মৰাণত এখোজ আগলৈ "জ্যোতিষ্মান“

মৰাণত এখোজ আগলৈ "জ্যোতিষ্মান“
মৰাণত এখোজ আগলৈ "জ্যোতিষ্মান“

ডিজিটেল সংবাদ মৰাণঃ সমাজ সেৱা আৰু সাহিত্য চৰ্চাক এক সূস্থ পৰিৱেশত আগবঢ়াই নিবলৈ সক্ষম হোৱা "জ্যোতিষ্মান, এখোজ আগলৈ" শীৰ্ষক সংস্থাৰ প্ৰথমখন বাৰ্ষিক অধিবেশন মৰাণত আয়োজনৰ যো-জা কৰা হৈছে।অহা ১৩ নৱেম্বৰত মৰাণৰ টাই শিক্ষা আৰু গৱেষণা কেন্দ্ৰত এই বাৰ্ষিক অধিবেশন অনুষ্ঠিত হ'ব।

সংস্থাৰ কেন্দ্ৰীয় কমিটীৰ সভানেত্ৰী মণিজ্যোতি বৰগোহাঞি আৰু সাধাৰণ সম্পাদিকা ৰুমী দত্তই এই কথা জনাইছে৷ এই বাৰ্ষিক অধিবেশনত "জ্যোতিষ্মান, এখোজআগলৈ" গোটৰ মূল লক্ষ্য আৰু উদ্দেশ্যৰ লগত সংগতি ৰাখি সাহিত্য-সংস্কৃতিমূলক বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।

উল্লেখনীয় যে, ফেচবুক আদি সামাজিক মাধ্যমত যেতিয়া গদ্য-কবিতা আদিৰ চৰ্চা লেকামবিহীন হৈ পৰিছে, এইবোৰৰ গুণগত মানদণ্ড তথা দায়বদ্ধতাক লৈ প্ৰশ্ন উত্থাপিত হৈছে, সেইখিনি সময়তে এচাম প্ৰগতিশীল তথা সমাজৰ প্ৰতিদায়বদ্ধ লেখক-লেখিকাৰ উদ্যোগত সামাজিক মাধ্যমত সাহিত্য-সংস্কৃতিৰ চৰ্চাক সূস্থ ৰূপত প্ৰতিফলিত কৰাৰ লক্ষ্যৰে ২০২১ চনৰ ৬ ছেপ্টেম্বৰত "জ্যোতিষ্মান, এখোজ আগলৈ" গোটটো আৰম্ভ হয়। পৰিৱৰ্তিত সময়ৰ সৈতে খাপখোৱাকৈ অসমীয়া ভাষা-সাহিত্যৰ চৰ্চাত নতুনত্ব অনাৰ লগতে বিভিন্ন ধৰণৰ পৰীক্ষামূলক প্ৰয়াসো গোটটোৰ মজিয়াত পৰিলক্ষিত হৈ আহিছে।

সাহিত্য চৰ্চাৰ সমান্তৰালকৈ বিভিন্নজন-হিতৈষী কাৰ্যৰে সমাজত অনুপ্ৰেৰণামূলক পৰিৱেশ সৃষ্টিৰ লক্ষ্য সন্মুখত ৰাখি আৰম্ভ হোৱা "জ্যোতিষ্মান, এখোজআগলৈ" নামৰ গোটটো অতি কম সময়ৰ ভিতৰতে সাহিত্য অনুৰাগীৰ মাজত জনপ্ৰিয়ও হৈ পৰে।

অসমৰ ভিন্ন প্ৰান্তৰ চাৰি সহস্ৰাধিক অনুগামী থকা এই গোটটো বৰ্তমানে অকল সামাজিক মাধ্যমৰ ভাৰ্চুৱেল পৃথিৱীখনতে আৱদ্ধ হৈ থাকিব বিচৰা নাই।পাৰ্থিৱ ভাবেও যাতে সাহিত্য চৰ্চা আৰু সমাজসেৱাক সুদুৰপ্ৰসাৰী তথা সৰ্ব্বজন সমাদৃত কৰিব পৰা যায় তাৰ বাবে বিভিন্ন পৰিকল্পনা গোটটোৰ কৰ্মকৰ্তাসকলে হাতত লৈছে।

তাৰেই এক অংশ হিচাপে মৰাণত অনুষ্ঠিত কৰিবলৈ লোৱা গোটটোৰ প্ৰথমখন বাৰ্ষিক অধিৱেশন সাফল্যমণ্ডিত কৰাৰ বাবে স্থানীয় ৰাইজ তথা সংবাদ মাধ্যমৰ সহযোগিতা কামনা কৰিছে "জ্যোতিষ্মান, এখোজআগলৈ" ৰ কৰ্মকৰ্তাসকলৰ হৈ কেন্দ্ৰীয় কমিটীৰ সভানেত্ৰী মণিজ্যোতি বৰগোহাঞি আৰু সাধাৰণ সম্পাদিকা ৰুমী দত্তই।                                 

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in