কেৱল VIP আহিলেহে চলে কাজিৰঙাত চাফাই অভিযান, অসন্তুষ্ট বিধায়ক

: কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰৰ আন্ত:গাঠণিত অসন্তুষ্ট বিধায়ক মৃনাল শইকীয়া ৷
কেৱল VIP আহিলেহে চলে কাজিৰঙাত চাফাই অভিযান, অসন্তুষ্ট বিধায়ক

ডিজিটেল সংবাদ, কাজিৰঙা: কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰৰ আন্ত:গাঠণিত অসন্তুষ্ট বিধায়ক মৃনাল শইকীয়া ৷কাজিৰঙাৰ পৰ্যটনৰ কেন্দ্ৰ স্বৰূপ কহঁৰা চাৰিআলিৰ কদৰ্যময় পৰিবেশে পৰ্যটন ক্ষেত্ৰখনৰ পাৰিপাৰ্শ্বিকতাত নেতিবাচক প্ৰভাৱ পেলাইছে বুলি মন্তব্য কৰিছে বিধায়ক গৰাকীয়ে ৷

বিধায়ক গৰাকীয়ে কয় যে কহঁৰা চাৰি আলিত পদাৰ্পণ কৰাৰ পাছতেই ঠাইখিনিৰ বিশৃংখল অৱস্থা দেখি কাজিৰঙালৈ অহা পৰ্যটকৰ মনৰ উৎসাহ ম্লান পৰি যায় ৷ পৰ্যটন বিভাগ স্বচ্ছতাৰ ক্ষেত্ৰত সম্পুৰ্ণ বিফল হৈছে। তদুপৰি কাজিৰঙাৰ চৌপাশ কেৱল VIP আহিলেহে পৰিস্কাৰ কৰে বুলি কয় বিধায়ক গৰাকীয়ে।

আৰু পঢ়ক: বন্ধুয়ে মাতিলে কাল, পাৰ্টীলৈ মাতি নি কৰিলে অপহৰণ, ৫ জন গ্ৰেপ্তাৰ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in