৰীতিৰ পৰিৱেশে যাতে বিহুৰ লগত সংযুক্ত হৈ থকা অসমীয়া জাতিৰ এই আয়ুস ৰেখাডাল ছুটি হৈ নাযায় তাৰবাবেও এই ব'হাগতেই নিশ্চয় আমি পণ ল'ব পাৰোঁ।

Also Read: এজন পণ্ডিতৰ মহাপ্ৰয়াণ...

bihu