মুখ্য প্ৰশিক্ষক দ্ৰাবিড়সহ একাধিক খেলুৱৈক বিশ্ৰাম ! পৰৱৰ্তী প্ৰশিক্ষকৰ দৌৰত ভি ভি এছ লক্ষ্মণ...

দলত স্থান লাভ কৰিব ভালেমান উদীয়মান-প্ৰতিভাৱান খেলুৱৈয়ে

author-image
Asomiya Pratidin
New Update
মুখ্য প্ৰশিক্ষক দ্ৰাবিড়সহ একাধিক খেলুৱৈক বিশ্ৰাম ! পৰৱৰ্তী প্ৰশিক্ষকৰ দৌৰত ভি ভি এছ লক্ষ্মণ...

প্ৰশিক্ষকৰ দৌৰত ভি ভি এছ লক্ষ্মণ

ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়া অনুষ্ঠিত টি-২০ বিশ্বকাপৰ দ্বিতীয়খন ছেমি ফাইনেলত বৃহস্পতি বাৰে ইংলেণ্ডৰ হাতত পৰাজিত হৈছিল ভাৰতীয় ক্ৰিকেট দল। বেটিং,বলিং,ফিল্ডিং সকলো দিশতে দিশহাৰা হৈ নতশিৰে পৰাজয় স্বীকাৰ কৰিছিল ৰোহিত বাহিনীয়ে। বিশ্বকাপৰ পৰা বাহিৰ হোৱাৰ ২৪ ঘণ্টা নৌহোতেই বি চি চি আইৰ শীৰ্ষ বিষয়াৰ গুৰুত্বপূৰ্ণ আলোচনা।

Advertisment

জানিব পৰা মতে, ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক তথা প্ৰাক্তন ভাৰতীয় অধিনায়ক ৰাহুল দ্ৰাবিড়কে ধৰি দলৰ একাধিক খেলুৱৈক দলৰ পৰা বিশ্ৰাম দিয়াৰ যো-জা চলাইছে বি চি চি আয়ে। আগন্তুক নিউজিলেণ্ডৰ বিপক্ষে হ'বলগীয়া দ্বিপাক্ষিক শৃংখলাৰ বাবে ভাৰতীয় জাতীয় দলৰ মুখ্য প্ৰশিক্ষক হিচাপে বিভিন্ন মাধ্যমত প্ৰাক্তন ক্ৰিকেটাৰ তথা ৰাষ্ট্ৰীয় ক্ৰিকেট একাদেমীৰ সঞ্চালক ভি ভি এছ লক্ষ্মণৰ নাম চৰ্চিত হৈছে।

আনহাতে বিশ্বকাপমুখী দলটোৰ একাধিক খেলুৱৈ বাদ পৰিব পাৰে পৰৱৰ্তী শৃংখলাত। যাৰ পৰিপ্ৰেক্ষিতত দলত স্থান লাভ কৰিব ভালেমান উদীয়মান-প্ৰতিভাৱান খেলুৱৈয়ে।

আৰু পঢ়কঃ মৰাণত এখোজ আগলৈ "জ্যোতিষ্মান“

cricket india bcci