ঢকুৱাখনাত পৌৰ নিকায় কৰ্মচাৰীৰ সৰ্বাত্মক ধৰ্মঘটত অচল পৌৰ সভা

ঢকুৱাখনাত পৌৰ নিকায় কৰ্মচাৰীৰ সৰ্বাত্মক ধৰ্মঘটত অচল পৌৰ সভা

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত পৌৰ নিকায় কৰ্মচাৰীৰ সৰ্বাত্মক ধৰ্মঘটত অচল পৌৰ সভা

ঢকুৱাখনাত পৌৰ নিকায় কৰ্মচাৰীৰ সৰ্বাত্মক ধৰ্মঘটত অচল পৌৰ সভা

ডিজিটেল সংবাদ ঢকুৱাখনা: সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাই ৰাজ্যখনৰ ১০০ খন পৌৰ সভাৰ ৬ হাজাৰ ৮০০ গৰাকী পৌৰ কৰ্মচাৰীৰ নাৰ্য প্ৰাপ্য আদায়ৰ দাবীত একাদিক্ৰমে ৰাজ্য চৰকাৰ আৰু নগৰ উন্নয়ন মন্ত্ৰীৰ সতে আলোচনাত মিলিত হৈ বিধিগত ভাবে কৌটি কলীয়া প্ৰাপ্য আদায়ৰ দাবী জনাই আহিছে। 

Advertisment

কিন্তু সর্বদা প্ৰতিকূল বতৰকো নেওচি নাগৰিকক প্ৰকৃত নগৰিকৰণৰ সেৱা আগবঢ়াই অহা এইসকল কষ্ট সহিষ্ণু কৰ্মচাৰীৰ নাৰ্য প্ৰাপ্য আদায়ৰ প্ৰতি ভ্ৰূক্ষেপ নাই এনেবোৰ  দায়িত্বশীল পক্ষৰ। পৌৰ কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা, প্ৰতি মাহৰ শেষত পৌৰ কৰ্মচাৰীসকলৰ দৰমহা নিয়মীয়াকৈ আদায় দিয়াৰ ব্যৱস্থা কৰা, অনাদায় বকেয়া বেতন শীঘ্ৰে আদায়ৰ ব্যৱস্থা কৰা আদি মুঠ ৮টা দাবী চৰকাৰক দৃষ্টিগোচৰ কৰি তাৎক্ষণিক সমাধানৰ আহ্বান জনাই আহিছে। 

সমান্তৰাল ভাৱে ঢকুৱাখনা পৌৰ সভাৰ পৌৰকৰ্মীসকলেও জীয়া যন্ত্ৰণা ভোগ কৰি আহিছে সুদীর্ঘ দিন ধৰি। প্ৰধানতঃ যোৱা ২০২১ চনৰ নৱেম্বৰ মাহৰ পৰা এইসকল পৌৰ কৰ্মচাৰীয়ে প্ৰায় ১৪ টা মাহৰ মাহিলি বেতনৰ পৰা বঞ্চিত হৈ সীমাহীন অভাৱ দুৰ্দশা ভোগী আহিছে ।

এনেবোৰ প্ৰাপ্য আদায়ৰ দাবীত পৌৰ কৰ্মচাৰীসকলে ইতিমধ্যে ৩টা  পৰ্য্যায়ৰ গণতান্ত্ৰিক প্ৰতিবাদ সাৱ্যস্ত কৰাৰ পাছত সোমবাৰে চতুৰ্থ পৰ্য্যায়ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৰাজ্যখনৰ লগতে ঢকুৱাখনা পৌৰ কৰ্মচাৰীসকলে । সোমবাৰে পুৱাই পৌৰ কৰ্মচাৰী সকলে পৌৰ সভাৰ কাৰ্য্যালয়ৰ মুখ্যদ্বাৰৰ সন্মুখত সৰ্বাত্মক ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি কাৰ্য্যালয়ৰ প্ৰৱেশ দ্বাৰ বন্ধ কৰি প্ৰশাসনিক কাম কাজত ব্যাপক অচলাবস্থাৰ সৃষ্টি কৰে ।

ঢকুৱাখনা পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ সভাপতি দ্বীপেন বৰগোঁহাই ,সম্পাদক হৰেন বৰুৱাৰ নেতৃত্বত সমূহ কৰ্মচাৰীয়ে এই ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰি অহা ২১ ডিচেম্বৰ পৰ্যন্ত এই সৰ্বাত্মক ধৰ্মঘটেৰে প্ৰতিবাদ সাব্যস্ত কৰি যাব বুলি জানিবলৈ দিলে।

ক্লিক কৰি পঢ়কঃ মেছিৰ জন্ম অসমত হৈছিল বাবে গৌৰৱান্বিত: সাংসদ আব্দুল খালেকৰ মন্তব্য

ঢকুৱাখনা