বয়সৰ ওচৰত হাৰ নমনা এগৰাকী কৃষক, ব্যস্ত ভোগালীৰ গুৰ প্ৰস্তুতত

এগৰাকী কৃষক ব্যস্ত ভোগালীৰ গুৰ প্ৰস্তুতত
এগৰাকী কৃষক ব্যস্ত ভোগালীৰ গুৰ প্ৰস্তুতত

ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনা মহকুমাৰ এগৰাকী কৰ্মশক্তি সম্পন্ন বৰ্ষীয়ান চহা কৃষক । নাম ভোলা বৰুৱা ।  দাৰিদ্ৰতা, বাৰ্ধক্য কিম্বা বয়সৰ ওচৰত কোনো কালে হাৰ নমনা এই গৰাকী কৰ্মোদ্যমী কৃষকে বিগত যুগ যুগ ধৰি অসমীয়া জাতীয় কৃষ্টি বাপতি সাহোন বিহুৰ প্ৰাক ক্ষণত  জৈৱিক পদ্ধতিৰে স্বউৎপাদিত সুস্বাদু গুৰ উৎপাদন আৰু বিপননৰে শত সহস্ৰজনৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে ।

ঢকুৱাখনা হাৰ্হি চাপৰি গাঁৱৰ আদৰ্শৱান খেতিয়ক গৰাকীয়ে  কৈশোৰৰ পৰাই পত্নী লীলা মাই বৰুৱাৰ সহযোগিতাত নিজৰ প্ৰায় ১২ বিঘা মাটিত জৈৱিক পদ্ধতিৰে  থলুৱা উন্নত প্ৰজাতিৰ কুঁহিয়াৰ ৰুই ,আল পৈচান ধৰি ,পৈণত কুঁহিয়াৰ কাটি পৰৱৰ্তী সময়ত নিজ হাতে গুৰ প্ৰস্তুত কৰি  স্বাৱলম্বিতাৰ এক সেন্দুৰীয়া পথেৰে আগুৱাই গৈছে।

পৈতৃক পৰম্পৰা অব্যাহত ৰাখি এইবাৰৰ ভোগালী বিহুৰ প্ৰাকক্ষণতো কষ্টসহিষ্ণু খেতিয়ক বৰুৱাই দিনে নিশাই পৰিশ্ৰম কৰি ৪০০ কেজিৰো অধিক পৰিমাণৰ গুৰ উৎপাদন আৰু বিক্ৰী কৰি আদৰ্শ দাঙি ধৰিছে । পত্নী-পুত্ৰৰ লগতে বোৱাৰীৰো পূৰ্ণ সহযোগিতাৰে কৃষি কৰ্মৰ মাজতেই আত্মনিৰ্ভৰ জীৱনৰ স্বচ্ছন্দ মাধুৰী বিচাৰি পোৱা চহা কৃষক ভোলা বৰুৱাৰ এনে কৰ্ম সংস্কৃতিৰ  ঈর্ষণীয় দৃষ্টান্ত যথাৰ্থতেই শলাগৰ যোগ্য আৰু অনুকৰণীয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in