বোকাজানত পৌৰসভাৰ বেতন বঞ্চিত কৰ্মচাৰীৰ ১২ ঘন্টীয়া ধৰ্মঘট...

৫ বছৰে দৰমহা পোৱা নাই বোকাজান পৌৰসভাৰ কৰ্মচাৰীয়ে

author-image
Asomiya Pratidin
New Update
বোকাজানত পৌৰসভাৰ বেতন বঞ্চিত কৰ্মচাৰীৰ ১২ ঘন্টীয়া ধৰ্মঘট...

বেতন বঞ্চিত কৰ্মচাৰীৰ ১২ ঘন্টীয়া ধৰ্মঘট

ডিজিটেল সংবাদ,বোকাজানঃ বোকাজান পৌৰসভাৰ কৰ্মচাৰীৰ ১২ ঘন্টীয়া ধৰ্মঘট। জানিব পৰা অনুসৰি সদৌ অসম পৌৰসভাৰ কৰ্মচাৰীৰ চচলত হোৱা প্ৰতিবাদী ধৰ্ণাৰ পিছতে এইবাৰ বোকাজান পৌৰসভাৰ কৰ্মচাৰীৰ ১২ ঘন্টীয়া ধৰ্মঘট কাৰ্যসূচী।

Advertisment

বোকাজান পৌৰসভাৰ কাৰ্যালয়ত তলা লগাই কাৰ্যালয়ৰ সন্মুখতে প্ৰতিবাদত বহিল পৌৰসভাৰ একাংশ কৰ্মচাৰীয়ে। ৮ টা দাবীৰে প্ৰতিবাদী কাৰ্যসূচী বোকাজান পৌৰসভাৰ কৰ্মচাৰীৰ।

উল্লেখ্য যে, ৬২ মাহ ধৰি দৰমহা পোৱা নাই কৰ্মচাৰীসকলে। যাক লৈ তীব্ৰ ক্ষোভ, হতাশাই বেৰি ধৰিছে কৰ্মচাৰীসকলক। আটাইতকৈ দুৰ্ভাগ্যজনক এই যে, অৱসৰপ্ৰাপ্ত আৰু মৃত ব্যক্তিয়ো বাকী আছে তেওঁলোকৰ বকেয়া পাবলৈ। তেওঁলোকৰ দৰমহা অতি শীঘ্ৰে আদায় কৰিবলৈ আহ্বান জনায় প্ৰতিবাদী কৰ্মচাৰীসকলে।

আৰু পঢ়কঃ বিশ্বকাপ ফুটবলঃ আয়োজক কাটাৰৰ সন্মুখত ছেনেগাল...

assam bokajan karbianglang