মেছিৰ জন্ম অসমত হৈছিল বাবে গৌৰৱান্বিত: সাংসদ আব্দুল খালেকৰ মন্তব্য

বৰ্তমান সময়ত সৰ্বত্ৰে চৰ্চাৰ বিষয় হৈ আছে ফিফা বিশ্বকাপ ২০২২। দেওবাৰে অনুষ্ঠিত হোৱা ফাইনেলত ফ্ৰান্সৰ বিৰুদ্ধে খেলি বিশ্বকাপৰ খিতাপ দখল কৰিবলৈ সক্ষম হয় আৰ্জেন্টিনাই।

author-image
Asomiya Pratidin
New Update
মেছিৰ জন্ম অসমত হৈছিল বাবে গৌৰৱান্বিত: সাংসদ আব্দুল খালেকৰ মন্তব্য

ডিজিটেল ডেস্ক: বৰ্তমান সময়ত সৰ্বত্ৰে চৰ্চাৰ বিষয় হৈ আছে ফিফা বিশ্বকাপ ২০২২। দেওবাৰে অনুষ্ঠিত হোৱা ফাইনেলত ফ্ৰান্সৰ বিৰুদ্ধে খেলি বিশ্বকাপৰ খিতাপ দখল কৰিবলৈ সক্ষম হয় আৰ্জেন্টিনাই।

Advertisment

ইয়াৰ মাজতে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে এক বিশেষ পোষ্ট। এই পোষ্ট কৰিছে কংগ্ৰেছৰ সাংসদ আব্দুল খালেকে।

বৰপেটা লোকসভা সমষ্টিৰ সাংসদ গৰাকীয়ে মেছিয়ে বিশ্বকাপৰ ট্ৰফী লৈ থকা এটা ফটো শ্বেয়াৰ কৰি লিখিছে যে- বহুত অভিনন্দন। আপোনাৰ অসমৰ লগত যি সম্পৰ্ক আছে তাক লৈ আমি গৌৰৱান্বিত।

এই পোষ্টটোত আন এজন যুৱকে প্ৰশ্ন কৰিছে যে - অসমৰ লগত সম্পৰ্ক? এই কথাৰ উত্তৰ দি খালেকে লিখিছে যে- হয়, তেওঁ অসমত জন্ম গ্ৰহণ কৰিছিল।

উল্লেখ্য যে, কিছুদিন পূৰ্বে ছ'চিয়েল মিডিয়াত মেছিক লৈ হাস্যৰসৰ বাবে এক পোষ্ট শ্বেয়াৰ হৈছিল। য'ত পোষ্ট কৰোতাই লিখিছিল যে মেছিৰ জন্ম অসমত হৈছিল। এই পোষ্টতোকে সঁচা বুলি এনেদৰে টুইট কৰিলে সাংসদ গৰাকীয়ে। অৱশ্যে পোষ্টটো পাছত টুইটাৰৰ পৰা আঁতৰাই দিয়ে সাংসদ গৰাকীয়ে। কিন্তু সাংসদ এগৰাকীৰ এনে কাণ্ড সঁচাকৈয়ে লজ্জাজনক।

আৰু পঢ়ক: বাইক ষ্টান্ট কৰি আৰক্ষীৰ জালত ৫ যুৱক...

abdul khaleque FIFA assam congress