নীতিশ কুমাৰৰ অনুপস্থিতিত মুকেশ সাহনীৰ ফেচবুক লাইভঃ বিহাৰৰ ৰাজনীতিত হৈ-চৈ

সৰ্বত্ৰে চৰ্চিত বিহাৰ বিধানসভাৰ নিৰ্বাচন সন্দৰ্ভত প্ৰাক্তন মন্ত্ৰী মুকেশ সাহনীয়ে কৰা মন্তব্য

author-image
Asomiya Pratidin
New Update
নীতিশ কুমাৰৰ অনুপস্থিতিত মুকেশ সাহনীৰ ফেচবুক লাইভঃ বিহাৰৰ ৰাজনীতিত হৈ-চৈ

ডিজিটেল ডেস্কঃ তীব্ৰতৰ হৈ পৰিছে বিহাৰৰ ৰাজনীতি। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে শপতগ্ৰহণ অনুষ্ঠানত অংশ লোৱা উদ্দেশ্যে দিল্লীলৈ যোৱা পাছতে ৰাজ্যবাসীক উদ্দেশ্যি কিছু ৰাজনৈতিক মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰী মুকেশ সাহনিয়ে। বিকাশশীল ইনছান পাৰ্টি (ভিআইপি)ৰ প্ৰতিষ্ঠাপক তথা বিহাৰৰ প্ৰাক্তন মন্ত্ৰী মুকেশ সাহনীয়ে শনিবাৰে ফেচবুক লাইভৰ জৰিয়তে নিৰ্বাচনত সহায় আগবঢ়োৱা কৰ্মী আৰু ভোটাৰক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে ইণ্ডিয়া মৰ্চাই আশা কৰা ধৰণে ফল লাভ কৰা নাই যদিও এই নিৰ্বাচনত আমাৰ আসন বৃদ্ধি পাইছে। ভোটৰ শতকৰা হাৰ পূৰ্বৰ তুলনাত বৃদ্ধি হৈছে।

Advertisment

মুকেশ সাহানীয়ে কৰ্মীসকলক উৎসাহিত কৰে লগতে হতাশ হোৱাৰ কোনো প্ৰয়োজন নাই বুলিও মন্তব্য কৰে। তেওঁ কয়যে, আমি সংগ্ৰাম কৰি যাম, আমি নিশ্চিতভাৱে সফলতা লাভ কৰিম। মুকেশ সাহনীয়ে নিজৰ কৰ্মীসকলক বিধানসভা নিৰ্বাচনৰ বাবে সাজু হ’বলৈ আহ্বান জনায়। অহা বছৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব, কিন্তু নীতিশ কুমাৰে এই বছৰতে নিৰ্বাচন অনুষ্ঠিত কৰাৰ চেষ্টা কৰিব। গতিকে পঞ্চায়ত আৰু বুথ পৰ্যন্ত দলটোক শক্তিশালী কৰিব লাগিব বুলিও তেওঁ মন্তব্য কৰে।

নিৰ্বাচনৰ প্ৰসংগৰ লগত সংগতি ৰাখি তেওঁ লগতে কয় যে, পূৰ্বৰ নিৰ্বাচনত প্ৰায় ৪.০৮ কোটি ভোটদান হৈছিল। ইয়াৰে এন ডি এ য়ে ৫৩ শতাংশ আৰু ইউ পি এ য়ে ৩২ শতাংশ অৰ্থাৎ ১.২৯ কোটি ভোট লাভ কৰিছিল।

২০২৪ চনৰ নিৰ্বাচনত মুঠ ৪.৩৪ কোটি ভোটদান হয়। ইয়াৰে এন ডি এ য়ে ২.০৫ কোটি আৰু ইণ্ডিয়া মৰ্চাই ১.৭০ কোটি ভোট লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পৰা স্পষ্ট হয় যে আমাৰ মিত্ৰজোঁটৰ ভোট ব্যাপক হাৰত বৃদ্ধি হৈছে।

Also Read: অভিনয়ৰ বাবে মন্ত্ৰিত্ব ত্যাগ কৰিব সুৰেশ গোপীয়ে!

mukesh sahani nitish kumar