বন্ধুয়ে মাতিলে কাল, পাৰ্টীলৈ মাতি নি কৰিলে অপহৰণ, ৫ জন গ্ৰেপ্তাৰ

গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক ভয়ংকৰ অপহৰণ কাণ্ড। বন্ধুয়ে কাল মাতি আনিছিল এজন যুৱকৰ বাবে।
বন্ধুয়ে মাতিলে কাল, পাৰ্টীলৈ মাতি নি কৰিলে অপহৰণ, ৫ জন গ্ৰেপ্তাৰ

ডিজিটেল ডেস্ক: গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক ভয়ংকৰ অপহৰণ কাণ্ড। বন্ধুয়ে কাল মাতি আনিছিল এজন যুৱকৰ বাবে।এই সন্দৰ্ভত মঙলবাৰে আৰক্ষী আয়ুক্তই সংবাদমেল সম্বোধন কৰি সৱিশেষ জনায়।

আৰক্ষীয়ে জনোৱা অনুসৰি ১ ফেব্ৰুৱাৰী নিৰুদ্দেশ হৈছিল অংকুৰ চুৰানা নামৰ লোকজন। ২ ফেব্ৰুৱাৰীত পৰিয়ালৰ লোকে দাখিল কৰিছিল এজাহাৰ। তাৰ পাছতেই পোহৰলৈ আহে সমগ্ৰ ঘটনা।

উল্লেখ্য যে, ১ফেব্রুৱাৰীত সন্ধিয়া এজন বন্ধুৱে পাৰ্টীৰ বাবে মাতি নিছিল অংকুৰক। তাৰ পাছতেই বন্ধুয়ে অপহৰণ কৰি সোণাপুৰৰ এখন ৰিজৰ্টত অংকুৰক আৱদ্ধ কৰি ৰাখিছিল অংকুৰক।


অপহৰণকাৰীয়ে হাই টেকন’লজিৰ জৰিয়েত ধন দাবী কৰিছিল। মুম্বাইত থকা অংকুৰৰ বায়েকক ২০ লাখ টকা দাবী কৰিছিল অপহৰণকাৰীয়ে। ইয়াৰ পাছতেই আৰক্ষীয়ে তদন্তত চলাই অংকুৰক উদ্ধাৰ কৰাৰ লগতে অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

বৰ্তমানলৈ ঘটনাৰ লগত জড়িত ৫ জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে লগতে পলাতক আন কেইজনকো অতি শীঘ্ৰেই আটক কৰা হয় বুলি জনায়। গ্ৰেপ্তাৰ কৰা অভিযুক্ত সকল ক্ৰমে- ৰূপম দাস, ৰাজেন কৈমাল,অজহৰ চৌধুৰী,হৰেণ দাস আৰু গৌতম দাস।

আৰক্ষীয়ে জনাই যে বন্ধু আৰু পাৰ্টীয়েই বিপদ মাতিছিল অংকুৰ চুৰানাৰ বাবে। সেয়ে বন্ধু মহল গঠন কৰোতে, পাৰ্টী কৰিবলৈ যাওতে সাৱধান হ'বলৈ আহ্বান ।

আৰু পঢ়ক: তেজপুৰ, যোৰহাট, ডিব্ৰুগড়ৰ পৰা সদায়েই বিমানেৰে আহিব পাৰিব গুৱাহাটী...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in