ঘৰৰ মাটিত শোচনীয় পৰাজয় অসমৰ

এক ইনিংছত আৰু ১২৮ ৰানৰ ব্যৱধানত মুম্বাইৰ হাতত শোচনীয়ভাৱে পৰাজয় স্বীকাৰ
ঘৰৰ মাটিত শোচনীয় পৰাজয় অসমৰ

ডিজিটেল ডেস্কঃ ঘৰৰ মাটিত শোচনীয় পৰাজয় অসমৰ। গুৱাহাটীৰ আমিনগাঁৱত অনুষ্ঠিত ৰঞ্জী ট্ৰফীৰ এখন গুৰুত্বপূৰ্ণ মেচত মুম্বাইৰ হাতত পৰাস্ত হয় অসম। মুম্বাইৰ ৰানৰ পাহাৰ দেখি থমকি ৰ'ল অসম। মেচখনত আলহী দল মুম্বাইয়ে পোনতে বেটি ধৰি ৬৮৭ ৰান সংগ্ৰহ কৰি ৰানৰ পাহাৰ গঢ়ি তোলে।

এই ৰানৰ মূলতে পৃথ্বি শ্ব'ৰ ত্ৰি-শতক আৰু অধিনায়ক অজিংক্যা ৰাহানেৰ দুৰ্দান্ত শতক। মেচখনত অসমে প্ৰথম আৰু দ্বিতীয় ইনিংছত ক্ৰমে ৩৭০ আৰু ১৮৯ ৰান সংগ্ৰহ কৰি এক ইনিংছত আৰু ১২৮ ৰানৰ ব্যৱধানত মুম্বাইৰ হাতত শোচনীয়ভাৱে পৰাজয় স্বীকাৰ কৰে।

দ্বিতীয় ইনিংছত অসমৰ অধিনায়ক গকুল শৰ্মাৰ বাহিৰে কোনো এগৰাকী বেটাৰে যুঁজ দিব নোৱাৰিলে। অধিনায়ক গকুল শৰ্মাই ৮২ ৰানৰ বৰঙণি যোগায়। তাৰ বাহিৰে বাকীসকল বেটছমেন সম্পূৰ্ণ ব্যৰ্থ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in